ETV Bharat / bharat

অবিশ্বাস্য ! অষ্টমবাৰৰ বাবে সাপে দংশন কৰিলে উত্তৰ প্ৰদেশৰ বিকাশক - Snake Bites youth for 8 Times - SNAKE BITES YOUTH FOR 8 TIMES

Snake Bite incident in Rajasthan: অষ্টমবাৰৰ বাবে সাপে দংশন কৰিলে উত্তৰ প্ৰদেশৰ ফতেহপুৰৰ নিবাসী বিকাশ দ্বিবেদীক । সপোনত মৃত্যুৰ ভাবুকি পোৱাৰ পিচত বিকাশে আশ্ৰয় লৈছে ৰাজস্থানৰ মেহেন্দীপুৰ বালাজীত । বালাজীৰ কৃপাত বিকাশৰ একো হোৱা নাই বুলি পৰিয়ালৰ দাবী ।

mehandipur-balaji-dham-dausa-rajasthan-snake-bite-up-resident-vikas-dwivedi-once-again
অবিশ্বাস্য! অষ্টমবাৰৰ বাবে সাপে দংশন কৰিলে উত্তৰ প্ৰদেশৰ বিকাশক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 5:57 PM IST

নেশ্যনেল ডেস্ক, 23 জুলাই: দেশত সংঘটিত হৈছে এক অবিশ্বাস্য ঘটনা ৷ কেবাবাৰো সাপে খোঁটাৰ পাচতো সুস্থ-সুস্থিৰ অৱস্থাত আছে এজন অসাধাৰণ ভাৰতীয় যুৱক ৷ যুৱকজন উত্তৰ প্ৰদেশৰ ফাতেহপুৰ জিলাৰ বাসিন্দা বিকাশ দ্বিবেদী । জানিব পৰা মতে, সাপৰ দংশনৰ পৰা ৰক্ষা পাবলৈ বিকাশ বিগত 11 দিন ধৰি ৰাজস্থানৰ দৌছা জিলাত অৱস্থিত মেহেন্দীপুৰ বালাজীৰ আশ্ৰয় শিবিৰত আছে । বিকাশে তেওঁৰ জীৱনত ঘটি থকা অদ্ভুত ঘটনাটোৰ পৰা মুক্তি পাবলৈ বালাজী মহাৰাজৰ ওচৰত প্ৰাৰ্থনা কৰিছে যদিও সোমবাৰৰ সন্ধিয়া বিকাশ দ্বিবেদীক অষ্টমবাৰৰ বাবে সাপে খুঁটিলে ।

অবিশ্বাস্য! অষ্টমবাৰৰ বাবে সাপে দংশন কৰিলে উত্তৰ প্ৰদেশৰ বিকাশক (ETV Bharat)

অৱশ্যে বিকাশ আৰু তেওঁৰ পৰিয়ালৰ দাবী, সোমবাৰে সন্ধিয়া সাপে বিকাশক খুঁটিলে যদিও বালাজী মহাৰাজৰ কৃপাত তেওঁৰ একো হোৱা নাই । সাপে খোঁটাৰ পিচতো বিকাশ সম্পূৰ্ণ সুস্থ ।

বালাজীক আৰতিৰ সময়ত ভৰিত কামোৰাৰ চিন: সাতবাৰ সাপে খোঁটাৰ পাচত অশান্তিত ভুগি বিকাশ যোৱা 13 জুলাইত জিলাখনৰ বিখ্যাত ধৰ্মীয় স্থান মেহেন্দীপুৰ বালাজীলৈ আহিছিল । সাপৰ পৰা পৰিত্ৰাণ বিচাৰি তেওঁ বালাজী মহাৰাজৰ ওচৰত প্ৰাৰ্থনা কৰিছিল ।

একে সময়তে 14 জুলাইৰ দিনা বিকাশে ই টিভি ভাৰতক জনাইছিল যে তেওঁৰ সপোনত এটা সাপ আহি পিচৰটো শনিবাৰে অৰ্থাৎ 20 জুলাইত অষ্টমবাৰৰ বাবে তেওঁক খুঁটিব ৷ কিন্তু শনিবাৰে সাপে বিকাশক খোঁটা নাছিল । এনে পৰিস্থিতিত বিকাশৰ লগতে তেওঁৰ পৰিয়ালৰ আন সদস্যসকলে বালাজী মহাৰাজৰ আশীৰ্বাদৰ বাবেই এয়া সম্ভৱ বুলি দাবী কৰে যদিও সোমবাৰে সন্ধিয়া বিকাশে বালাজী মহাৰাজৰ সমুখত পৰিয়ালৰ সৈতে থিয় হৈ আৰতি কৰি থকাৰ সময়তে বিকাশক খোঁটে ।

মামীয়েকে প্ৰথমে গম পালে: সাপে খোঁটাৰ ফলত বিকাশৰ ওপৰত কোনো প্ৰভাৱ পৰা নাছিল । বিকাশৰ মামী ৰেণু দেৱীয়ে ই টিভি ভাৰতক জনায়, "আৰতি শেষ হোৱাৰ পিচত বিকাশৰ সৈতে ধৰ্মশালালৈ উভতি আহিছিলাে, তেতিয়াই মোৰ চকু বিকাশৰ ভৰিত পৰিল । বাওঁভৰিখনত সাপে কামোৰাৰ চিন দেখা গৈছিল যদিও বিকাশক সম্পূৰ্ণ সুস্থ যেন লাগিছিল । আগতে যেতিয়াই সাপে খুঁটিছিল, বিকাশৰ মুখেৰে ফেন ওলাইছিল । লগতে গোটেই শৰীৰটো অস্থিৰ হৈ পৰিছিল যদিও এইবাৰ সাপে খোঁটাৰ পিচতো বিকাশ সম্পূৰ্ণ সুস্থ ৷ যাৰ বাবে তেওঁক চিকিৎসালয়লৈও লৈ যোৱা নহ’ল ।"

সোমবাৰে পুৱা 10 বজাত বাওঁচকু কঁপিবলৈ ধৰিলে: ভুক্তভোগী বিকাশে দাবী কৰে যে যেতিয়াই সাপে খুঁটিবলৈ আহে তেতিয়াই তাৰ প্ৰায় 4-5 ঘণ্টা আগতে বাওঁচকু কঁপিবলৈ আৰম্ভ কৰে । যাৰ বাবেই তেওঁৰ লগত ঘটি থকা কাণ্ডটোৰ বিষয়ে তেওঁ পূৰ্বে অৱগত হয় । সোমবাৰেও একেধৰণৰ ঘটনাই ঘটিছিল ।

বিকাশক সহায় কৰিবলৈ আগবাঢ়ি আহিল বালাজী মন্দিৰ ট্ৰাষ্ট: বিকাশে কয়, "বালাজী মন্দিৰ ট্ৰাষ্টৰ বিষয়াসকলে মোক সাপে খোঁটা বুলি গম পায় মোক সম্পূৰ্ণৰূপে সহায় কৰিলে । এনে পৰিস্থিতিত বালাজী মহাৰাজৰ দুয়োটা আৰতিৰ সময়ত ভিআইপি গেটৰ পৰা বালাজী মহাৰাজৰ প্ৰতিমূৰ্তিৰ সন্মুখত বহিবলৈ অনুমতি দিয়া হৈছে ।"

লগতে পঢ়ক: চিচি টিভি কেমেৰাত বন্দী মহিলাক সৰ্পদংশন কৰাৰ দৃশ্য - GOLAGHAT SNAKEBITE CASE

অবিশ্বাস্য : এজন যুৱকক এমাহতে পাঁচবাৰকৈ দংশন কৰিলে সাপে - Snake Deadly Enemy
সৰ্প দংশনত আক্ৰান্ত কিশোৰৰ মৃত্যু : চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ - Snake bite Incident

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.