ETV Bharat / bharat

নিৰাপত্তাৰ বেহু ভেদি পিষ্টলসহ মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত এজন

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 12:50 PM IST

Updated : Feb 28, 2024, 2:23 PM IST

Security Lapse of CM Vishnudeo Sai : অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ ভিআইপি গাড়ীৰে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত এগৰাকী লোক । মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা ত্ৰুটিৰ বাবে নিলম্বন কৰা হৈছে তিনিজনকৈ নিৰাপত্তাৰক্ষীক । ঘটনা সন্দৰ্ভত আৰম্ভ তদন্তৰ ৷

Chhattisgarh
Chhattisgarh

নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী: ছত্তীশগড়ত চাঞ্চল্যকৰ ঘটনা ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ ছাইৰ নিৰাপত্তাৰ ক্ষেত্ৰত ডাঙৰ ত্ৰুটি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । জানিব পৰা মতে, এগৰাকী ব্যক্তিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিষ্ণু দেৱ ছাইক লগ কৰিবলৈ আহিছিল । অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ ভিআইপি গাড়ীৰে ৰায়পুৰৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈছিল ব্যক্তিজন ।

বাসগৃহত উপস্থিত হোৱাৰ পিচত লোকজনৰ তালাচী চলোৱাৰ সময়ত উক্ত ব্যক্তিজনৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰা হৈছিল । ইয়াৰ পিচতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা ত্ৰুটিৰ বাবে নিলম্বন কৰা হৈছে তিনিজনকৈ নিৰাপত্তাৰক্ষীক । ঘটনা সন্দৰ্ভত আৰম্ভ হৈছে তদন্ত ৷

মুখ্যমন্ত্ৰী বিষ্ণু দেৱ ছাইৰ নিৰাপত্তাত সুৰুঙা: মুখ্যমন্ত্ৰী নিৰাপত্তাৰক্ষী অধীক্ষক প্ৰফুল্ল ঠাকুৰে কয়, "ৰাইপুৰৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ এজন ব্যক্তি আহিছিল । মুখ্যমন্ত্ৰী ভৱনত প্ৰৱেশ কৰাৰ পিছত মুখ্যমন্ত্ৰী কক্ষলৈ যোৱাৰ আগতে তেওঁ লোকজনৰ পুনৰ তালাচী চলোৱা হয় ৷ এই সময়তে তেওঁৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰা হয় । মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা এই সুৰুঙাৰ বাবে ইতিমধ্যে 3 জন নিৰাপত্তাৰক্ষীক নিলম্বন কৰা হৈছে । বিষয়টোৰ তদন্ত চলি আছে । ভৱিষ্যতে আৰু অধিক নিৰাপত্তাৰক্ষীক নিলম্বন কৰা হ’ব পাৰে ।"

ব্যক্তিজন যশপুৰৰ বাসিন্দাঃ তথ্য অনুসৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ পিষ্টল লৈ অহা লোকজন যশপুৰৰ বাসিন্দা । মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ ৰায়পুৰৰ মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ আহিছিল লোকজন । এই সমগ্ৰ বিষয়ত এডিজি চোৰাংচোৱাই 3 জন নিৰাপত্তাৰক্ষীক নিলম্বন কৰিছে । তদন্তৰ অন্তত অধিক নিৰাপত্তাৰক্ষীক নিলম্বন কৰা হ’ব পাৰে ।

লগতে পঢ়ক: সংসদৰ নিৰাপত্তা উলংঘনৰ মাষ্টাৰমাইণ্ড ললিত ঝাৰ জিম্মা ৫ জানুৱাৰীলৈ বৃদ্ধি

Last Updated : Feb 28, 2024, 2:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.