ETV Bharat / bharat

শিৱলিংগ বনাই থাকোতেই মৃত্যু 9 জনকৈ শিশু-কিশোৰৰ : আৰ্থিক সাহায্য ঘোষণা - Wall Collapse In MP’s Sagar

author img

By PTI

Published : Aug 4, 2024, 1:48 PM IST

Wall collapse in MP: মাটিৰ দেৱাল খহি অকালতে মৃত্যু ঘটিল 9 টাকৈ শিশু-কিশোৰৰ ৷ মধ্যপ্ৰদেশত সংঘটিত হৈছে এই কৰিুণ ঘটনাটো ৷ মৃতকৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহায্য ঘোষণা ৷

9 children killed in wall collapse in MP's Sagar
শিৱলিংগ বনাই থাকোতেই মৃত্যু 9 জনকৈ শিশু-কিশোৰৰ: আৰ্থিক সাহায্য ঘোষণা (ETV Bharat)

নেশ্যনেল ডেস্ক, 4 জুলাই : মধ্যপ্ৰদেশত শোকাৱহ ঘটনা ৷ মধ্যপ্ৰদেশৰ সাগৰ জিলাৰ এখন গাঁৱত দেওবাৰে এখন দেৱাল খহি পৰাৰ ফলত 9 টাকৈ শিশু-কিশোৰৰ মৃত্যু হোৱা বুলি এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে । ৰেহলী বিধানসভা সমষ্টিৰ অন্তৰ্গত শ্বাহপুৰ গাঁৱত এই শোকাৱহ ঘটনাটো সংঘটিত হয় বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে ।

জানিবলৈ পোৱা গৈছে যে মাটিৰ শিৱ লিংগ নিৰ্মাণ কৰিবলৈ বহু স্থানীয় শিশু-কিশোৰ উক্ত স্থানত গোট খাইছিল । তাৰ পাচত মাটিৰ বেৰ এখন খহি পৰে ৷ ফলত তাৰ তলত পোত যায় 9 টাকৈ কিশোৰ । স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী গোপাল ভাৰ্গৱে উক্ত স্থানত উপস্থিত হৈ সাহায্য অভিযান নিৰীক্ষণ কৰিছে । মৃত আৰু আহত কিশোৰসকলক সাগৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

দেৱাল ভাঙি পৰা ঘটনাৰ ফলত মৃত্যু হোৱা শিশু-কিশোৰকেইটা 10 ৰ পৰা 15 বছৰ বয়সৰ হ’ব বুলি সাগৰৰ সংমণ্ডল আয়ুক্ত বীৰেন্দ্ৰ সিং ৰাৱটে সংবাদ মাধ্যমৰ আগত জনায় ।

মাটিৰ বেৰত আউজি কিশোৰসকল বহি আছিল

শ্বাহপুৰ নগৰৰ স্থানীয় লোকে জনোৱা তথ্য অনুসৰি কুটি মন্দিৰৰ সমীপত শিৱ লিংগ নিৰ্মাণ কৰি আছিল শিশু-কিশোৰকেইজনে ৷ মন্দিৰৰ কাষৰ এখন মাটিৰ দেৱালত ভেজা দি বহি থকা সময়তে মাটিৰ বেৰ এখন ভাঙি তাৰ তলত কিশোৰকেইজন সোমাই পৰে । স্থানীয় লোকে সেই দৃশ্য প্ৰত্যক্ষ কৰাৰ লগে লগে অশেষ চেষ্টাৰ অন্তত কেইজনমানক বচাবলৈ সক্ষম হয় ৷ কিন্তু উক্ত ঘটনাৰ ফলত 9 জন শিশু-কিশোৰৰ মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে ৷

স্থানীয় উপ-স্বাস্থ্য কেন্দ্ৰত চিকিৎসক নাই

জানিব পৰা মতে, এই ঘটনাৰ দিনটো দেওবাৰ হোৱাৰ বাবে স্থানীয় উপ-স্বাস্থ্য কেন্দ্ৰত উপস্থিত নাছিল চিকিৎসক । কিশোৰকেইজনে তাৎক্ষণিক চিকিৎসা লাভ কৰিব নকৰাৰ ফলত আহত কিশোৰকেইজনৰ মৃত্যু ঘটে । জিলা উপায়ুক্তকে ধৰি জ্যেষ্ঠ বিষয়াসকল উক্ত স্থানত উপস্থিত হৈছে বুলিও বীৰেন্দ্ৰ সিং ৰাৱটে লগতে জনায় ।

মুখ্যমন্ত্ৰী শোক প্ৰকাশ

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহন যাদৱ X যোগে মৃতকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাইছে ৷ মৃতকৰ পৰিয়াললৈ 4 লাখ টকাৰ সাহায্য ঘোষণা ।

লগতে পঢ়ক: বাছ-গাড়ীৰ মুখামুখি সংঘৰ্ষ: বৰ্তমান পৰ্যন্ত নিহত 7, আহত 40ৰো অধিক - UP Etawah Accident

মহিলাৰ হাতত প্ৰাণ গ’ল মহিলাৰ - ক’ৰ এই ঘটনা ? - Murder in Hyderabad

হিমাচলত ডাৱৰ বিস্ফোৰণ : ৬ গৰাকী লোক নিহত, ৫০ৰো অধিক সন্ধানহীন - Himachal Pradesh cloudburst

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.