ETV Bharat / bharat

ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ প্ৰেম সিং তামাঙৰ - Prem Singh Tamang Takes Oath as CM

author img

By ANI

Published : Jun 10, 2024, 7:47 PM IST

Prem Singh Tamang Takes Oath as CM : শেহতীয়া নিৰ্বাচনত ছিকিম ক্ৰান্তিকাৰী মৰ্চা চমুকৈ এছ কে এমে ছিকিম বিধানসভাৰ ৩২ খন আসনৰ ভিতৰত ৩১ খন আসন লাভ কৰে আৰু প্ৰেম সিং তামাঙে দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । আনহাতে, বিৰোধী ছিকিম ডেম'ক্ৰেটিক ফ্ৰণ্ট (এছ ডি এফ) মাত্ৰ এখন আসনতে সন্তুষ্ট থাকিবলগা হয় ।

Prem Singh Tamang Takes Oath as CM
প্ৰেম সিং তামাঙৰ ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ (ANI Photo)

নিউজ ডেস্ক, ১০ জুন : ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে সোমবাৰে প্ৰেম সিং তামাঙে শপত গ্ৰহণ কৰে । ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ সভাপতিগৰাকীয়ে একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে হিমালয়ান ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

পালজোৰ ষ্টেডিয়ামত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰেম সিং তামাং আৰু তেওঁৰ মন্ত্ৰী পৰিষদক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় ।

উল্লেখ্য, শেহতীয়া নিৰ্বাচনত ছিকিম ক্ৰান্তিকাৰী মৰ্চা চমুকৈ এছ কে এমে ছিকিম বিধানসভাৰ ৩২ খন আসনৰ ভিতৰত ৩১ খন আসন লাভ কৰে । এই বিজয়ে হিমালয়ান ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত ব্যাপক প্ৰভাৱ পেলায় । আনহাতে, বিৰোধী ছিকিম ডেম'ক্ৰেটিক ফ্ৰণ্ট (এছ ডি এফ) মাত্ৰ এখন আসনতে সন্তুষ্ট থাকিবলগা হয় ।

নিজৰ বক্তব্যত তামাঙে দলটোৰ এই বিজয়ক এক 'অভিলেখ' বুলি উল্লেখ কৰে । লগতে তেওঁ ছিকিমৰ আটাইতকৈ শান্তিপূৰ্ণ নিৰ্বাচন হিচাপে বিবেচিত হোৱা এই নিৰ্বাচনৰ ভোটদাতাসকল আৰু দলটোক পুনৰ ক্ষমতালৈ ঘূৰাই অনাৰ বাবে সকলোকে ধন্যবাদ জনায় ।

"আগন্তুক ৫ বছৰৰ ভিতৰত আমি নিৰ্বাচনৰ সময়ত দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিম । মই মোৰ সকলো কৰ্মীক ধন্যবাদ জনাইছোঁ । তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিছে । মই জনসাধাৰণকো ধন্যবাদ জনাইছোঁ । এইটো ছিকিমৰ আটাইতকৈ শান্তিপূৰ্ণ নিৰ্বাচন, ই এটা অভিলেখ ।" তেওঁ কয় ।

উল্লেখ্য যে নিৰ্বাচনত তামাঙে ৰেনক বিধানসভা আসনৰ পৰা এছ ডি এফৰ সোম নাথ পুদিয়ালক ৭,৩৯৬ টাতকৈও অধিক ভোটত পৰাস্ত কৰি জয়লাভ কৰে । ছিকিমৰ ৩২ খন বিধানসভা আসনৰ বাবে ১৯ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ সৈতে একেসময়তে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ।

১৯৮৯ আৰু ২০০৯ চনত ক্ৰমান্বয়ে ছিকিম সংগ্ৰাম পৰিষদ আৰু এছ ডি এফে একে ধৰণৰ ফলাফল লাভ কৰিবলৈ সক্ষম হোৱাৰ পিচত ছিকিমে তৃতীয়বাৰৰ বাবে এটা ৰাজনৈতিক দলৰ বিশাল বিজয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিছে ।

২০১৯ চনৰ বিধানসভা নিৰ্বাচনত এছ কে এমে ১৭ খন আসন লাভ কৰিছিল । আনহাতে, এছ ডি এফে ৩২ খন আসনৰ ভিতৰত ১৫ খন আসন লাভ কৰিছিল । এছ কে এমে প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ২০১৪ চনত ১০ খন আসনত জয়লাভ কৰিছিল ।

উল্লেখ্য, এছ কে এমে ২০১৯ চনত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন এন ডি এৰ সৈতে হাত মিলাইছিল । কিন্তু অৱশেষত সেই সম্পৰ্ক ছিন্ন কৰি ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত অকলে যুঁজিছিল ।

ইয়াৰ পূৰ্বে দেওবাৰে নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত এক আকৰ্ষণীয় অনুষ্ঠানত ভাৰতৰ চুবুৰীয়া আৰু ভাৰত মহাসাগৰ অঞ্চলৰ নেতাসকলৰ উপস্থিতিত ক্ৰমাগত তৃতীয়টো কাৰ্যকালৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নৰেন্দ্ৰ মোদীক শপত বাক্য পাঠ কৰায় । ইয়াৰ পিচত তেওঁৰ মন্ত্ৰীমণ্ডলৰ আন সদস্যসকলে শপত গ্ৰহণ কৰে ।

লক্ষণীয়ভাৱে, প্ৰধানমন্ত্ৰী মোদী হৈছে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিছত তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হোৱা দ্বিতীয়গৰাকী ভাৰতীয় নেতা ।

লগতে পঢ়ক :শপত গ্ৰহণৰ বাবে অস্থায়ী মুক্তি বিচাৰি অমৃতপাল সিঙৰ আবেদন - MP Amritpal Singh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.