নিউজ ডেস্ক, 9 ফেব্ৰুৱাৰী : ৰাজধানী দিল্লীত দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধমূলক ঘটনা ৷ ৰাজধানী চহৰখনৰ আলিয়ে-গলিয়ে অপৰাধীৰ টিঘিল ঘিলনি ৷ প্ৰতিদিনে বিভিন্ন গেঙৰ গেংষ্টাৰে সংঘটিত কৰি আহিছে বিভিন্ন অপৰাধ ৷ শেহতীয়াকৈ দিল্লী ডেহাটৰ নাজাফগড় অঞ্চলৰ পৰা পোহৰলৈ আহিছে আন এক ঘটনা ৷ য’ত অজ্ঞাত দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে ৷ ইফালে এই গুলীচালনাৰ ঘটনাত দুজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ এই খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বিষয়টোৰ অধিক তদন্ত অব্যাহত ৰাখিছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
দ্বাৰকাৰ ডিচিপি অংকিত সিঙে এই কথা নিশ্চিত কৰি কয় যে আৰক্ষীয়ে নাজাফগড় থানা এলেকাৰ পৰা প্ৰথম পিচিআৰ ফোন লাভ কৰিছিল ৷ য’ত ফোন কৰাজনে কয় যে 80 নম্বৰ পিলাৰৰ ওচৰৰ চেলুন এখনৰ ভিতৰত এজন যুৱকক গুলীয়াই হত্যা কৰা হৈছে ৷ কিছুসময়ৰ পাছত আৰক্ষীলৈ আন এটা ফোন আহিছিল, য’ত কোৱা হৈছিল যে গুলীচালনাত আঘাতপ্ৰাপ্ত হোৱা দুজন লোকক মোহন গাৰ্ডেন অঞ্চলৰ এখন চিকিৎসালয়লৈ অনা হৈছে ৷ চিকিৎসাধীন অৱস্থাতে দুয়োৰে মৃত্যু হয় ৷ নিহত দুজন চনু আৰু আশীষ বুলি চিনাক্ত কৰা হৈছে ৷
তথ্য অনুসৰি ক্ৰাইম আৰু এফ এছ এলৰ দল ঘটনাস্থলীত উপস্থিত হৈছে ৷ দুয়োটা দলে অপৰাধীৰ সন্ধান উলিয়াবলৈ চেলুনৰ ভিতৰৰ পৰা প্ৰমাণ সংগ্ৰহ আছে ৷ বৰ্তমানলৈকে এই ঘটনা কোনে সংঘটিত কৰিলে সেই সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই ৷ লগতে এই গুলীচালনাৰ কাণ্ড কিয় সংঘটিত হ’ল, ইয়াৰ আঁৰৰ কাৰণ কি সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : হালদৱানী সংঘৰ্ষ; উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা