ETV Bharat / bharat

চাইবাছাত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত কেইবাটাও মাওবাদী - Police Naxalite encounter - POLICE NAXALITE ENCOUNTER

Police Naxalite encounter: চাইবাছাত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ । ৪ মাওবাদী নিহত হোৱাৰ লগতে কেইবাটাও আহত হোৱাৰ খবৰ পোৱা গৈছে । নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে ।

Police Naxalite encounter
চাইবাছাত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত কেইবাটাও মাওবাদী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 1:03 PM IST

নেশ্যনেল ডেস্ক, ১৭ জুন : ঝাৰখণ্ডৰ চাইবাছাত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ । কোলহানৰ অৰণ্যত মাওবাদীৰ বিৰুদ্ধে অভিযানত সফলতা অৰ্জন নিৰাপত্তা বাহিনীৰ । অভিযানত ৪ টা মাওবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে । আনহাতে কেইবাটাও মাওবাদী আহত হোৱাৰ অনুমান কৰা হৈছে ।

সোমবাৰে পুৱা পশ্চিম সিংভূম জিলাৰ গুয়া আৰক্ষী থানাৰ অন্তৰ্গত বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল । এই সংঘৰ্ষত সুৰক্ষা বাহিনীৰ হাতত ৪ টা মাওবাদী নিহত হয় । এনকাউণ্টাৰ স্থানৰ পৰা মাওবাদীৰ মৃতদেহৰ লগতে আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰিছে ।

তথ্য অনুসৰি, নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত এক তালাচী অভিযানৰ বাবে ওলাই গৈছিল । সেই সময়তে মাওবাদীয়ে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে । প্ৰতিশোধস্বৰূপে নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰে । প্ৰাথমিক তথ্য অনুসৰি ৪ টা মাওবাদী এই সংঘৰ্ষত নিহত হোৱাৰ খবৰ পোৱা গৈছে যদিও এই সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । অঞ্চলটোত অভিযান এতিয়াও অব্যাহত আছে ।

আৰক্ষী অধীক্ষক আশুতোষ শেখৰে এনকাউণ্টাৰৰ কথা নিশ্চিত কৰিছে । তেওঁ কোৱা মতে সোমবাৰে পুৱা তালাচী অভিযানৰ সময়তে নিৰাপত্তা বাহিনীৰ সৈতে এই সংঘৰ্ষ হৈছিল ।

নিহত মাওবাদীকেইটাৰ ভিতৰত আছে এটা জ'নেল কমাণ্ডাৰ, এটা চাব-জ'নেল কমাণ্ডাৰ, এটা এৰিয়া কমাণ্ডাৰ, এগৰাকী মহিলা আৰু এজন পুৰুষ । দুটা মাওবাদী আহত হোৱাৰ খবৰ পোৱা গৈছে । তাৰ ভিতৰত আছে এটা এলেকা কমাণ্ডাৰ আৰু এক কট্টৰ মহিলা মাওবাদী । এগৰাকী মহিলা মাওবাদীক গ্ৰেপ্তাৰো কৰা হৈছে । আৰক্ষী তথা নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে । লগতে অঞ্চলটো ঘেৰাও কৰি ৰাখিছে ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ বান্দিপোৰাত গুলীবৰ্ষণ, নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত - Bandipora Gunshots

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.