ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ ইউএই ভ্ৰমণ, দুয়োখন দেশৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ

author img

By ANI

Published : Feb 15, 2024, 12:04 PM IST

MoU between India and UAE: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউএইৰ ৰাষ্ট্ৰপতিৰ দ্বিপাক্ষিক বৈঠক । ৮ খন বুজাবুজি চুক্তি স্বাক্ষৰ । তাৰ ভিতৰত ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ আৰু ডিজিটেল আন্তঃগাঁথনি প্ৰকল্পৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি গুৰুত্বপূৰ্ণ ।

PM Modi UAE visit
দুয়োখন দেশৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ

নেশ্যনেল ডেস্ক, ১৫ ফেব্ৰুৱাৰী : ভাৰতৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া কাৰ্যসূচীৰে সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰমণ কৰিছে । য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় । এই বৈঠকত তেওঁলোকে ৮ খন বুজাবুজি চুক্তিত সন্মত হয় ।

বৈঠক সন্দৰ্ভত এক যুটীয়া বিবৃতি প্ৰকাশ কৰা হৈছে য'ত কোৱা হৈছে যে দুয়োগৰাকী নেতাই ভাৰত-ইউএই দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰে । ২০১৭ চনত শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণৰ সময়ত আনুষ্ঠানিকভাৱে এই সম্পৰ্কক এক ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হৈছিল । তেওঁলোকে বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ ওপৰত সন্তুষ্টি ব্যক্ত কৰি কয় যে দুয়োখন দেশৰ মাজত অংশীদাৰিত্ব বিগত বছৰবোৰত যথেষ্ট সম্প্ৰসাৰিত হৈ আহিছে ।

ভাৰত আৰু ইউএইৰ মাজত স্বাক্ষৰিত চুক্তিসমূহ হৈছে দ্বিপাক্ষিক বিনিয়োগ চুক্তি, ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আইএমইইচি), ডিজিটেল আন্তঃগাঁথনি প্ৰকল্পৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি, বিদ্যুৎ আন্তঃসংযোগ আৰু বাণিজ্যৰ ক্ষেত্ৰত বুজাবুজি চুক্তি, গুজৰাটৰ লোথালৰ ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সৰ সৈতে সহযোগিতাৰ বাবে বুজাবুজি চুক্তি ।

অন্যান্য চুক্তিবোৰ হৈছে ইউএই-ৰ ৰাষ্ট্ৰীয় পুথিভঁৰাল আৰু আৰ্কাইভ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় আৰ্কাইভৰ মাজত সহযোগিতা, ইউ.পি.আই. (ভাৰত) আৰু এ.এ.এন.আই.(ইউএই) আৰু ঘৰুৱা ডেবিট আৰু ক্ৰেডিট কাৰ্ড - ৰুপে (ভাৰত)ক জে.এ.ৱাই.ৱান (ইউএই)ৰ সৈতে আন্তঃসংযোগ কৰাৰ চুক্তি ।

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি আল নাহিয়ানে অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা শক্তিশালী কৰিবলৈ আৰু সহযোগিতাৰ নতুন ক্ষেত্ৰ অন্বেষণ কৰিবলৈ দুয়োপক্ষৰ প্ৰচেষ্টাক সমৰ্থন জনাইছে । তেওঁলোকে সামগ্ৰিক অৰ্থনৈতিক অংশীদাৰী চুক্তি (চিইপিএ) বলবৎ হোৱাৰ পিচত ইউএই-ভাৰত বাণিজ্যিক সম্পৰ্কত হোৱা শক্তিশালী বিকাশক আদৰণি জনায় ।

ইয়াৰ ফলস্বৰূপে, ইউএই হৈছে ২০২২-২৩ বৰ্ষৰ বাবে ভাৰতৰ তৃতীয় সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ আৰু ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ ৰপ্তানি গন্তব্য স্থান । ভাৰত হৈছে ইউএই-ৰ দ্বিতীয় সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ, যাৰ দ্বিপাক্ষিক বাণিজ্য ২০২২-২৩ বৰ্ষত ৮৫ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি হৈছে । এই সন্দৰ্ভত নেতাসকলে দ্বিপাক্ষিক বাণিজ্য ২০৩০ চনৰ লক্ষ্য বৰ্ষতকৈ ১০০ বিলিয়ন আমেৰিকান ডলাৰলৈ উন্নীত কৰাৰ সন্দৰ্ভত আশাবাদী ।

তেওঁলোকে ইউএই-ভাৰত চি.ই.পি.এ. পৰিষদৰ (ইউআইচিচি) আনুষ্ঠানিক উন্মোচনৰ কথাও স্বীকাৰ কৰে । দুয়োগৰাকী নেতাই উল্লেখ কৰে যে দ্বিপাক্ষিক বিনিয়োগ চুক্তি বিভিন্ন ক্ষেত্ৰত দুয়োখন দেশত বিনিয়োগৰ অধিক প্ৰচাৰৰ বাবে এক গুৰুত্বপূৰ্ণ সহায়ক হ'ব ।

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি আল নাহিয়ানে জেবেল আলীত ভাৰত মাৰ্ট নিৰ্মাণৰ সিদ্ধান্তক আদৰণি জনাইছে । তেওঁলোকে শেহতীয়াকৈ এডিএনঅ'চি গেছ আৰু ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড আৰু গেছ অথৰিটি অৱ ইণ্ডিয়া লিমিটেডৰ (গেইল) মাজত ক্ৰমান্বয়ে ১.২ এমএমটিপিএ আৰু ০.৫ এমএমটিপিএৰ বাবে দুটা নতুন দীৰ্ঘম্যাদী এলএনজি যোগান চুক্তি স্বাক্ষৰ কৰাৰ কথা স্বীকাৰ কৰে ।

দুয়োগৰাকী নেতাই মধ্যপ্ৰাচ্যৰ প্ৰথম আইআইটি আবু ধাবিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি)ৰ দ্বাৰা শক্তি পৰিৱৰ্তন আৰু স্থিৰতাত প্ৰথম স্নাতকোত্তৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ প্ৰশংসা কৰে ।

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি আল নাহিয়ানে ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ আইএমইইচিৰ ক্ষেত্ৰত ভাৰত আৰু ইউএইৰ মাজত এক আন্তঃচৰকাৰী পৰিকাঠামো গঢ়ি তোলাৰ বুজাবুজি চুক্তিক আদৰণি জনাইছে । যিয়ে আঞ্চলিক সংযোগ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ইউএই আৰু ভাৰতৰ নেতৃত্বক প্ৰতিফলিত কৰে । ফ্ৰেমৱৰ্কৰ মুখ্য উপাদানবোৰৰ ভিতৰত আছে এক লজিষ্টিক প্লেটফৰ্মৰ বিকাশ আৰু ব্যৱস্থাপনা, যাৰ ভিতৰত আছে ডিজিটেল পৰিস্থিতিতন্ত্ৰ আৰু আইএমইইচি সক্ষম কৰাৰ বাবে সকলো প্ৰকাৰৰ সাধাৰণ কাৰ্গো, বাল্ক, কণ্টেইনাৰ আৰু তৰল বাল্ক পৰিচালনা কৰাৰ বাবে যোগান শৃংখলা সেৱাৰ ব্যৱস্থা । নতুন দিল্লীত জি-২০ নেতা সন্মিলনৰ কাষত আৰম্ভ কৰা আইএমইইচি উদ্যোগৰ অধীনত এইটো প্ৰথম চুক্তি হ'ব ।

প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া ইউএই ভ্ৰমণৰ সময়ত বিএপিএছ হিন্দু মন্দিৰো উদ্বোধন কৰে আৰু প্ৰবাসী ভাৰতীয়সকলৰ সৈতে বাৰ্তালাপ কৰে । ইউএই ভ্ৰমণ সম্পূৰ্ণ কৰাৰ পিচত প্ৰধানমন্ত্ৰী মোদী দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাটাৰত উপস্থিত হয় ।

লগতে পঢ়ক :আৰব ৰাষ্ট্ৰত প্ৰথমটো হিন্দু মন্দিৰ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ; কি কি বিশেষত্ব আছে মন্দিৰটোত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.