ETV Bharat / bharat

ভাৰত চৰকাৰৰ আদেশৰ পিচতে কিছুমান একাউণ্ট আৰু পোষ্ট ব্লক এক্সৰ - Indian govt executive orders

X account block: ভাৰত চৰকাৰে এক্সৰ কিছুমান একাউণ্ট আৰু পোষ্ট ব্লক কৰাৰ বাবে আদেশ জাৰী কৰিছে । তাৰ ভিত্তিত এক্সয়ে সেই একাউণ্ট আৰু পোষ্টবোৰ ব্লক কৰিছে । অৱশ্যে ভাৰত চৰকাৰৰ এই আদেশক লৈ অসন্তুষ্ট এলন মাস্কৰ প্ৰতিষ্ঠান এক্স ।

X account block
ভাৰত চৰকাৰৰ আদেশৰ পিচতে কিছুমান একাউণ্ট আৰু পোষ্ট ব্লক এক্সৰ
author img

By ANI

Published : Feb 22, 2024, 1:04 PM IST

নেশ্যনেল ডেস্ক,২২ ফেব্ৰুৱাৰী : ভাৰত চৰকাৰে জাৰী কৰা কাৰ্যবাহী আদেশৰ পিচতে এলন মাস্কৰ মালিকাধীন জনপ্ৰয়ি সামাজিক মাধ্যম প্লেটফৰ্মে এক্সয়ে কিছুমান একাউণ্ট আৰু পোষ্ট ব্লক কৰিছে । অৱশ্যে ভাৰত চৰকাৰৰ এই আদেশক লৈ অসন্মতি প্ৰকাশ কৰিছে । এক্সয়ে এক বিবৃতিত কৈছে যে ভাৰত চৰকাৰে কাৰ্যবাহী আদেশ জাৰি কৰিছে য'ত প্ৰতিষ্ঠানটোৱে নিৰ্দিষ্ট একাউণ্ট আৰু পোষ্টৰ ওপৰত গুৰুত্বপূৰ্ণ জৰিমনা আৰু কাৰাবাসকে ধৰি সাম্ভাব্য জৰিমনা সাপেক্ষে পদক্ষেপ ল'ব লাগিব ।

প্ৰতিষ্ঠানটোৰ মতে চৰকাৰৰ নিৰ্দেশনা পালন কৰি কেৱল ভাৰতত এই একাউণ্ট আৰু পোষ্টবোৰ ব্লক কৰা হ'ব; অৱশ্যে, প্ৰতিষ্ঠানটো চৰকাৰৰ এই সিদ্ধান্তৰ সৈতে একমত নহয় আৰু বাক স্বাধীনতাৰ অধিকাৰ থকা উচিত বুলি উল্লেখ কৰিছে ।

এক্সয়ে উল্লেখ কৰিছে যে ভাৰত চৰকাৰৰ আদেশক প্ৰত্যাহ্বান জনোৱা ৰিট আবেদন স্থগিত হৈ আছে আৰু তেওঁলোকে প্ৰভাৱিত ব্যৱহাৰকাৰীসকলক ইয়াৰ নীতি অনুসৰি এই ব্যৱহাৰকাৰীসকললৈ জাননী প্ৰদান কৰা হৈছে । আইনী নিষেধাজ্ঞাক বাবে এক্সয়ে কাৰ্যবাহী আদেশবোৰ প্ৰকাশ কৰিবলৈ অক্ষম । কিন্তু প্ৰতিষ্ঠানটোৱে বিশ্বাস কৰে যে সেইবোৰ ৰাজহুৱা কৰাটো স্বচ্ছতাৰ বাবে অত্যাৱশ্যকীয় ।

উল্লেখ্য যে ভাৰত চৰকাৰে বিতৰ্কিত একাউণ্ট বা সামাজিক মাধ্যমৰ একাউণ্ট বন্ধ কৰাৰ নিৰ্দেশ দিছে যিবোৰে সামাজিক সম্প্ৰীতি বিঘ্নিত কৰাৰ আশংকৰা কৰিছে । ইয়াৰ পূৰ্বেও ভাৰত চৰকাৰৰ তৰফৰ পৰা এই ধৰণৰ আদেশ এক্সয়ে লাভ কৰিছিল । যাৰ আধাৰত প্ৰতিষ্ঠানটোৱে বিভিন্ন একাউণ্ট বন্ধ বা ডিলিটো কৰিছে ।

অক্টোবৰত চোৰাংচোৱা সংস্থাৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ইউটিউবক ১০ টা ইউটিউব চেনেলৰ পৰা ৪৫ টা ইউটিউব ভিডিঅ' ডিলিট কৰিবলৈ নিৰ্দেশ দিছিল । তথ্য প্ৰযুক্তিৰ ব্যৱস্থাৰ অধীনত ২৩ অক্টোবৰত সংশ্লিষ্ট ভিডিঅ'বোৰ ডিলিট কৰাৰ নিৰ্দেশ জাৰী কৰা হৈছিল । ডিলিট কৰা ভিডিঅ'বোৰৰ দৰ্শকৰ সংখ্যা আছিল ১ কোটি ৩০ লাখৰো অধিক । ভিডিঅ'সমূহত ভুৱা বাতৰি আৰু ধৰ্মীয় সম্প্ৰদায়ৰ মাজত ঘৃণা বিয়পোৱাৰ বিষয় অন্তৰ্ভুক্ত আছিল ।

লগতে পঢ়ক :খানাউৰী সংঘৰ্ষত প্ৰতিবাদকাৰীৰ মৃত্যুৰ পিচতে দুদিনলৈ স্থগিত দিল্লী চলো কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.