ETV Bharat / bharat

পানীৰ অপচয়-অপব্যৱহাৰ কৰিলেই এতিয়াৰে পৰা ভৰিব লাগিব জৰিমনা - Water Crisis

Fine for wasting water : জনস্বাস্থ্য কাৰিকৰী বিভাগে অপচয় আৰু পানীৰ অপব্যৱহাৰ প্ৰতিহত কৰিবলৈ এক নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশৰ অধীনত, যিকোনো ব্যক্তিয়ে ঘৰুৱা যদি পানী আন যিকোনো উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰে বা ইয়াক অপচয় কৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। আজিৰে পৰা ৰাজ্যখনত এই নতুন আদেশ কাৰ্যকৰী হৈছে।

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 5:12 PM IST

Fine for wasting water
পানী নষ্ট কৰিলেই ভৰিব লাগিব জৰিমনা (ETV BHARAT)

নেশ্যনেল ডেস্ক, 8 জুলাই : পানী অপচয় কৰিলে এতিয়াৰে পৰা জৰিমনা ভৰিব লাগিব ৷ ঘৰুৱাভাৱে ব্যৱহৃত পানী যদি অপচয় কৰে বা আন কোনো কামত ব্যৱহাৰ কৰে, তেন্তে ভৰিব লাগিব জৰিমনা ৷ ইতিমধ্যে ৰাজস্থান চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিবৰ তৰফৰ পৰা এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰা হৈছে ৷ এই নিৰ্দেশনাৰ অধীনত যদি কোনোবাই ঘৰুৱা পানী আন কোনো কামত ব্যৱহাৰ কৰে বা অপচয় কৰে তেন্তে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ যদি কোনোবাই এই ভুল কৰে, তেন্তে জৰিমনা ভৰিব লাগিব আৰু পানীৰ সংযোগো বিচ্ছিন্ন হ'ব পাৰে ৷ আজিৰে পৰা ৰাজ্যখনত কাৰ্যকৰী হৈছে এই নতুন নিৰ্দেশ ৷ পানীৰ অপব্যৱহাৰৰ ক্ষেত্ৰতো এহেজাৰ টকা জৰিমনা বিহা হ’ব ৷ জল যোগান সচিবে জাৰি কৰিছে এই নিৰ্দেশ ৷

বিগত 5 জুলাইত জল যোগান বিভাগৰ চৰকাৰী সচিব সমিত শৰ্মাই জাৰি কৰিছিল এই চাৰ্কুলাৰ ৷ তেওঁ কয় যে জল যোগান আৰু নলা নিগম আইন, 1979ৰ বিধানসমূহ পানী সংৰক্ষণৰ বাবে ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰাটো প্ৰয়োজন ৷ এই আইনৰ অধীনত ঘৰুৱা পানী অপচয় কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ এই আইনৰ বিধানসমূহ কঠোৰভাৱে কাৰ্যকৰী কৰাৰ প্ৰয়োজনীয়তা আছে বুলিও তেওঁ কয় ৷ আইনখনৰ বিধানে অপচয় ৰোধ কৰিব আৰু আমাৰ জলসম্পদ সংৰক্ষণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে, পানী সীমিত, যিটো বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে অতি প্ৰয়োজনীয় ৷

লগতে পঢ়ক : জল সংকট: অপ্ৰয়োজনীয় কামত পানী ব্যৱহাৰ কৰাৰ বাবে ২২টা পৰিয়ালক ৫ হাজাৰকৈ জৰিমনা - Bengaluru Water Crisis

এইবোৰ কামত পানী ব্যৱহাৰ কৰা নহ’ব :

ঘৰুৱা কামত দিয়া পানী অঘৰুৱা কামত ব্যৱহাৰ কৰা নহ’ব ৷ কোনো ব্যৱসায় বা নিৰ্মাণত ঘৰুৱা পানী ব্যৱহাৰ কৰা নহ’ব ৷ পাকঘৰ আৰু ঘৰুৱা বাগিচাৰ বাহিৰে আন বাৰী আৰু জলসিঞ্চনৰ কামত ঘৰুৱা পানী ব্যৱহাৰ কৰা নহ’ব ৷ অট্টালিকা নিৰ্মাণ, ৰাজহুৱা ফোৱাৰা, চুইমিং পুল বা অন্যান্য সজ্জাৰ কামতো ঘৰুৱা পানী ব্যৱহাৰ কৰা নহ’ব ৷ ৰেষ্টুৰেণ্ট, হোটেল, বৰ্ডিং হাউচ বা আৱাসিক ক্লাব, থিয়েটাৰ, চিনেমা হল আনকি পথত পানী যোগান ধৰাৰ বাবেও ঘৰুৱা পানী ব্যৱহাৰ কৰিব নোৱাৰিব ৷ বাহন ধোৱাৰ বাবেও ঘৰুৱা পানী ব্যৱহাৰ কৰিব নোৱাৰিব ৷ পি এইচ ই ডিৰ দ্বাৰা পানী যোগান ধৰা চৌহদৰ মালিক বা দখলকাৰীয়ে পানী অপচয় কৰিব নোৱাৰিব ৷ যদি চাৰ্ভিচ পাইপ, ফিটিং বা টেপৰ পৰা লিকেজ হয় তেন্তে গ্ৰাহকে তৎক্ষণাত মেৰামতি কৰিব লাগিব ৷

পানীৰ অপব্যৱহাৰ আৰু অপচয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব :

যদি কোনো গ্ৰাহকে পানী অপচয় কৰে আৰু দোষী সাব্যস্ত হয় তেন্তে তেওঁক 1000 টকা পৰ্যন্ত জৰিমনা বিহা হ’ব ৷ ইয়াৰ পাচতো যদি পানীৰ অপচয় বন্ধ নহয় তেন্তে প্ৰতিদিনে পঞ্চাশ টকাৰ অতিৰিক্ত জৰিমনা আদায় কৰা হ’ব ৷ ইয়াৰ পিচতো পানীৰ অপচয় হ’লে পানীৰ সংযোগ বিচ্ছিন্ন হ’ব আৰু ইয়াৰ বাবে শাস্তিৰো ব্যৱস্থা কৰা হৈছে ৷ পানী যোগান আৰু নলা নিগম আইন 1979ৰ অধীনত পি এইচ ই ডিৰ বিষয়াসকলে যিকোনো চৌহদৰ পৰা পানীৰ সংযোগ বিচ্ছিন্ন কৰিব পাৰে ৷ গ্ৰাহকে পৰিদৰ্শনৰ বাবে অহা বিষয়া বা কৰ্মচাৰীক প্ৰৱেশত বাধা দিব নোৱাৰে ৷

উল্লেখ্য যে, পানীৰ অপচয় আৰু অপব্যৱহাৰ তথা পানীৰ নাটনি ৰোধ কৰিবলৈ ৰাজস্থানৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে লৈছে এই কঠোৰ ব্যৱস্থা ৷

লগতে পঢ়ক : হাথৰছৰ ধৰ্মীয় সমাৱেশত বিষাক্ত দ্ৰব্য স্প্ৰে’ কৰিছিল কোনোৱে: অধিবক্তাৰ অভিযোগ - Hathras stampede tragedy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.