ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ; নিৰ্বাচন আয়োগলৈ নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰেৰণ এছ বিআইৰ - State Bank of India

Electoral Bonds : এছবিআইৰ পৰা নিৰ্বাচনী বণ্ডৰ তথ্য লাভ কৰাৰ পিচত ভাৰতৰ নিৰ্বাচন আয়োগে 15 মাৰ্চৰ সন্ধিয়া 5 বজাৰ ভিতৰত ইয়াৰ অফিচিয়েল ৱেবছাইটত বিৱৰণ প্ৰকাশ কৰিব লাগিব । উচ্চতম ন্যায়ালয়ৰ কঠোৰ পিচত এছবিআয়ে মঙলবাৰে নিৰ্বাচন আয়োগৰ ওচৰত নিৰ্বাচনী বণ্ডৰ তথ্য দাখিল কৰে । এই আঁচনিৰ অধীনত 2018 চনৰ পৰা 16,518 কোটি টকাৰ নিৰ্বাচনী বণ্ড জাৰি কৰা হৈছিল ।

নিৰ্বাচন আয়োগলৈ নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰেৰণ এছ বিআইৰ

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 8:16 AM IST

নিউজ ডেস্ক, ১৩ মাৰ্চ : ভাৰতীয় ষ্টেট বেংকে (এছবিআই) মঙলবাৰে সন্ধিয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ভাৰতীয় নিৰ্বাচন আয়োগৰ ওচৰত নিৰ্বাচনী বণ্ডৰ বিৱৰণ দাখিল কৰে । উচ্চতম ন্যায়ালয়ে সোমবাৰে এছবিআইক ১২ মাৰ্চত লেনদেনৰ সময় সমাপ্তিৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ বিৱৰণ নিৰ্বাচন আয়োগৰ ওচৰত প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল ।

আনহাতে, একেটা নিৰ্দেশ অনুসৰি নিৰ্বাচন আয়োগে ১৫ মাৰ্চৰ সন্ধিয়া ৫ বজাৰ ভিতৰত বেংকটোৱে অফিচিয়েল ৱেবছাইটত এই তথ্যৰ বিৱৰণ প্ৰকাশ কৰিব লাগিব । সূত্ৰ অনুসৰি, এছবিআয়ে শীৰ্ষ ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰি নিৰ্বাচনী বণ্ডৰ বিৱৰণ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিছে । এছবিআয়ে ২০১৮ চনত আঁচনিখন আৰম্ভণি কৰাৰ পৰা ৩০ টা খণ্ডত ১৬,৫১৮ কোটি টকাৰ নিৰ্বাচনী বণ্ড জাৰি কৰিছে ।

অৱশ্যে উচ্চতম ন্যায়ালয়ে ১৫ ফেব্ৰুৱাৰীত এক গুৰুত্বপূৰ্ণ ৰায়ত কেন্দ্ৰৰ নিৰ্বাচনী বণ্ড আঁচনি বাতিল কৰে । এই আঁচনিয়ে বেনামী ৰাজনৈতিক পুঁজিক অনুমতি দিয়ে বুলি শীৰ্ষ আদালতে উল্লেখ কৰি ইয়াক 'অসাংবিধানিক' বুলি অভিহিত কৰে আৰু নিৰ্বাচন আয়োগক দাতাসকলৰ নাম, তেওঁলোকে দান কৰা পৰিমাণ আৰু এই দান লাভ কৰা দলৰ নাম প্ৰকাশৰ নিৰ্দেশ দিয়ে ।

আনহাতে, এছবিআয়ে এই বিৱৰণ প্ৰকাশৰ বাবে ৩০ জুনলৈকে সময় বিচাৰিছিল । কিন্তু এই আবেদন শীৰ্ষ ন্যায়ালয়ে নাকচ কৰে আৰু দেশৰ শীৰ্ষ বেংকটোক মঙলবাৰে লেনদেনৰ সময়ৰ ভিতৰতে সকলো বিৱৰণ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিবলৈ কয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে ৰাজনৈতিক পুঁজিৰ ক্ষেত্ৰত স্বচ্ছতা বৃদ্ধিৰ লক্ষ্যৰে ৰাজনৈতিক দলসমূহক দিয়া নগদ অনুদানৰ বিকল্প হিচাপে নিৰ্বাচনী বণ্ড প্ৰৱৰ্তন কৰা হৈছিল । নিৰ্বাচনী বণ্ডৰ প্ৰথম বিক্ৰী ২০১৮ চনৰ মাৰ্চত হৈছিল । এক কৰ্তৃত্বপ্ৰাপ্ত বেংক একাউণ্টৰ জৰিয়তে এক যোগ্য ৰাজনৈতিক দলে কেৱল নিৰ্বাচনী বণ্ডবোৰ মুকলি কৰিব লাগিছিল আৰু এই বণ্ড জাৰি কৰাৰ বাবে ভাৰতীয় ষ্টেট বেংক (এছবিআই) হৈছে একমাত্ৰ কৰ্তৃত্বপ্ৰাপ্ত বেংক ।

লগতে পঢ়ক :কেৱল চীনৰে নহয়, ভাৰতৰো চুবুৰীয়াৰ সৈতে সম্পৰ্ক মধুৰ নহয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.