নেশ্যনেল ডেস্ক,১৩ মে': ঝাৰখণ্ডৰ পালামুত চাঞ্চল্যকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । পালামুৰ মানাতু আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ৰহেয়া নৌদিহাৰ এলেকাত ভগা ছিগা সামগ্ৰী কাটি থকাৰ সময়তে এই বিস্ফোৰণটো সংঘটিত হয় । বিস্ফোৰণটোক ৫ গৰাকী লোকৰ মৃত্যু হয় । জানিব পৰা মতে ইষ্টিয়াক আনছাৰী ওৰফে ছটু, তেওঁৰ পুত্ৰ শ্বহাদত আনছাৰী আৰু গাঁওখনৰে শ্বাহিদ আনছাৰী, বাৰিছ আনছাৰীৰ থিতাতে মৃত্যু হয় । আন ৪ টা শিশু গুৰুতৰভাৱে আহত হয় ।
আটাইকেইটা আহত শিশুক চিকিৎসাৰ বাবে মেদিনীৰাই চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মজিদ আনছাৰীক চিকিৎসাৰ বাবে আৰআইএমএছলৈ প্ৰেৰণ কৰা হয় । কিন্তু মজিদ আনছাৰীৰ আৰআইএমএছলৈ লৈ যোৱাৰ পথতে মৃত্যু হয় । সোমবাৰে মৃতদেহ কেইটাৰ মৰণোত্তৰ পৰীক্ষা কৰা হয় ।
স্থানীয় লোকসকলে কোৱা মতে বিস্ফোৰণত মৃত্যু হোৱা ইষ্টিয়াক আনছাৰীয়ে কিছুদিন পূৰ্বে ভগা ছিগা সামগ্ৰীৰ ব্যৱসায় (কাৱাৰী) আৰম্ভ কৰিছিল । ইস্তিয়াকে এখন গাঁৱৰ পৰা শেহতীয়াকৈ ২০ টকাত এডাল লোৰ পাইপ আৰু এটা টিভি ক্ৰয় কৰি আনিছিল । দেওবাৰে সন্ধিয়া, ইস্তিয়াকে সেই পাইপডাল কাটি আছিল । সেই সময়তে এটা বিস্ফোৰণ হৈছিল । য'ত ইস্তিয়াক আনছাৰী আৰু তেওঁৰ দুই পুত্ৰসহ ৫ গৰাকী লোকৰ মৃত্যু হয় । ঘটনাটোৰ পিচতে গাঁওখনত শোকৰ ছাঁ পৰিছে । ইফালে এই খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ।
ফ'ৰেনছিকৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈ নমুনা সংগ্ৰহ কৰিছে । কিন্তু এতিয়াও জানিব পৰা হোৱা নাই বিস্ফোৰণটো ক'ৰ পৰা হৈছিল ?