তেজপুৰ, ৬ ফেব্ৰুৱাৰী: বন্যপ্ৰাণীৰ লগত সহবাস কৰাৰ প্ৰৱণতাৰ বাবেই মানুহ আৰু জীৱ-জন্তুৰ মাজৰ সংঘাত থকা স্বত্বেও পাক্কে সংৰক্ষিত বনাঞ্চলত জীৱ-জন্তু সুৰক্ষিত হৈ আছে ৷ যিয়ে অৰুণাচলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ বনাঞ্চলখনৰ প্ৰাধিকাৰী সত্যপ্ৰকাশ সিঙে এই বিষয়ে তথ্য প্ৰকাশ কৰিছে । ইটিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সিঙে কয় যে সংৰক্ষিত বনাঞ্চলখনত বিগত বৰ্ষৰ তুলনাত বন্য জীৱ-জন্তু চোৰাং চিকাৰীৰ আক্ৰমণৰ পৰা মুক্ত হৈছে ।
![Pakke Tiger Reserve](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-02-2024/as-tezpur-01-6feb-vispix-pakkewildlife-pranabkumardas-7203907_06022024170716_0602f_1707219436_488.jpg)
পাক্কে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল, উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ এটা বাঘ সংৰক্ষিত বনাঞ্চল । মুঠ ৮৬২ কিলোমিটাৰ বৰ্গমিটাৰৰে (৩৩৩ বৰ্গমাইল) এই সংৰক্ষিত বনাঞ্চলখন অৰুণাচল প্ৰদেশৰ পৰিৱেশ আৰু বন বিভাগে সুৰক্ষিত কৰি ৰাখিছে । পূৰ্বতে ইয়াক পাখুই টাইগাৰ ৰিজাৰ্ভ বুলি জনা গৈছিল যদিও ২০০১ চনৰ এপ্ৰিল মাহত অৰুণাচল প্ৰদেশৰ ৰাজ্যপালৰ দ্বাৰা ইয়াৰ নাম সলনি কৰা হয় । ইয়াত থকা ধনেশ পক্ষী সংৰক্ষণৰ কাৰ্যসূচীৰ বাবে ‘বিপন্ন প্ৰজাতিৰ সংৰক্ষণ’ শাখাত ২০১৬ চনৰ ভাৰতৰ জৈৱ বৈচিত্ৰ বঁটা লাভ কৰে ।
- " class="align-text-top noRightClick twitterSection" data="">
পাক্কে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত শেহতীয়া পিয়ল অনুসৰি মুঠ ৭ টা ঢেকীয়াপতীয়া বাঘ পোৱা গৈছে ইয়াৰ ভিতৰত পাঁচজনী বাঘিনী আৰু দুটা বাঘ আছে । চোৰাং চিকাৰী নিৰীক্ষণ কৰিবলৈ প্ৰকল্পটোৰ ভিতৰত ৩৮ টা এন্টি প’ছিং কেম্প আছে আৰু এই কেম্পত ২৪ ঘণ্টাই তদাৰক কৰিব পৰাকৈ বনকৰ্মী নিযুক্তি কৰা আছে বুলি জানিবলৈ দিয়ে বন প্ৰাধিকাৰীগৰাকীয়ে ।
![Pakke Tiger Reserve](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-02-2024/as-tezpur-01-6feb-vispix-pakkewildlife-pranabkumardas-7203907_06022024170716_0602f_1707219436_540.jpg)
তেওঁ কয় যে ২০২৩ বৰ্ষত কেবাটাও বন্য প্ৰাণী চোৰাং চিকাৰীৰ কবলত পৰিছিল আৰু সেই সকলো কৰায়ত্ব কৰি আদালতত গোচৰ চলি আছে ,কিন্ত বিগত সময়চোৱাৰ তুলনাত চোৰাং চিকাৰী বহু পৰিমাণে হ্রাস পাইছে । পাক্কে ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ বৈশিষ্ট্য হৈছে ইয়াৰ কাষেৰে বৈ অহা পাকে নদী ৷ যি নদীত বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায় ৷ এই নদী নামনি অংশত অসমৰ শোণিতপুৰ জিলাত বৰদিকৰাই বুলি খ্যাত ।
![Pakke Tiger Reserve](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-02-2024/as-tezpur-01-6feb-vispix-pakkewildlife-pranabkumardas-7203907_06022024170716_0602f_1707219436_11.jpg)
১৯৬৬ চনৰ ১ জুলাইত পাক্কে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলটো প্ৰথমে পাখুই সংৰক্ষিত বনাঞ্চল হিচাপে গঠন কৰা হয় আৰু ১৯৭৭ চনৰ ২৮ মাৰ্চত খেল সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হয় । ২০০১ চনত ইয়াৰ নাম পাখুই বন্যপ্ৰাণী অভয়াৰণ্য কৰি ২০০২ চনৰ ২৩ এপ্ৰিলত পাখুই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে নামকৰণ কৰা হয় ৷ ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষৰ প্ৰজেক্ট টাইগাৰৰ অধীনত দেশৰ ২৬ তম ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে পৰিগণিত হয় পাখুই ।
ইয়াত বৰ্তমান ৩৮ টা চোৰাং চিকাৰী প্ৰতিৰোধী শিবিৰ আছে, য’ত ১০০ জনৰো অধিক স্থানীয় যুৱক আৰু ২০ জন গাঁওবুঢ়াক বন পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে । চোৰাংচিকাৰীক বাধা দিবলৈ ৪১ কিলোমিটাৰ (২৫ মাইল) পথ নিৰ্মাণ কৰা হৈছে । উদ্যানখনৰ চাৰিওফালে বাস কৰা লোকসকল নিছি সম্প্ৰদায়ৰ । ঘোৰা আভে (গাঁৱৰ মুখীয়ালৰ এটা গোট) আৰু মহিলা আত্মসহায়ক গোটে তথ্য প্ৰদান কৰি আৰু প্ৰথাগত আইন বলবৎ কৰি বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত কৰ্তৃপক্ষক যথেষ্ট পৰিমাণে সহায় কৰে ।
ধনেশ পক্ষীৰ সুৰক্ষাৰ বাবে নাগৰিক সমাজ আৰু বন বিভাগৰ সৈতে মিলি নিছি সম্প্ৰদায়ে বৰ্তমান সহায়ৰ হাত আগবঢ়াইছে । নিছি জনগোষ্ঠীয়ে ধনেশ পক্ষীৰ ঠোঁট মূৰৰ পাগুৰিত ব্যৱহাৰ কৰে ৷ বৰ্তমান তেওঁলোকে প্লাষ্টিকেৰে ইয়াৰ প্ৰতিৰূপ তৈয়াৰ কৰি ব্যৱহাৰ কৰে আৰু অন্যান্য নিয়মৰ লগতে বাঘ চিকাৰৰ বাবে জৰিমনা বিহা হয় ।
২০০৬ চনত গঠন হোৱা ঘোৰা আভে ছ’চাইটি (গাঁওবুঢ়াৰ এটা দল) বন বিভাগৰ লগতে ১২ জনীয়া গাঁওবুঢ়াৰ এটা দলে পাক্কে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল (পিটিআৰ)ৰ আশে-পাশে সংৰক্ষণৰ প্ৰচেষ্টাত সহায় কৰে । তেওঁলোকৰ কামক বৰ্তমান চৰকাৰে বহুলভাৱে স্বীকৃতি দিছে ৷ ফলস্বৰূপে, কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । থলুৱাভাৱে ঘোৰা আভেই হিচাপে জনাজাত এই গোটে প্ৰথাগতভাৱে আইন বলবৎ কৰে ৷ চিকাৰ আৰু কাঠ কটাৰ বিৰুদ্ধে শাস্তি প্ৰৱৰ্তন কৰে, সামৰ্থ বিকাশত সহায় কৰে আৰু বন্যপ্ৰাণীৰ সজাগতা বৃদ্ধি কৰে ।
লগতে পঢ়ক: একলা-দুকলাকৈ ডাঙৰ হৈছে প্ৰকৃতিৰ সন্তান পৰী