ETV Bharat / bharat

কংগ্ৰেছ-সমাজবাদী পাৰ্টীৰ মিত্ৰতা নিশ্চিত; উত্তৰ প্ৰদেশত কংগ্ৰেছে পাব পাৰে ১৭ খন আসন

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 5:07 PM IST

SP Congress Alliance : ইণ্ডি মিত্ৰজোঁটৰ থৰক-বৰক স্থিতিত বুধবাৰে যেন অলপ জীৱনী শক্তি লাভ কৰে । উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ মাজৰ মিত্ৰতা প্ৰায় নিশ্চিত হৈছে । এছপিয়ে উত্তৰ প্ৰদেশত কংগ্ৰেছক ১৭ খন আসন দিবলৈ প্ৰায় সন্মত হৈছে ।

উত্তৰ প্ৰদেশত কংগ্ৰেছে পাব পাৰে ১৭ খন আসন

নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী : ইণ্ডি মিত্ৰজোঁট গঠন হোৱাৰে পৰা প্ৰতি মাহে কোনোবা নহয় কোনোবা এটা দল মিত্ৰতাৰ পৰা আঁতৰি গৈ আছে । বিগত মাহত অৰ্থাৎ জানুৱাৰীত নীতিশ কুমাৰে ইণ্ডি মিত্ৰজোঁট ত্যাগ কৰে । আনহাতে, উত্তৰ প্ৰদেশতো সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ মাজত কোনো মিল নাছিল । ইফালে আৰএলডিও মিত্ৰতাৰ পৰা পৃথক হয় । এক কথাত ক'বলৈ গ'লে সকলো ফালৰ পৰা ইণ্ডি মিত্ৰজোঁটৰ বাবে বেয়া খবৰ আহি আছে ।

কিন্তু তাৰ মাজতে বুধবাৰে উত্তৰ প্ৰদেশৰ পৰা ইণ্ডি মিত্ৰজোঁটৰ বাবে এক ভাল খবৰ আহে । উত্তৰ প্ৰদেশত এছপি আৰু কংগ্ৰেছৰ মাজত আসন বুজাবুজিৰ ওপৰত আলোচনা প্ৰায় শেষ হৈছে । এছপি প্ৰধান অখিলেশ যাদৱেও মোৰাদাবাদত ইয়াৰ ইংগিত দিয়ে । আনহাতে, ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাৰ পূৰ্বে সমাজবাদী পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱে যাত্ৰাত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ।

কিন্তু এই যাত্ৰাই লক্ষ্ণৌ এৰাৰ পাছতে দুয়োটা দলৰ মাজত আসন ভাগ-বাটোৱাৰাৰ বিবাদে মিত্ৰতাক পুনৰ বিপদত পেলায় । যাত্ৰাই লক্ষ্ণৌ এৰাৰ এদিন পিছত মিত্ৰতাৰ বাবে দুয়োটা দলৰ মাজত ৰণনীতি নিৰ্ধাৰণ কৰা হয় ।

ইয়াৰ মাজতে কংগ্ৰেছ মুখপাত্ৰ কে ৰায়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে বুধবাৰে সন্ধিয়া মিত্ৰতা সন্দৰ্ভত দুয়োটা দলৰ হৈ এখন যুটীয়া সংবাদমেল অনুষ্ঠিত হ'ব । কংগ্ৰেছ দলৰ হৈ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা উত্তৰ প্ৰদেশৰ ভাৰপ্ৰাপ্ত বিষয়া অবিনাশ পাণ্ডে আৰু ৰাজ্যিক সভাপতি অজয় ৰায় উপস্থিত থাকিব ।

উল্লেখ্য যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাৰ পিছত এছপি সভাপতি অখিলেশ যাদৱে কৈছিল যে তেওঁ ৰায়বৰেলী আৰু আমেথিত এই যাত্ৰাত যোগদান কৰিব । কিন্তু মিত্ৰজোঁটত আসন ভাগ-বাটোৱাৰাক লৈ সৃষ্টি হোৱা অচলাৱস্থাৰ বাবে অখিলেশ যাদৱে ৰাহুল গান্ধীৰ যাত্ৰাত যোগদান কৰিবলৈ অস্বীকাৰ কৰে । ইয়াৰ মাজতে মঙলবাৰে ৰাহুল গান্ধীৰ যাত্ৰা লক্ষ্ণৌৰ মাজেৰে পাৰ যোৱাৰ সময়ত উত্তৰ প্ৰদেশত ইণ্ডি মিত্ৰজোঁট ভংগ হোৱাৰ বাতৰিও পোহৰলৈ আহে ।

ইয়াৰ মূল কাৰণ হিচাপে ব্যাখ্যা কৰ হয় যে আসন ভাগ-বাটোৱাৰাক লৈ অখিলেশ যাদৱৰ খং উঠিছে আৰু তেওঁ যিকোনো সময়তে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভাঙিব পাৰে । পূৰ্বতে আশা কৰা হৈছিল যে এছপি মুৰব্বীগৰাকীয়ে ৰাহুল গান্ধীৰ লক্ষ্ণৌ ভ্ৰমণত যোগদান কৰিব পাৰে, কিন্তু কাৰ্যত সেয়া নহ'ল । ইয়াৰ বিপৰীতে লক্ষ্ণৌত যাত্ৰা প্ৰৱেশৰ লগে লগে সমাজবাদী পাৰ্টীয়ে লোকসভাৰ প্ৰাৰ্থীৰ তৃতীয়খন তালিকা প্ৰকাশ কৰে ।

এতিয়া শেহতীয়া তথ্য মতে, উত্তৰ প্ৰদেশত কংগ্ৰেছে আমেথি আৰু ৰায়বৰেলীকে ধৰি 17 খন আসন লাভ কৰিব পাৰে । কংগ্ৰেছ দলৰ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, বাৰাণসী আসনখনো কংগ্ৰেছক দিবলৈ সন্মত হৈছে । ইয়াৰ উপৰি শ্ৰৱস্তী আৰু সীতাপুৰো কংগ্ৰেছৰ হাতলৈ আহিব বুলি আশা কৰা হৈছে । উল্লেখ্য যে আসন বুজাবুজিক লৈ দুয়োটা দলৰ মাজত দীৰ্ঘদিন ধৰি সংগ্ৰাম চলি আছে । অৱশেষত এই বিষয়টো দুয়োৰে মাজত নিষ্পত্তি কৰা হয় ।

লগতে পঢ়ক :ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিত পুষ্পাঞ্জলি গ্ৰীচ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.