ETV Bharat / bharat

গেষ্ট্ৰ’এণ্টেৰাইটিছত ভুগি চিকিৎসাধীন 89 জন - Gastroenteritis Outbreak In Kashmir - GASTROENTERITIS OUTBREAK IN KASHMIR

People Affected By Gastroenteritis: জম্মু-কাশ্মীৰত গেষ্ট্ৰ’এণ্টেৰাইটিছৰ প্ৰাদুৰ্ভাৱ ৷ বৰ্তমান পৰ্যন্ত আক্ৰান্ত 89 জন ৷ সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ ৷ তৎপৰ স্বাস্থ্য বিভাগ ৷

Several People Affected By Gastroenteritis Outbreak In Kashmir Village
গেষ্ট্ৰ’এণ্টেৰাইটিছত ভুগি চিকিৎসাধীন 89 জন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 5:32 PM IST

নেশ্যনেল ডেস্ক, 21 জুলাই: জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ এখন গাঁৱত গেষ্ট্ৰ’এণ্টেৰাইটিছত 89 জন লোক আক্ৰান্ত হৈছে ৷ প্ৰশাসনে স্বাস্থ্য বিভাগক পৰিস্থিতিৰ বুজ ল’বলৈ তৎপৰতাৰে নিৰ্দেশ প্ৰদান কৰিছে ।

বিষয়াসকলে জনোৱা মতে, 19 জুলাই (শনিবাৰে) অনন্তনাগৰ ট্ৰেইল গাঁৱত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা দেখা পোৱা যায় আৰু 89 জন লোক আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে । স্বাস্থ্য সেৱা কাশ্মীৰৰ সঞ্চালক ডাঃ মুস্তাক আহমদ ৰাথেৰে গাঁওখনত চিকিৎসকৰ প্ৰতিনিধি দল প্ৰেৰণ কৰি অঞ্চলটোত এই ৰোগৰ প্ৰাদুৰ্ভাৱ কেনেকৈ ঘটিল হ’ল তাৰ মূল্যায়ন কৰিছে বুলি ইটিভি ভাৰতক জনায় ।

ৰাথেৰে কয়, "ডাঃ ছামিনা গুল, এছ এছ অ’, আই ডি এছ পি; ডাঃ আফছান আব্দুল্লাহ, ষ্টেট ইপিডেমিঅ’লজিষ্ট, আই ডি এছ পি আৰু ডাঃ এম ৱাই জাগু, মুখ্য চিকিৎসা বিষয়া অনন্তনাগ আৰু ব্লক মেডিকেল বিষয়া কলাৰ ডাঃ জাহুৰৰ নেতৃত্বত জিলাখনত দ্ৰুত সঁহাৰি দল গঠন কৰি সমগ্ৰ ঘটনাৰ তদন্ত চলোৱা হয় ৷

সঞ্চালকগৰাকীয়ে কয়, "2024 চনৰ 20 জুলাইলৈকে মৃদুৰ পৰা মধ্যমীয়া গেষ্ট্ৰ'এণ্টেৰাইটিছত 89 গৰাকী আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে । বৰ্তমান পৰ্যন্ত কোনো লোকৰ মৃত্যু ঘটা নাই । পানী আৰু মলৰ নমুনা সংগ্ৰহ কৰি তদন্তৰ বাবে ডিপিএইচএল অনন্তনাগলৈ প্ৰেৰণ কৰা হৈছে ৷ প্ৰতিবেদন অহালৈ বাবে অপেক্ষা কৰা হৈছে ।"

বিষয়াসকলে কয়, "গাঁৱৰ লোকসকলক উতলা গৰম পানী খাবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে আৰু আক্ৰান্ত ৰোগীসকলৰ মাজত অৰেল ৰিহাইড্ৰেচন ছলিউচনৰ পেকেট বিতৰণ কৰা হৈছে ৷ লগতে যিকোনো নতুন ৰোগী চিনাক্ত কৰিবলৈ ঘৰে ঘৰে স্বাস্থ্য কৰ্মী প্ৰেৰণ কৰা হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু স্বাস্থ্য বিভাগে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ।"

স্থানীয় স্বাস্থ্য কৰ্মীৰ দলসমূহক তীক্ষ্ণ সতৰ্কতা বজাই ৰাখিবলৈ আৰু যিকোনো নতুন পৰিস্থিতিৰ খবৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি ইটিভি ভাৰতক জনায় স্বাস্থ্য সেৱা কাশ্মীৰৰ মুখপাত্ৰ ডাঃ মিৰ মুস্তাকে ৷

লগতে পঢ়ক: নিপা ভাইৰাছৰ সংক্ৰমণ: আক্ৰান্ত 14 বছৰীয়া কিশোৰ - Nipah Virus

সাৱধান ! শিশুৰ বাবে কালৰূপ ধাৰণ কৰিছে এই ভাইৰাছে - Chandipura Virus

সংক্ৰমণ বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ : গাহৰি পালকৰ মাজত হাহাকাৰ - African swine fever

দৰঙত JE আৰু JE সদৃশ ৰোগত আক্ৰান্ত বহু লোক : তৎপৰতা বৃদ্ধি স্বাস্থ্য বিভাগৰ - Japanese Encephalitis

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.