ETV Bharat / bharat

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই ৰাহুল গান্ধীয়ে দৰ্শন কৰিব শংকৰদেৱৰ জন্মস্থান

author img

By ANI

Published : Jan 20, 2024, 1:58 PM IST

Updated : Jan 22, 2024, 2:36 PM IST

Ram mandir consecration: অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বিশাল কাৰ্যসূচী । উক্ত দিনা ৰাহুল গান্ধীয়ে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানত থকা বৰদোৱা সত্ৰ দৰ্শন কৰিব । প্ৰধানমন্ত্ৰী মোদীক দেশৰ একমাত্ৰ অহংকাৰী বুলি অভিযোগ কৰে জয়ৰাম ৰমেশে ।

Ram mandir consecration
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই ৰাহুল গান্ধীয়ে দৰ্শন কৰিব শংকৰদেৱৰ জন্মস্থান

নেশ্যনেল ডেস্ক,২০ জানুৱাৰী : ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰা সম্প্ৰতি অসমত আছে । ৰাহুল গান্ধীয়ে শুকুৰবাৰে সত্ৰনগৰী মাজুলী দৰ্শন কৰিছে । কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে শনিবাৰে সংবাদ মাধ্যমক জনোৱা মতে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান অসমৰ নগাঁও জিলাৰ বৰদোৱা সত্ৰ ভ্ৰমণ কৰিব ।

২২ জানুৱাৰী হ'ব ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নৱম দিন । পুৱা ৭ বজাত ৰাহুল গান্ধীয়ে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাৰ বৰদোৱা সত্ৰলৈ যাব আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । লখিমপুৰত এক সংবাদমেল সম্বোধন কৰি জয়ৰাম ৰমেশে এই কথা মন্তব্য কৰে ।

ৰাহুল গান্ধীয়ে দেশৰ অন্যতম বিশিষ্ট সমাজ সংস্কাৰক শংকৰদেৱৰ জন্মস্থান ভ্ৰমণৰ তাৎপৰ্য সম্পৰ্কে ভাষণ দি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে শংকৰদেৱ আমাৰ দেশৰ এগৰাকী মহান ধৰ্মীয় গুৰু আৰু সমাজ সংস্কাৰক আৰু ১৫ আৰু ষোড়শ শতিকাত তেওঁৰ অৱদান আজিও অনুপ্ৰেৰণাৰ উৎস । বৰ্তমান সময়ত তেওঁৰ শিক্ষা অতি গুৰুত্বপূৰ্ণ । কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে অহংকাৰৰ বাবে ৰাম মন্দিৰৰ বিৰোধিতা কৰাৰ অভিযোগ সন্দৰ্ভত জয়ৰাম ৰমেশে কয় যে প্ৰধানমন্ত্ৰীয়ে হৈছে আমাৰ দেশৰ একমাত্ৰ অহংকাৰী ব্যক্তি ।

কংগ্ৰেছ 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন'ৰ ধাৰণা সন্দৰ্ভত বক্তব্য ৰাখি জয়ৰাম ৰমেশে কয় যে দলটোৱে কিয় এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ বিৰোধিতা কৰিছে সেই সন্দৰ্ভত কংগ্ৰেছ সভাপতিয়ে আয়োগলৈ তিনি পৃষ্ঠাৰ বিতং পত্ৰ প্ৰেৰণ কৰিছে । ই গণতন্ত্ৰৰ বিৰোধী আৰু কংগ্ৰেছে সম্পূৰ্ণ শক্তিৰে ইয়াৰ বিৰোধিতা কৰিব ।

উল্লেখ্য যে কংগ্ৰেছে ভগৱান ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ আমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছিল । কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী আৰু অধীৰ ৰঞ্জন চৌধুৰীয়ে অযোধ্যাৰ বিশাল অনুষ্ঠানৰ আমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছে । ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে ইতিমধ্যে বিজেপিয়ে বিৰোধী দলটোৰ ওপৰত কোনো ধৰণে আক্ৰমণ আৰম্ভ কৰিছে ।

লগতে পঢ়ক :বিজেপিৰ আন মুখ্যমন্ত্ৰীসকলক দুৰ্নীতি শিকাব পাৰিব হিমন্ত বিশ্বই: ৰাহুল গান্ধী

Last Updated : Jan 22, 2024, 2:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.