ETV Bharat / bharat

আতিক আহমেদ-আশ্ৰাফৰ হত্যাকাণ্ড : আদালতত হাজিৰ নহ’ল সাক্ষী, পৰৱৰ্তী শুনানি ২৪ মে’ - Atiq Ashraf Murder Case - ATIQ ASHRAF MURDER CASE

Atiq Ahmed killed update : মাফিয়া আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফৰ হত্যাকাণ্ডৰ শুনানি আৰম্ভ হৈছে যদিও আদালতত হাজিৰ নহ’ল সাক্ষী । যাৰ বাবে আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ২৪ মে’ বুলি ঘোষণা কৰিছে ৷

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 8:34 AM IST

নেশ্যনেল ডেস্ক, ১১ মে’ : বাহুবলী মাফিয়া আতিক আহমেদ আৰু তেওঁৰ কনিষ্ঠ ভাতৃ খালিদ আজিম ওৰফে আশ্ৰাফৰ হত্যাকাণ্ডৰ গোচৰত শুকুৰবাৰে আদালতত শুনানি হয় । কিন্তু জিলা আদালতত শুনানিৰ সময়ত এই গোচৰৰ সৈতে জড়িত সাক্ষীহে উপস্থিত হোৱা নাছিল ।

ইয়াৰ পাচতে আদালতে পৰৱৰ্তী শুনানিৰ বাবে ২৪ মে’ দিনটো নিৰ্ধাৰণ কৰে। পৰৱৰ্তী শুনানিত গোচৰটোৰ সৈতে জড়িত সকলো সাক্ষীকে উপস্থিত থাকিবলৈ আদালতে নিৰ্দেশ জাৰি কৰিছে ।

ইতিমধ্যে সকলোৰে জ্ঞাত যে, ২০২৩ চনৰ ১৫ এপ্ৰিলত প্ৰয়াগৰাজৰ মতী লাল নেহৰু কলভিন হাস্পতালত মাফিয়া আতিক আহমেদ আৰু আশ্ৰাফক হত্যা কৰা হৈছিল । সংবাদ মাধ্যম, আৰক্ষীৰ লগতে বহু লোকৰ সন্মুখত ৰাজহুৱাভাৱে সংঘটিত হয় মাফিয়া ভাতৃদ্বয়ৰ হত্যাকাণ্ড । এতিয়া জিলা আদালতত এই গোচৰৰ শুনানি আৰম্ভ হৈছে ।

Atiq Ashraf Murder Case
মাফিয়া আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফৰ হত্যাকাণ্ডৰ শুনানি (Etv Bharat UP)

শুকুৰবাৰে জিলা আদালতৰ ফাষ্ট ট্ৰেক আদালতত দেশবাসীক স্তম্ভিত কৰা এই বিচাৰাধীন গোচৰৰ শুনানি হয় । অৱশ্যে ফাষ্ট ট্ৰেক আদালতত শুনানিৰ সময়ত উপস্থিত নহ’ল সাক্ষী, সেয়েহে আদালতে শুনানিৰ বাবে পৰৱৰ্তী তাৰিখ নিৰ্ধাৰণ কৰিছে ।

এতিয়া এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ২৪ মে'ত জিলা আদালতত হ'ব । একেদিনাই আদালতত সাক্ষীক দাখিল কৰিবলৈও নিৰ্দেশ দিছে আদালতে । আতিক আহমেদ আৰু আশ্ৰাফ হত্যাৰ অভিযোগত অভিযুক্ত তিনিজন, লাভলেশ তিৱাৰী, ছানী সিং আৰু অৰুণ মৌৰ্যক চিত্ৰকূট কাৰাগাৰত ভৰ্তি কৰোৱা হৈছে ।

তিনিওজন শ্বুটাৰৰ বিৰুদ্ধে অভিযোগ ফ্ৰেমৱৰ্ক কৰি স্বাক্ষৰ কৰিবলৈ আদালতৰ পৰা জেললৈ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে । ইয়াৰ পিছত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে তেওঁক জেলৰ সৈতে সংযোগ কৰা হৈছিল যদিও সাক্ষী হাজিৰ নোহোৱাৰ বাবে আদালতে পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰিছে ।

লগতে পঢ়ক :

অচিৰেই ছীল কৰিব মন্নত

Atiq and Ashraf murder: আতিক হত্যাকাণ্ডৰ গোচৰৰ স্বতন্ত্ৰ তদন্ত কেতিয়া হ’ব ?

History of Atiq Ahmed: ৰাজনীতিবিদৰ পৰা গেংষ্টাৰলৈকে আতিক আহমেদৰ জীৱন পৰিক্ৰমা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.