ETV Bharat / bharat

সন্ত্ৰাসবাদীৰ আক্ৰমণত উত্তৰাখণ্ডৰ 5 জনকৈ জোৱান শ্বহীদ, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ - Terrorists Attack on Army Convoy - TERRORISTS ATTACK ON ARMY CONVOY

Kathua terrorist attack: সোমবাৰে জম্মু-কাশ্মীৰৰ কঠুৱাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত দেশৰ 5 জনকৈ আৰক্ষী জোৱান শ্বহীদ । পাঁচোজন জোৱানেই উত্তৰাখণ্ডৰ । শ্বহীদৰ শোকত ম্ৰিয়মান ৰাজ্যবাসী । এই কাৰ্যক ধিক্কাৰ দিয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী ধামীয়ে ৷

Chief Minister of Uttarakhand
সন্ত্ৰাসবাদীৰ আক্ৰমণত উত্তৰাখণ্ডৰ 5 জনকৈ জোৱান শ্বহীদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 2:10 PM IST

নেশ্যনেল ডেস্ক, 9 জুলাই: জম্মু-কাশ্মীৰৰ কঠুৱা জিলাৰ দুৰ্গম মাচেদি অঞ্চলত সোমবাৰে ভাৰতীয় সেনাৰ কনভয়ত সন্ত্ৰাসবাদীয়ে এম্বুশ্ব কৰাৰ ফলত 5 জন সেনা জোৱান নিহত হোৱাৰ লগতে 5 জন জোৱান আহত হয় । দেশৰ বাবে প্ৰাণ আহুতি দিয়া 5 জনৰ আটাকেইজনেই উত্তৰাখণ্ডৰ । 5 জন শ্বহীদ জোৱানৰ ভিতৰত 2 জন পৌৰী, ২ জন তেহৰীৰ আৰু এজন ৰুদ্ৰপ্ৰয়াগৰ বুলি জানিব পৰা গৈছে ।

এই খবৰ লাভ কৰাৰ পাচতে শোকত ম্ৰিয়মান হৈ পৰিছে শ্বহীদ সৈনিক জোৱানৰ কেইজনৰ পৰিয়ালৰ লগতে সমগ্ৰ উত্তৰাখণ্ড । সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰাইজৰ মাজত প্ৰচণ্ড ক্ষোভ জন্মা পৰিলক্ষিত হৈছে ।

শ্বহীদ জোৱানসকলৰ পৰিচয়

জম্মু-কাশ্মীৰৰ কঠুৱাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছে তেহৰী জিলাৰ আদৰ্শ নেগী । কীৰ্তিনগৰৰ থাটি ডাগৰৰ বাসিন্দা আদৰ্শ নেগী ৰাইফলমেন হিচাপে নিযুক্ত আছিল । 26 বছৰীয়া আদৰ্শ তেহৰী জিলাৰ কীৰ্তিনগৰ ব্লকৰ থাটি ডাগৰ গাঁৱৰ বাসিন্দা আছিল । তেওঁৰ পিতৃ দলবীৰ সিং নেগীয়ে কৃষিকৰ্ম কৰে । আদৰ্শে চৰকাৰী আন্তঃমহাবিদ্যালয় পিপলিধৰৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত অধ্যয়ন কৰিছিল । 2019 চনত নেগীয়ে গড়ৱাল ৰাইফলছত যোগদান কৰে ।

জম্মু-কাশ্মীৰৰ কঠুৱাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা আন এগৰাকী হৈছে জোৱান ৰুদ্ৰপ্ৰয়াগ জিলাৰ কণ্ডাখালৰ বাসিন্দা আনন্দ সিং ৰাৱট । আনন্দ সিং ৰাৱটৰ বয়স আছিল 41 বছৰ । তেওঁ সেনাবাহিনীত নাইব চুবেদাৰৰ পদত অধিষ্ঠিত হৈছিল । ৰাৱট শ্বহীদ হোৱাৰ খবৰ পোৱাৰ পিচতে পৰিয়ালটোত শোকাকুল পৰিবেশে বিৰাজ কৰে । শ্বহীদ পৰিয়ালটোৰ ঘৰ ডেৰাডুনত । মাক আৰু ভায়েক গাঁৱতে থাকে ।

কঠুৱা সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা তৃতীয়গৰাকী বীৰজোৱান হৈছে পৌৰী জিলাৰ হাবিলদাৰ কমল সিং । হাবিলদাৰ কমল সিং লেন্সডাউন তহচিলৰ পাপৰি গাঁৱৰ বাসিন্দা আছিল । পৌৰী গড়োৱাল জিলাৰ ৰাইফলমেন অনুজ নেগীও কঠুৱা সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছে । অনুজ নেগী আছিল ৰিখানিখাল তালুকৰ ডোব্ৰিয়া গাঁৱৰ বাসিন্দা ।

কঠুৱা সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছে তেহৰী গড়োৱাল জিলাৰ নাইক বিনোদ সিং । বিনোদ সিং আছিল জাখানিধৰ তালুকৰ চাউণ্ড জছপুৰ গাঁৱৰ বাসিন্দা । শ্বহীদ বিনোদ সিঙৰ পৰিয়াল ডেৰাডুনৰ ভনিয়াৱালাত থাকে ।

কেতিয়া সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণ

সোমবাৰৰ বিয়লি সংঘটিত হয় এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা । বিলৱাৰ মহকুমাৰ বদনোটাৰ নলাৰ সমীপত যেতিয়া সন্ত্ৰাসবাদীয়ে সেনাবাহিনীৰ 22 গড়ৱাল ৰাইফলছৰ বাহনত আক্ৰমণ কৰে। এই সেনাবাহিনীৰ গাড়ীখন অঞ্চলটোত টহল দি আছিল । গাড়ীখনত দহজন জোৱান আছিল । সন্ত্ৰাসবাদীয়ে প্ৰথমে গ্ৰেনেড নিক্ষেপ কৰে । ইয়াৰ পিচতে সেনাৰ বাহনখনলৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা আৰম্ভ কৰে । এই সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছিল 5 জনকৈ সেনা জোৱানৰ লগতে আহত হৈছিল 5 জন জোৱান ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শোক প্ৰকাশ

5 জনকৈ জোৱান শ্বহীদ হোৱাত শোক প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, "কঠুৱা (জম্মু-কাশ্মীৰ)ৰ বদনোটাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ভাৰতীয় সেনাৰ পাঁচজন বীৰ জোৱানৰ মৃত্যুত মই গভীৰ শোক প্ৰকাশ কৰিছো । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ৷ এই কঠিন সময়ত সকলোৱে তেওঁলোকৰ কাষত থিয় দিয়ক । সন্ত্ৰাসবাদ বিৰোধী অভিযান চলি আছে আৰু আমাৰ সৈন্যই অঞ্চলটোত শান্তি আৰু শৃংখলা বজাই ৰাখিবলৈ বদ্ধপৰিকৰ । এই নৃশংস সন্ত্ৰাসবাদী আক্ৰমণত আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো ।"

মুখ্যমন্ত্ৰী ধামীৰ শোক প্ৰকাশ

কঠুৱা সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা পাঁচজন জোৱান শ্বহীদ হোৱাত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ধামীয়ে । মুখ্যমন্ত্ৰীয়ে ধামীয়ে কয়, "কঠুৱা (জম্মু-কাশ্মীৰ)ত সেনাৰ কনভয়ত সন্ত্ৰাসবাদী আক্ৰমণত পাঁচজন জোৱান শ্বহীদ হোৱাৰ এই খবৰ অত্যন্ত বেদনাদায়ক । এই কাপুৰুষৰ আক্ৰমণক গৰিহণা দিছো ৷ মানৱতাৰ এই শত্ৰুবোৰক ৰেহাই দিয়া নহ’ব । মৃতকৰ আত্মাক শান্তি আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক এই অপৰিসীম দুখ সহ্য কৰিবলৈ শক্তি প্ৰদান কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো । আহতসকলে শীঘ্ৰে আৰোগ্য লাভ কৰক ৷"

লগতে পঢ়ক: জম্মু-কাশ্মীৰৰ কঠুৱাত সন্ত্ৰাসবাদীৰ এম্বুছ : ৫ সেনা জোৱান নিহত, আহত আন ৫ জন - Terrorists Attack on Army Convoy

তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছত সন্ত্ৰাসবাদীৰ গুলীচালনা: 9 জন নিহত, 33 জন আহত - Terrorists Attack

জম্মু-কাশ্মীৰত গুলীয়াগুলী: নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত চাৰি সন্ত্ৰাসবাদী, দুজন জোৱান ছহিদ - KASHMIR ENCOUNTER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.