ETV Bharat / bharat

কোন হ’ব ৰতন টাটাৰ উত্তৰসূৰী ? চৰ্চাত টাটা পৰিয়ালৰ কেবাজনো সদস্যৰ নাম - RATAN TATA PASSES AWAY

Ratan Tata successor: ৰতন টাটাৰ পিছত এতিয়া কোনে নেতৃত্ব দিব টাটা গ্ৰুপক ? চিৰকুমাৰ ৰতন টাটাৰ উত্তৰাধিকাৰীক লৈ চৰ্চাত কেবাটাও নাম-

RATAN TATA PASSES AWAY
Ratan Tata successor (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 10, 2024, 1:13 PM IST

Updated : Oct 10, 2024, 7:40 PM IST

নিউজ ডেস্ক, 10 অক্টোবৰ: ভাৰতৰ সৰ্ববৃহৎ ব্যৱসায়িক সংস্থা টাটা গ্ৰুপৰ অধ্যক্ষ এমেৰিটাছ ৰতন টাটাই বুধবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে । ৮৬ বছৰ বয়সত মহাপ্ৰয়াণ ঘটে উদ্য়োগপতিগৰাকীৰ । ৰতন টাটা আছিল এগৰাকী উল্লেখযোগ্য ব্যৱসায়ী আৰু দানবীৰ । তেওঁৰ সাফল্যই ভাৰতৰ অৰ্থনীতিক যথেষ্ট প্ৰভাৱিত কৰিছিল । প্ৰায়ে অন্তৰ্মুখী আৰু অকলশৰীয়া বুলি চৰ্চিত ৰতন টাটা ভাৰতৰ বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত ব্যৱসায়িক ব্যক্তিসকলৰ ভিতৰত অন্যতম । ২০ বছৰতকৈ অধিক সময় টাটা গ্ৰুপৰ নেতৃত্ব দিয়াৰ পিছত ২০১২ চনত ৭৪ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে ।

ৰতন টাটাৰ উত্তৰাধিকাৰী কোন হ’ব: ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্য়াগ কৰা ৰতন টাটাৰ উত্তৰাধিকাৰিত্বক লৈ বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । কিয়নো তেওঁ আছিল চিৰকুমাৰ আৰু তেওঁৰ কোনো উত্তৰাধিকাৰীও নাই ৷ টাটা গ্ৰুপৰ ৩,৮০০ কোটি টকাৰ বিশাল ব্যৱসায়িক সাম্ৰাজ্য পৰিচালনাৰ ক্ষেত্ৰত তেওঁৰ ঠাই কোনে ল’ব ? অৱশ্যে টাটা গ্ৰুপে ইতিমধ্যে উত্তৰাধিকাৰৰ পৰিকল্পনা কৰিছে ।

২০১৭ চনত এন চন্দ্ৰশেখৰন হোল্ডিং কোম্পানী টাটা ছন্সৰ অধ্যক্ষ হয় । পৰিয়ালটোৰ আন সদস্যসকলেও ব্যৱসায়ৰ বিভিন্ন বিভাগৰ নেতৃত্ব দি আছে আৰু ভৱিষ্যতে নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।

  1. ন’ৱেল টাটা: সম্ভাৱ্য উত্তৰাধিকাৰীৰ মাজত ন’ৱেল টাটাই এজন শক্তিশালী দাবীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে । ছিমন ডুনয়ৰৰ সৈতে নাভাল টাটাৰ দ্বিতীয় বিবাহৰ পিছত ন’ৱেল টাটাৰ জন্ম হয় আৰু তেওঁ ৰতন টাটাৰ ভাতৃ । এই পাৰিবাৰিক সংযোগে ন’ৱেল টাটাক টাটা গ্ৰুপৰ উত্তৰাধিকাৰৰ এক মূল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰে । মায়া, নেভিল আৰু লিয়া টাটা হৈছে ন’ৱেল টাটাৰ তিনি সন্তান যি টাটা সাম্ৰাজ্যৰ সম্ভাৱ্য উত্তৰাধিকাৰী ।
  2. মায়া টাটা: ৩৪ বছৰীয়া মায়া টাটাই টাটা গ্ৰুপত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে । বেইছ বিজনেছ স্কুল আৰু ইউনিভাৰ্চিটি অৱ ৱাৰউইকত শিক্ষাগ্ৰহণ কৰা তেওঁ টাটা অপাৰ্চনিটিজ ফাণ্ড আৰু টাটা ডিজিটেলত মূল ভূমিকা পালন কৰি আহিছে । টাটা নিউ এপ মুকলি কৰাত তেওঁৰ কৌশলগত অন্তৰ্দৃষ্টি আৰু দূৰদৰ্শিতা অতি গুৰুত্বপূৰ্ণ আছিল ।
  3. নেভিল টাটা: ৩২ বছৰীয়া নেভিল, টাটা পৰিয়ালৰ ব্যৱসায়ৰ সৈতে সক্ৰিয়ভাৱে জড়িত । টয়োটা কিৰ্লোস্কাৰ গ্ৰুপৰ মানসী কিৰলোস্কাৰৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয় । নেভিলে ট্ৰেণ্ট লিমিটেডৰ অধীনত থকা এটা বিখ্যাত হাইপাৰমাৰ্কেট চেইন ষ্টাৰ বাজাৰৰ নেতৃত্ব দিয়ে, যিয়ে টাটা গ্ৰুপৰ ভৱিষ্যতৰ নেতা হিচাপে তেওঁৰ সম্ভাৱনাক উজ্জ্বল কৰি তোলে ।
  4. লিয়া টাটা: ৩৯ বছৰীয়া লিয়া টাটাই টাটা গ্ৰুপৰ হোটেল খণ্ডলৈ নিজৰ বিশেষজ্ঞতা আনে । স্পেইনৰ আই ই বিজনেছ স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা লিয়াই তাজ হোটেল ৰিজৰ্টছ এণ্ড পেলেছলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে । বৰ্তমান তেওঁ ভাৰতীয় হোটেল কোম্পানীটোৰ কাৰ্যকলাপ চোৱাচিতা কৰে, হোটেল উদ্যোগত গোটটোৰ অস্তিত্ব বিকাশৰ বাবে তেওঁ কাম কৰি আছে ।

লগতে পঢ়ক: ১৯৬২ চনৰ চীনা যুদ্ধৰ বাবেই চিৰকুমাৰ হৈ ৰ’ল ৰতন টাটা !

ৰতন টাটা: দেশৰ আটাইতকৈ সন্মানীয় ব্যৱসায় সম্ৰাট তথা দানবীৰগৰাকীৰ জীৱনৰ কিছু কথা

Last Updated : Oct 10, 2024, 7:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.