ETV Bharat / bharat

মানহানি গোচৰ, ৰাহুল গান্ধীক সোঁশৰীৰে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ - Rahul Gandhi defamation case

Rahul Gandhi defamation case: বিজেপিৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে । নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰায় ৬ বছৰ পুৰণি গোচৰটোত ৰাহুল গান্ধীক আদালতৰ তলব । ২৭ মাৰ্চত আদালতত হাজিৰ হ'ব লাগিব কংগ্ৰেছ নেতাগৰাকী ।

Rahul Gandhi defamation case
ৰাহুল গান্ধীক সোঁশৰীৰে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ
author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 10:10 AM IST

নেশ্যনেল ডেস্ক,১৮ মাৰ্চ : লোকসভা নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি চলিছে । প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ আৰম্ভ কৰিছে । কিন্তু এনে সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বাবে সমস্যা বৃদ্ধি পাইছে । কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ সন্মুখত সমস্যা হিচাপে দেখা দিছে ঝাৰখণ্ডৰ চাইবাছাৰ এমপি-এমএলএ আদালতৰ এক নিৰ্দেশ । আদালতে ৰাহুল গান্ধীক ২৭ মাৰ্চত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে । গোচৰটো প্ৰায় ৬ বছৰ পুৰণি ।

দৰাচলতে, ২০১৮ চনত ৰাহুল গান্ধীয়ে ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত আপত্তিজনক মন্তব্য কৰিছিল । যাৰ পিচত বিজেপি নেতা প্ৰতাপ কাটিয়াৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । বিশেষ আদালতে এই ৬ বছৰ পুৰণি গোচৰটোত ৰাহুল গান্ধীক মাতি পঠিয়াইছে ।

গোচৰটো ৰাঁচীৰ এমপি এমএলএ আদালতলৈ স্থানান্তৰ কৰা হৈছিল যদিও পুনৰ চাইবাছা এমপি এমএলএ আদালতলৈ স্থানান্তৰ কৰা হয় । এই সন্দৰ্ভত অধিবক্তা কেশৱ প্ৰসাদে কয় যে ২০২২ চনৰ এপ্ৰিল মাহত চাইবাছাৰ এমপি এমএলএ আদালতে এই গোচৰটোত ৰাহুল গান্ধীৰ বিৰুদ্ধে জামিনযোগ্য ৱাৰেণ্ট জাৰি কৰিছিল । ২০২৪ চনৰ ২৭ ফেব্ৰুৱাৰীত ন্যায়াধীশ ঋষি কুমাৰৰ আদালতে এই গোচৰটোত জামিনবিহীন গ্ৰেপ্তাৰি পৰোৱানা জাৰি কৰে ।

যাৰ বাবে ৰাহুল গান্ধীৰ অধিবক্তাই ৰাহুল গান্ধীৰ সোঁশৰীৰে উপস্থিতিৰ পৰা অব্যাহতি বিচাৰি আদালতত আবেদন দাখিল কৰিছিল । কিন্তু ন্যায়াধীশ ঋষি কুমাৰৰ আদালতে ২০২৪ চনৰ ১৪ মাৰ্চত তেওঁৰ আবেদন নাকচ কৰে আৰু ৰাহুল গান্ধীক ২৭ মাৰ্চত সোঁশৰীৰে হাজিৰ হ'বলৈ নিৰ্দেশ জাৰি কৰে ।

লগতে পঢ়ক :নৰেন্দ্ৰ মোদী কেৱল এখন মুখা, ইভিএম অবিহনে নিৰ্বাচন জিকিব নোৱাৰে; ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.