ETV Bharat / bharat

টেক্সি ড্ৰাইভাৰে মূল্যৱান সামগ্ৰী লুটি নিলে: এমাহ ধৰি পুৰীত আবদ্ধ হৈ থাকিল বিদেশী পৰ্যটক

Robbery incident: ২৫ জানুৱাৰীত পুৰীত সংঘটিত হৈছিল এক লুটপাতৰ ঘটনা ৷ টেক্সিচালক এজনে পৰ্যটক এজনৰ মূল্যৱান সামগ্ৰী লুটি লৈ যায় ৷ যাৰ বাবে নেডাৰলেণ্ডৰ এই পৰ্যটকজন পুৰীত এমাহৰো অধিক সময় ধৰি আৱদ্ধ হৈ থাকিবলগীয়া হৈছে বুলি জানিব পৰা গৈছে ।

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 10:40 PM IST

Robbed of valuables by cabby, foreign tourist stuck in Puri for a month
ভুক্তভোগী পৰ্যটক

নেশ্যনেল ডেস্ক, 1 মাৰ্চ : ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ আগত সদায় ঠাইখনৰ বিষয়ে কিছু জ্ঞান আহৰণ কৰি যোৱাটো আজিকালিৰ দিনত অতিকে জৰুৰী ৷ দেশ যিমানে আগবাঢ়িছে চোৰ-ডকাইতৰ সংখ্যাও বাঢ়িছে ৷ ভাল বেয়া সকলোতে থাকে, সেইটো সঁচা যদিও এই কৃত্ৰিমতাৰ যুগটোত মানুহ বিশ্বাস কৰিবলৈ টান ৷ তেনে এক বিশ্বাসঘাতকতাৰ সন্মুখীন হ’ল এজন পৰ্যটক ৷ নেডাৰলেণ্ডৰ পৰা ফুৰিবলৈ আহিছিল তেওঁ ৷ তীৰ্থভূমি পুৰীত টেক্সিচালকে লুটি শেষ কৰিলে তেওঁক ৷

Robbed of valuables by cabby, foreign tourist stuck in Puri for a month
আবদ্ধ হৈ থাকিল বিদেশী পৰ্যটক

পৰ্যটকজনৰ নাম এণ্টনী ভান আৰ্কেল । টেক্সিচালকে তেওঁৰ সমস্ত লৈ যোৱাৰ ফলত তেওঁ সম্পূৰ্ণৰূপে টকাহীন হৈ পৰে ৷ তেতিয়াৰ পৰাই নীলাদ্ৰী নিলয় আশ্ৰয় শিবিৰত থাকিবলৈ লয় । প্ৰাপ্ত খবৰ অনুসৰি, জানুৱাৰী মাহত উপকূলীয় চহৰখন ভ্ৰমণ কৰিবলৈ আহিছিল এণ্টনী ৷ সেই সময়তে এণ্টনী চোৰৰ কৱলত পৰে । টেক্সিচালকে ৬ লাখ টকা নগদ ধন, হীৰাৰ আঙুঠি আৰু এণ্টনীৰ কেমেৰা লৈ উধাও হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

সকলো হেৰুৱাই এণ্টনীয়ে আৰক্ষীৰ ওচৰলৈ গৈ এজাহাৰ দাখিল কৰে । তেওঁৰ ধন বিচাৰি উলিওৱাত সহায় কৰিবলৈ ওড়িশা চৰকাৰক আবেদন জনাইছে যাতে তেওঁ নিজৰ দেশলৈ উভতি যাব পাৰে । "ড্ৰাইভাৰে মোৰ টকা আৰু মোৰ কাৰ্ড চুৰি কৰি নিছিল ৷ যেতিয়া মই তেওঁৰ ঘৰত আছিলো তেতিয়া তেওঁ মোৰ ঘড়ী, মোৰ হীৰাৰ আঙুঠি আৰু টকা চুৰি কৰিছিল । মই আৰক্ষী আৰু চৰকাৰক অনুৰোধ জনাইছো যাতে মোক পুৰীৰ পৰা বাহিৰলৈ ওলাবলৈ আৰু ঘৰলৈ উভতি যাবলৈ বিমান ধৰাত সহায় কৰে," এণ্টনীয়ে কেমেৰাৰ সন্মুখত এইদৰে অনুৰোধ জনায় ।

এণ্টনীক সকলো সময়তে সহায় কৰি অহা সমাজকৰ্মী ডেনিয়েল নায়কে কয়, "মই প্ৰশাসনক অভিযুক্ত চালকজনক ধৰিবলৈ আৰু এণ্টনীক সহায় কৰিবলৈ অনুৰোধ জনাইছো যাতে তেওঁ সুৰক্ষিতভাৱে তেওঁৰ ঘৰত উপস্থিত হ'ব পাৰে ।"

অভিযোগৰ পিচত, আৰক্ষীয়ে টেক্সিখন বিচাৰি পাইছে আৰু ইয়াক জব্দ কৰিছে । কিন্তু অভিযুক্ত চালকজন এতিয়াও পলাতক অৱস্থাত আছে । ইফালে, পুৰীৰ এছপিয়ে জনাইছে যে নেডাৰলেণ্ডৰ দূতাবাসৰ সৈতে যোগাযোগ কৰা হ’ব আৰু পৰ্যটকজনক সুৰক্ষিতভাৱে ঘৰলৈ প্ৰেৰণ কৰাৰ বাবে উপযুক্ত পদক্ষেপ লোৱা হ’ব ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীক লগ পোৱাৰ সপোন : ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম লিপিবদ্ধ 6 বছৰীয়া শিশুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.