ETV Bharat / bharat

ৰক্তদাতাৰ সন্ধানত ৰতন টাটা : কাৰ বাবে বিচাৰিলে তেজ ? - Ratan Tata in search of blood donor

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 4:55 PM IST

Ratan Tata in search of blood donor: উদ্যোগপতি তথা সমাজসেৱক ৰতন টাটাই পুনৰবাৰ দেখুৱালে মহানুভৱতা । মানৱদৰদী হিচাপে খ্যাতি লাভ কৰা উদ্যোগপতিগৰাকী এইবাৰ ব্যাকুল হৈ পৰিল এটা কুকুৰৰ জীৱনক লৈ । ছ'চিয়েল মিডিয়াত প'ষ্ট কৰি জীৱনৰ প্ৰতি ভাবুকি অহা ৰক্তহীনতাত ভুগি থকা এটা কুকুৰক ৰক্তদানৰ বাবে আবেদন জনালে ৰতন টাটাই ।

Ratan Tata in search of blood donor
ৰক্তদাতাৰ সন্ধানত ৰতন টাটা (Ratan Tata Instagram)

নেশ্যনেল ডেস্ক,২৭ জুন: উদ্যোগপতি আৰু সমাজসেৱক ৰতন টাটাই ইনষ্টাগ্ৰামৰ জৰিয়তে মুম্বাইৰ জনসাধাৰণলৈ জনালে এক বিশেষ আহ্বান । ৰতন টাটাই তেওঁৰ গুৰুতৰভাৱে অসুস্থ এটা কুকুৰৰ বাবে এজন ৰক্তদাতা বিচাৰিবলৈ তাৎক্ষণিক সহায় বিচাৰি ইনষ্টাগ্ৰামত কৰে এক বিশেষ প'ষ্ট । টাটাৰ সৰু পশু চিকিৎসালয়ত ভৰ্তি হোৱা এটা সাত মাহৰ কুকুৰ সন্দেহজনক টিক জ্বৰ আৰু জীৱনৰ বাবে বিপদজনক হিচাপে বিবেচিত হোৱা ৰক্তহীনতাত ভুগি আছে ।

ৰতন টাটাই তেওঁৰ ইনষ্টাগ্ৰাম প'ষ্টত লিখে, "মই আপোনাৰ সহায়ক সঁচাকৈয়ে প্ৰশংসা কৰো । আমাৰ পশু চিকিৎসালয়ত চিকিৎসাধীন এই ৭ মাহৰ কুকুৰটোক জৰুৰীভাৱে তেজৰ প্ৰয়োজন । কুকুৰটো সন্দেহজনক টিক জ্বৰ আৰু বিপদজনকভাৱে ৰক্তহীনতাত ভোগাৰ বাবে ভৰ্তি কৰোৱা হৈছে । মুম্বাইত আমাৰ এটা কুকুৰ ৰক্তদাতাৰ জৰুৰী প্ৰয়োজন ।"

উল্লেখ্য যে, ইনষ্টাগ্ৰামৰ প'ষ্টত ৰতন টাটাই ৰুগীয়া কুকুৰটোৰ এখন ফটোও শ্বেয়াৰ কৰাৰ উপৰিও তেওঁৰ আবেদনত ব্যক্তিগত এখন ফটোও সংলগ্ন কৰে । ইয়াৰোপৰি ৰতন টাটাই দাতা কুকুৰৰ চৰ্তবোৰো উল্লেখ কৰে তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰা প'ষ্টটোত ।

দাতা কুকুৰৰ বাবে চৰ্ত

  • স্বাস্থ্যগতভাৱে সুস্থ
  • ১ ৰ পৰা ৮ বছৰ বয়সৰ ভিতৰত
  • ওজন কমেও ২৫ কিঃগ্ৰাঃ
  • সম্পূৰ্ণৰূপে টীকাকৰণ কৰা আৰু কৃমিহীন হোৱা
  • যিকোনো ডাঙৰ ৰোগৰ পৰা মুক্ত
  • যোৱা ছয় মাহত টিক জ্বৰৰ কোনো ইতিহাস নথকা

প'ষ্টটো কৰাৰ কিছুসময়ৰ পাচতে ব্যাপকভাৱে ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত । ৪.৮ লাখৰো অধিক লাইক আৰু কেইবাটাও সমৰ্থনমূলক মন্তব্য লাভ কৰে । উল্লেখ্য যে বিপদত পৰা জন্তুবোৰক সহায় কৰিবলৈ ৰতন টাটাই সামাজিক মাধ্যম ব্যৱহাৰ কৰা এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও চিয়ন চিকিৎসালয়ৰ ওচৰত পোৱা এটা অসুস্থ কুকুৰৰ বিষয়ে প'ষ্ট কৰি টাটাই এজন গৰাকী বিচাৰি সামাজিক মাধ্যমত প'ষ্ট কৰিছিল আৰু সেইখিনি সময়ত কুকুৰটোৰ যত্ন লোৱাৰ প্ৰস্তাৱ দিছিল ।

লগতে পঢ়ক:প্ৰবীণ বিজেপি নেতা এল কে আদৱানীক এইমছত ভৰ্তি - LK Advani admitted to AIIMS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.