ETV Bharat / bharat

জম্মু-কাশ্মীৰত শোকাৱহ দুৰ্ঘটনা; 10 জনৰ মৃত্যু - accident in Jammu Srinagar

author img

By ANI

Published : Mar 29, 2024, 12:51 PM IST

Accident in Jammu-Srinagar : শোকাৱহ দুৰ্ঘটনাত পতিত হৈ জম্মু-কাশ্মীৰত 10 জনৰ মৃত্যু ৷ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ শোক প্ৰকাশ ৷ উদ্ধাৰ অভিযান অব্যাহত ৷

Several dead as taxi rolls down gorge on Jammu-Srinagar National Highway
জম্মু-কাশ্মীৰত শোকাৱহ দুৰ্ঘটনা; 10 জনৰ মৃত্যু

নেশ্যনেল ডেস্ক, 29 মাৰ্চ : জম্মু-কাশ্মীৰত শোকাৱহ দুৰ্ঘটনা ৷ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাহন পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰাৰ ফলত 10 জন লোকৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে ।

উপত্যকাটোৰ ৰামবন অঞ্চলৰ সমীপত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো । দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF) আৰু ৰামবানৰ অসামৰিক দ্ৰুত সঁহাৰি দল (QRT)ৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয় । স্থানীয় বিষয়াসকলে জানিবলৈ দিয়া মতে, মাজ নিশা প্ৰায় 1.15 বজাত শ্ৰীনগৰৰ পৰা জম্মুলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় বাহনখন ।

ধাৰাষাৰ বৰষুণৰ মাজতে উদ্ধাৰকাৰী দলটোৱে তৎপৰতাৰে নিহত লোককেইজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । নিহত লোকসকলৰ ভিতৰত বাহনখনৰ চালক জম্মু নিবাসী বলৱান সিং (47) আৰু বিহাৰৰ পশ্চিম চম্পাৰাণৰ বিপিন মুখিয়া ভাইৰাগাং নামৰ লোকজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে । বাকী লোকসকলক বৰ্তমানেও চিনাক্ত কৰিব পৰা নাই ৷

বতৰ বিভাগে বৃহস্পতিবাৰে জম্মু-কাশ্মীৰ আৰু লাডাখ অঞ্চলত ধুমুহাৰ লগতে বৰষুণ আৰু শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি সাৱধানবাণী প্ৰকাশ কৰিছিল । জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন বিষয়াই ঘটনা সন্দৰ্ভত কয়, "ৰামবান অঞ্চলৰ বেটাৰী চশমাৰ সমীপৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যাত্ৰীবাহী এখন বাহন পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে । আৰক্ষী, এছডিআৰএফ আৰু চিভিল কিউআৰটি ৰামবান উক্ত স্থানত উপস্থিত হয় ৷ বৰ্তমানেও উদ্ধাৰ অভিযান চলি আছে ।"

ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে ৷ টুইটাৰযোগে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: তীৰ্থযাত্ৰী কঢ়িওৱা বাছ দুৰ্ঘটনাগ্ৰস্ত, ৪৫ গৰাকী লোকৰ মৃত্যু - South Africa bus accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.