ETV Bharat / bharat

শুকুৰবাৰে চুলতানপুৰ আদালতত হাজিৰ হ'ব ৰাহুল গান্ধী - Rahul Gandhi defamation case - RAHUL GANDHI DEFAMATION CASE

Rahul Gandhi defamation case: মানহানি গোচৰ প্ৰসংগত শুকুৰবাৰে ৰাহুল গান্ধী উত্তৰ প্ৰদেশৰ এমপি-এমএলএ আদালতত হাজিৰ হ'ব । নেতাগৰাকীক আদৰিবলৈ বিভিন্ন ধৰণৰ প্ৰস্তুতি চলাইছে জিলা কংগ্ৰেছে । ইয়াৰ পূৰ্বে ৰাহুল গান্ধী ২০ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হৈছিল ।

Rahul Gandhi defamation case
চুলতানপুৰৰ আদালতত হাজিৰ হ'ব ৰাহুল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 9:06 PM IST

নেশ্যনেল ডেস্ক,২৫ জুলাই : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য সম্পৰ্কীয় এক গোচৰত শুকুৰবাৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী এমপি-এমএলএ আদালতত হাজিৰ হ'ব । উক্ত গোচৰটোত আদালতে ৰাহুল গান্ধীৰ ভাষ্য লিপিবদ্ধ কৰিব । এইক্ষেত্ৰত আদালতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ।

চুলতানপুৰৰ আদালতত হাজিৰ হ'ব ৰাহুল (ETV Bharat)

উল্লেখ্য যে বেংগালুৰুত এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে তেতিয়াৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল । ২০১৮ চনৰ ৪ আগষ্টত সমবায় বেংকৰ প্ৰাক্তন অধ্যক্ষ তথা চুলতানপুৰৰ কোটৱালী দেহাট আৰক্ষী থানাৰ হনুমানগঞ্জৰ বাসিন্দা বিজেপি নেতা বিজয় মিশ্ৰাই আদালতত এই সন্দৰ্ভত ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল ।

এই গোচৰটোত ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ সময়ত ২০ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হৈছিল । সেই সময়ত ৰাহুল গান্ধীৰ অধিবক্তাই আদালতত জামিনৰ বাবে আবেদন দাখিল কৰিছিল । আদালতে ৰাহুল গান্ধীক ২৫ হাজাৰ টকাৰ বণ্ডত জামিন প্ৰদান কৰিছিল । কিন্তু আদালতে পৰৱৰ্তী সময়ত ভাষ্য সংগ্ৰহৰ বাবে তাৰিখ ঘোষণা কৰে । ইফালে লোকসভা নিৰ্বাচনত ব্যস্ততাৰ বাবে ৰাহুল গান্ধীয়ে আদালতত উপস্থিত হ'ব পৰা নাছিল । কিন্তু আদালতে এইক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰে আৰু ৰাহুল গান্ধীক ২৬ জুলাইত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে ।

ইফালে উত্তৰ প্ৰদেশত ৰাহুল গান্ধী উপস্থিত হ'ব বুলি খবৰ পোৱাৰ লগে লগে জিলা কংগ্ৰেছত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । দলৰ জ্যেষ্ঠ নেতাজনক আদৰিবলৈ সাজু হৈছে জিলা কংগ্ৰেছ । জিলা কংগ্ৰেছৰ সভাপতি অভিষেক সিং ৰাণাই কোৱা মতে প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দিয়া তথ্য অনুসৰি ৰাহুল গান্ধী শুকুৰবাৰে জিলাখনৰ আদালতত হাজিৰ হ'ব । এই সময়ছোৱাত তেওঁ দলীয়া কৰ্মীসকলকো সাক্ষাৎ কৰিব । আদালতৰ বাহিৰত দলৰ কৰ্মী লগতে সাধাৰণ লোকসকলে ৰাহুল গান্ধীক আদৰণি জনাব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :৮ আগষ্টলৈ বৃদ্ধি কেজৰিৱালৰ ন্যায়িক জিম্মা, জুলাইৰ শেষলৈকে মনীষ ছিছ’দিয়া, কে কবিতাৰ ন্যায়িক জিম্মা বৃদ্ধি - Kejriwal judicial custody extended

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.