ETV Bharat / bharat

ৰাহুল গান্ধীয়ে সনাতনত বিশ্বাস কৰা সকলোৰে ওচৰত ক্ষমা বিচাৰিব লাগিব : দিলীপ শইকীয়া - BJP slams Rahul Gandhi

author img

By ANI

Published : Jul 2, 2024, 8:39 AM IST

BJP slams Rahul Gandhi : ৰাষ্ট্ৰপতিৰ ধন্যবাদ প্ৰস্তাৱৰ বিতৰ্কৰ সময়ত ৰাহুল গান্ধীয়ে সোমবাৰে সদনত বিভিন্ন বিষয়ত মন্তব্য কৰে । ভাষণ প্ৰসংগত ৰাহুল গান্ধীয়ে বিজেপিক আক্ৰমণ কৰি তেওঁলোক প্ৰকৃত হিন্দু নহয় বুলি দাবী কৰে । ইয়াৰ পিচতে বিজেপি নেতাসকলে ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে ।

BJP slams Rahul Gandhi
ৰাহুল গান্ধীয়ে সনাতনত বিশ্বাস কৰা সকলোৰে ওচৰত ক্ষমা বিচাৰিব লাগিব (ANI)

নেশ্যনেল ডেস্ক, ২ জুলাই : সংসদত লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে সোমবাৰে ভাষণ প্ৰদান কৰে । এই ভাষণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসমৰ বিজেপি সাংসদ দিলীপ শইকীয়াই কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে । সংসদত হিন্দু সংস্কৃতিক আক্ৰমণ কৰাৰ অভিযোগ তুলি এই সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকীয়ে ক্ষমা বিচাৰিব লাগিব বুলি বিজেপি সাংসদ দিলীপ শইকীয়াই দাবী কৰে ।

দিলীপ শইকীয়াৰ মতে ৰাহুল গান্ধীয়ে সনাতন ধৰ্মত বিশ্বাস কৰা সকলোৰে ওচৰত ক্ষমা বিচাৰিব লাগে । তেওঁৰ মতে কংগ্ৰেছে সদায় ভগৱান ৰামক প্ৰশ্ন কৰি আহিছে আৰু বিজেপিয়ে এইটো সহ্য নকৰে বুলিও সাংসদ দিলীপ শইকীয়াই কয় ৷ আনহাতে এই সন্দৰ্ভত বিজেপি সাংসদ জগদম্বিকা পালে কয় যে সমগ্ৰ দেশ দুঃখিত হৈছে ।

তেওঁ সংসদৰ ভিতৰত এগৰাকী বিৰোধী দলৰ নেতাক দৰে কথা পাতি আছিল নেকি বুলি প্ৰশ্ন কৰে । ৰাহুল গান্ধীয়ে ৰাস্তাত কথা পাতি আছে যেন লাগিছিল বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে ।

উল্লেখ্য যে, সোমবাৰে লোকসভাত ৰাহুল গান্ধীৰ প্ৰথম ভাষণে লোকসভাৰ বিৰোধী দলৰ নেতা হিচাপে যথেষ্ট ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু বিজেপি নেতাসকলে তেওঁক মিছা কথা কোৱা, সদনক বিপথে পৰিচালিত কৰা আৰু সমগ্ৰ হিন্দু সম্প্ৰদায়ক আঘাত কৰা বুলি দাবী কৰে । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰত বিভাজনমূলক ভাষণ দিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগে লগে বিজেপি সদস্যসকলে বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে আপত্তি জনোৱাৰ লগতে ৰাজ্যসভাতো উত্তাল পৰিৱেশৰ সৃষ্টি হয় ।

দুয়োখন সদনতে ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদ প্ৰস্তাৱৰ ওপৰত বিতৰ্ক চলিছিল । প্ৰধানমন্ত্ৰী মোদীয়ে ৰাহুল গান্ধীক তেওঁৰ ভাষণৰ সময়ত সমালোচনা কৰিছিল । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সমগ্ৰ হিন্দু সম্প্ৰদায়ক 'হিংসাত্মক' বুলি কোৱাটো অতি গুৰুতৰ বিষয় । ইফালে গৃহমন্ত্ৰী অমিত শ্বাহেও ৰাহুল গান্ধীক ক্ষমা বিচাৰিবলৈ কয় । বিজেপিয়ে পিচত ৰাহুল গান্ধীৰ মন্তব্যক নিন্দা কৰিবলৈ এখন সংবাদমেল অনুষ্ঠিত কৰে ।

একেদৰে কংগ্ৰেছেও কেন্দ্ৰত শাসকীয় দলটোক সমালোচনা কৰিবলৈ সন্ধিয়া সংবাদমেলৰ আয়োজন কৰে । সদনত ৰাহুল গান্ধীয়ে লোকসভাৰ প্ৰচাৰ, এনইইটি-ইউজি বিতৰ্ক, অগ্নিবীৰ আঁচনিৰ ওপৰত বিজেপিক লক্ষ্য কৰি লয় ।

লগতে পঢ়ক :NEET এটা বাণিজ্যিক পৰীক্ষা, কেৱল ধনী ছাত্ৰ-ছাত্ৰীৰ বাবে পতা হৈছে : সদনত ৰাহুল গান্ধীৰ উদাত্ত ভাষণ - 18th lok sabha 1st session

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.