ETV Bharat / bharat

উখল-মাখল কুনো ৰাষ্ট্ৰীয় উদ্যান, গামিনীয়ে জন্ম দিলে ৫ টা পোৱালি - Cheetah cubs at Kuno

Cheetah cubs at Kuno: কুনো ৰাষ্ট্ৰীয় উদ্যানত দক্ষিণ আফ্ৰিকাৰ পৰা অনা ৫ বছৰীয়া চিতাই ৫ টা পোৱালি জন্ম দিছে । ভাৰতত জন্ম হোৱা চিতা পোৱালীৰ সংখ্যা ১৩ টালৈ বৃদ্ধি পাইছে । ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়া-কৰ্মচাৰীসকলক প্ৰশংসা কেন্দ্ৰীয় বন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ ।

Cheetah cubs at Kuno
কুনো ৰাষ্ট্ৰীয় উদ্যানত গামিনীয়ে জন্ম দিলে ৫ টা পোৱালি
author img

By ANI

Published : Mar 11, 2024, 10:54 AM IST

নেশ্যনেল ডেস্ক, ১১ মাৰ্চ : মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যোনলৈ আহিল নতুন আলহী । দক্ষিণ আফ্ৰিকাৰ পৰা অনা এটি চিতাই জন্ম দিলে ৫ টাকৈ পোৱালি । যাক লৈ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । দেওবাৰে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰি কয় যে গামিনী নামৰ চিতাটোৱে ৫ টা পোৱালি জন্ম দিছে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ভাৰতত জন্ম পোৱা চিতা পোৱালীৰ সংখ্যা ১৩ টালৈ বৃদ্ধি পাইছে ।

এক্সৰ এটা পোষ্টত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে দক্ষিণ আফ্ৰিকাৰ টছৱালু কালাহাৰী ৰিজাৰ্ভৰ পৰা অনা প্ৰায় ৫ বছৰীয়া মাইকী চিতা গামিনীয়ে ৫ টা পোৱালি জন্ম দিছে । এয়া ভাৰতৰ ভূমিত চতুৰ্থটো চিতাৰ প্ৰসৱ আৱৰ্জনা আৰু দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতাৰ প্ৰথম প্ৰসৱ । চিতাকেইটাৰ বাবে চাপমুক্ত পৰিৱেশ গঢ়ি তোলাৰ বাবে মন্ত্ৰীগৰাকীয়ে কুনো ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়া আৰু কৰ্মচাৰীসকলক প্ৰশংসা কৰে । লগতে তেওঁ ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়া, চিকিৎসক আৰু কৰ্মচাৰীৰ দলক অভিনন্দন জ্ঞাপন কৰে ।

তেওঁ উল্লেখ কৰা মতে কুনো ৰাষ্ট্ৰীয় উদ্যানত পোৱালীসহ মুঠ চিতাৰ সংখ্যা ২৬ লৈ বৃদ্ধি হৈছে । এই বছৰৰ জানুৱাৰীত নামিবিয়াৰ পৰা অনা চিতা জ্বালায়ে কুনো ৰাষ্ট্ৰীয় উদ্যানত ৪ টা পোৱালি জন্ম দিছিল । উল্লেখ্য যে চিতা ১৯৫২ চনত ভাৰতত বিলুপ্ত বুলি ঘোষণা কৰা হৈছিল । ২০২২ চনত বিশেষ আঁচনিৰ জৰিয়তে এই চিতা পুনৰ ভাৰতলৈ অনা হয় ।

২০২২ চনত নামিবিয়াৰ পৰা ৮ টা চিতা অনা হৈছিল । পৰৱৰ্তী সময়ত, দক্ষিণ আফ্ৰিকাৰ পৰা ১২ টা চিতাও অনা হৈছিল । ২০২৩ চনৰ ফেব্ৰুৱাৰীত কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাকেইটা মুকলি কৰা হৈছিল । নামিবিয়াৰ পৰা অনা এটা চিতাৰ এই বছৰৰ জানুৱাৰীত কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হৈছিল । এতিয়ালৈকে ২০২৩ চনৰ মাৰ্চৰ পৰা ৭ টা প্ৰাপ্তবয়স্ক চিতা আৰু ৩ টা পোৱালীৰ মৃত্যু হৈছে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীয়ে মুকলি কৰা চাব্ৰুম স্থল বন্দৰ দেশৰ বাবে কিমান গুৰুত্বপূৰ্ণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.