ETV Bharat / bharat

আৰ জি কৰ চিকিৎসা হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ - RG Kar rape case - RG KAR RAPE CASE

CBI arrested Sandip Ghosh: কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক অৱশেষত গ্ৰেপ্তাৰ । দীঘলীয়া জেৰাৰ অন্তত চি বি আয়ে ঘোষক গ্ৰেপ্তাৰ কৰে ৷

CBI arrested Sandip Ghosh
সন্দীপ ঘোষক গ্ৰেপ্তাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 9:31 PM IST

নিউজ ডেস্ক, 2 ছেপ্টেম্বৰ: অৱশেষত চি বি আয়ে গ্ৰেপ্তাৰ কৰিলে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক । যোৱা দুসপ্তাহ ধৰি তেওঁ পুৱা চি জি অ’ কমপ্লেক্সলৈ আহি চি বি আইৰ জেৰাত অংশগ্ৰহণ কৰিছিল আৰু সন্ধিয়া বা ৰাতি ঘৰলৈ উভতি গৈছিল । কিন্তু সোমবাৰে সন্ধিয়া চি বি আইৰ বিষয়াসকলে সন্দীপ ঘোষক বিত্তীয় অনিয়মৰ গোচৰত গ্ৰেপ্তাৰ কৰে ৷

এই সন্দৰ্ভত চি বি আয়ে কোনো স্পষ্ট উত্তৰ দিয়া নাই, কিন্তু সূত্ৰৰ মতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁক চি জি অ’ৰ পৰা নিজাম পেলেচলৈ লৈ যোৱা হৈছে, তাত চি বি আইৰ কাৰ্যালয় আছে ।

উল্লেখ্য যে, কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ গোচৰৰ পিছতেই বহুকেইটা অভিযোগ উঠিছিল ৷ দেশজুৰি ভুক্তভোগী চিকিৎসকগৰাকীৰ ন্য়ায়ৰ দাবীত প্ৰতিবাদৰ জোৱাৰ উঠে ৷ সেই সময়তেই পদত্য়াগ কৰিছিল প্ৰতিষ্ঠানখনৰ অধ্যক্ষ সন্দীপ ঘোষে ৷

পৰৱৰ্তী সময়ত চি বি আইত ঘোষৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গোচৰ ৰুজু হয় আৰু তদন্তকাৰী সংস্থাটোৱে দীঘলীয়া জেৰাৰ অন্তত সোমবাৰে ঘোষক গ্ৰেপ্তাৰ কৰে ৷

আৰ্থিক দুৰ্নীতিৰ অভিযোগৰ উপৰিও চি বি আয়ে মহিলা চিকিৎসকগৰাকীক ধৰ্ষণ আৰু হত্যাৰ তদন্ত চলাই আছে, কিয়নো এই কাণ্ডৰ সময়ত ঘোষ চিকিৎসালয়খনৰ প্ৰশাসক আছিল । বাৰে বাৰে জেৰাৰ সন্মুখীন হৈছিল ঘোষ, সোমবাৰেও চি জি অ’ কমপ্লেক্সলৈ আন এক চমন আহে ।

আৰ জি কৰৰ প্ৰাক্তন উপ-অধীক্ষক আখতাৰ আলীয়ে ঘোষৰ বিৰুদ্ধে চিকিৎসাৰ আৱৰ্জনা দুৰ্নীতি, চৰকাৰী ধন আত্মসাৎ, নেপ’টিজিম, ক্ৰয় আইন উলংঘাকে ধৰি আৰ্থিক অনিয়মৰ অভিযোগ উত্থাপন কৰাৰ পিছতে তদন্ত আৰম্ভ হয় । কলকাতা উচ্চ ন্যায়ালয়ে চি বি আইক দুৰ্নীতিৰ গোচৰৰ তদন্তৰ নিৰ্দেশ দি ঘোষক ছুটী ল’বলৈ নিৰ্দেশ দিয়ে ।

এফ আই আৰত ঘোষৰ নাম উল্লেখ কৰা হৈছে, লগতে মধ্য ঝোৰেহাটৰ মা তাৰা ট্ৰেডাৰ্ছ, বেলগাছিয়াৰ এছান কেফে, আৰু খানা লোহাৰ নাম উল্লেখ কৰা হৈছে । পশ্চিম বংগ চৰকাৰৰ জ্যেষ্ঠ বিশেষ সচিব দেবাল কুমাৰ ঘোষৰ এজাহাৰৰ পাছতে চৰকাৰে গঠন কৰা বিশেষ অনুসন্ধান দল (এছ আই টি)ৰ এটা গোচৰৰ ভিত্তিত এই এফ আই আৰ দাখিল কৰা হৈছে । চি বি আয়ে আই পি চিৰ ধাৰা ১২০বি (অপৰাধমূলক ষড়যন্ত্ৰ), ৪২০ ধাৰা (প্ৰৱঞ্চনা), আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৭ নং ধাৰাত গোচৰ ৰুজু কৰিছে ।

লগতে পঢ়ক: নতুন বিপদত আৰ জি কৰ চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ; সন্দীপ ঘোষৰ আই এম এ সদস্যপদ নিলম্বন - RG Kar Rape Murder case

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষৰ বাসগৃহসহ ১৫ টা স্থানত চিবিআইৰ অভিযান - Kolkata doctor rape murder case

অভয়াকাণ্ড: প্ৰাক্তন অধ্যক্ষৰ পলিগ্ৰাফ টেষ্টৰ বাবে আদালতত চি বি আইৰ আবেদন - RG KAR MEDICAL COLLEGE RAPE CASE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.