ETV Bharat / bharat

ডিপথেৰিয়াৰ প্ৰাদুৰ্ভাৱত ৭ শিশুৱে প্ৰাণ হেৰুওৱাৰ পিচত ৰাজস্থানত বিশ্ব স্বাস্থ্য সংস্থাৰ দল

Diphtheria Outbreak in Rajasthan: বিগত এটা মাহত ডিগ জিলাৰ বিভিন্ন অঞ্চলত ডিপথেৰিয়াৰ ফলত তিনিৰ পৰা সাত বছৰ বয়সৰ সাতটা শিশুৰ মৃত্যু হৈছে ।

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2024, 2:02 PM IST

Diphtheria Outbreak in Rajasthan
ৰাজস্থানত ডিপথেৰিয়াৰ প্ৰাদুৰ্ভাৱ (ETV Bharat)

নিউজ ডেস্ক, ১৫ অক্টোবৰ : ৰাজস্থানত ডিপথেৰিয়াৰ প্ৰাদুৰ্ভাৱ ঘটিছে । যাৰ ফলত বিগত এটা মাহত ৰাজ্যখনৰ ডিগ জিলাত কমেও সাতটা শিশুৱে প্ৰাণ হেৰুৱাইছে । এই ঘটনাৰ পিচতে বিশ্ব স্বাস্থ্য সংস্থাৰ এটা দল ৰাজস্থানত উপস্থিত হৈছে ।

এই ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱা শিশুসকলৰ বয়স তিনিৰ পৰা সাত বছৰৰ ভিতৰত আছিল । তেওঁলোক দেগ জিলাৰ নগৰ, কামান আৰু পাহাদী অঞ্চলৰ বাসিন্দা আছিল । ইতিমধ্যে চিকিৎসা বিভাগে সমগ্ৰ জিলাখনত হাই এলাৰ্ট জাৰি কৰিছে । আনহাতে, ডিপথেৰিয়াত শিশুৰ মৃত্যু হোৱা জিলাখনৰ গাঁওবোৰত বিশ্ব স্বাস্থ্য সংস্থা আৰু জয়পুৰ স্বাস্থ্য বিভাগৰ দল উপস্থিত হৈ টীকাকৰণ আৰম্ভ কৰিছে ।

সন্দেহযুক্ত শিশুৰ নমুনা সংগ্ৰহ কৰা হৈছে । দেগৰ স্বাস্থ্য বিষয়া বিজয় সিংঘলে কয় যে ১৪ ছেপ্টেম্বৰত সুমিত নামৰ এটি সাত বছৰীয়া ল'ৰাৰ কামন অঞ্চলত ডিপথেৰিয়াত মৃত্যু হয় । ইয়াৰ পিচত চিকিৎসা বিভাগে কামন আৰু ইয়াৰ চৌপাশৰ অঞ্চলৰ শিশুসকলৰ স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰে । আনহাতে, ১৪ ছেপ্টেম্বৰৰ পৰা ১২ অক্টোবৰৰ ভিতৰত জিলাখনত ডিপথেৰিয়াত আৰু ছয়টা শিশুৰ মৃত্যু হয় ।

চৰকাৰী সূত্ৰ মতে জিলাখনত প্ৰায় ২৪ টা শিশুৰ পৰীক্ষা পজিটিভ হৈছে আৰু তেওঁলোকে চিকিৎসাধীন হৈ আছে । "এইটো এনে এটা ৰোগ, যিটো সচৰাচৰ হৈ থাকে । কিন্তু চৰকাৰে ইয়াৰ ভেকছিন বিনামূলীয়াকৈ প্ৰদান কৰা সত্ত্বেও মানুহে ভেকছিন ল'বলৈ নাহে । এই ৰোগটো কোৰিনেবেক্টেৰিয়াম বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হয় । বেক্টেৰিয়াই প্ৰথমে ডিঙিৰ ক্ষতি কৰে । সঠিক চিকিৎসাৰ অভাৱত এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাব পাৰে । এই ৰোগ প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে প্ৰতিখন গাঁৱত প্ৰতিমাহে ঘৰে ঘৰে গৈ টীকাকৰণ কৰা হয় । কিন্তু কিছুমান লোকে তেওঁলোকৰ সন্তানক টীকাকৰণ নকৰায় ।" স্বাস্থ্য বিষয়াগৰাকীয়ে কয় ।

ডিপথেৰিয়া কি ?

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ডিপথেৰিয়া হৈছে কোৰিনেবেক্টেৰিয়াম ডিপথেৰিয়া বেক্টেৰিয়াৰ দ্বাৰা হোৱা এবিধ সংক্ৰামক ৰোগ । ইয়াৰ উপসৰ্গ আৰু লক্ষণবোৰ সাধাৰণতে সংস্পৰ্শলৈ অহাৰ 2-5 দিন পাছত আৰম্ভ হয় আৰু মৃদুৰ পৰা গুৰুতৰলৈকে হয় । লক্ষণবোৰ ক্ৰমান্বয়ে বৃদ্ধি হৈ আহে । ইয়াৰ ভিতৰত আছে ডিঙিৰ বিষ আৰু জ্বৰত আক্ৰান্ত হোৱা ।

গুৰুতৰ ক্ষেত্ৰত বেক্টেৰিয়াই এক বিষাক্ত পদাৰ্থ (টক্সিন) প্ৰস্তুত কৰে, যাৰ ফলত ডিঙিৰ পিছফালে ডাঠ ধূসৰ বা বগা দাগ হয় । ই বায়ুপথ অৱৰুদ্ধ কৰিব পাৰে, যাৰ ফলত উশাহ লোৱা বা গিলিবলৈ কঠিন হয় আৰু প্ৰচণ্ড কাহ হয় । লিম্ফ নোড গ্ৰন্থিৰ আকাৰ বৃদ্ধিৰ বাবে ডিঙিটো আংশিকভাৱে ফুলিব পাৰে ।

আনহাতে, তেজৰ প্ৰবাহত টক্সিন সোমাই যাব পাৰে, যাৰ ফলত জটিলতা হ'ব পাৰে । ইয়াৰ ভিতৰত হৃদযন্ত্ৰৰ পেশীৰ প্ৰদাহ আৰু ক্ষতি, স্নায়ুৰ প্ৰদাহ, বৃক্কৰ সমস্যা আৰু নিম্ন ৰক্ত প্লেটলেটৰ ফলত ৰক্তক্ষৰণৰ সমস্যা হ'ব পাৰে । ক্ষতিগ্ৰস্ত হৃদযন্ত্ৰৰ পেশীৰ ফলত হৃদস্পন্দনৰ হাৰ অস্বাভাৱিক হ'ব পাৰে আৰু স্নায়ুৰ প্ৰদাহৰ ফলত পক্ষাঘাত হ'ব পাৰে ।

ডিপথেৰিয়া কেনেদৰে বিয়পে ?

  • ডিপথেৰিয়া পোনপটীয়া সংস্পৰ্শৰ দ্বাৰা বা শ্বাসপ্ৰশ্বাসৰ জৰিয়তে বায়ুৰ মাজেৰে মানুহৰ মাজত সহজে বিয়পে । যেনে কাহ বা হাঁচিৰ পৰা ই সংক্ৰমণ ঘটিব পাৰে । ই দূষিত কাপোৰ আৰু বস্তুৰ দ্বাৰাও বিয়পিব পাৰে ।

ডিপথেৰিয়াৰ কেইটামান মুখ্য তথ্য

  • ডিপথেৰিয়া হৈছে এক ভেকছিনৰ দ্বাৰা প্ৰতিৰোধযোগ্য ৰোগ । কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰস্তুত আৰু বাহাল ৰখাৰ বাবে একাধিক পালি আৰু বুষ্টাৰ পালিৰ প্ৰয়োজন ।
  • যিসকলক টীকাকৰণ কৰা নহয় বা টীকাকৰণৰ অধীনত ৰখা নহয়, তেওঁলোকৰ এই ৰোগ হোৱাৰ আশংকা থাকে ।
  • টীকাকৰণ নোহোৱা ব্যক্তিসকলৰ বাবে সঠিক চিকিৎসা অবিহনে প্ৰায় 30% ক্ষেত্ৰত ডিপথেৰিয়া মাৰাত্মক হ'ব পাৰে । এই ক্ষেত্ৰত সৰু শিশুৰ মৃত্যুৰ আশংকা অধিক ।
  • 2023 চনত বিশ্বজুৰি আনুমানিক 84% শিশুৱে শৈশৱকালত ডিপথেৰিয়া ভেকছিনৰ 3 টা পালি লাভ কৰিছিল । যাৰ ফলত 16% লোক ইয়াৰ পৰা দূৰৈত থাকি গৈছিল । ইয়াৰ উপৰি দেশবোৰৰ মাজত বা দেশ এখনৰ ভিতৰতো ইয়াক সামৰি লোৱাত ব্যাপক তাৰতম্য আছে ।
লগতে পঢ়ক :৮ মন্ত্ৰীৰ সৈতে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে বুধবাৰে শপত ল’ব ওমৰ আব্দুল্লাই
লগতে পঢ়ক :আজি ঘোষণা হ’ব ঝাৰখণ্ড-মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ দিন; অসমত উপ-নিৰ্বাচন কেতিয়া ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.