ETV Bharat / bharat

Exit Poll ৰ পূৰ্বে প্ৰশান্ত কিশোৰৰ ভৱিষ্যদ্বাণী, বিজেপিৰ আসন লাভ সন্দৰ্ভত কি ক’লে পি কেই ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 9:01 PM IST

Updated : Jun 1, 2024, 10:56 PM IST

Prashant Kishor Prediction Before Exit Poll: মঙলবাৰে ঘোষণা কৰা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল ৷ নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে সমীক্ষাকাৰী সংস্থা তথা সংবাদ মাধ্যমৰ এগজিট প’লৰ ওপৰত ৷ নিৰ্বাচনী কৌশলবিদ প্ৰশান্ত কিশোৰেও এন ডি এৰ কামকাজৰ ওপৰত নিজৰ মূল্যায়ন পুনৰবাৰ দাঙি ধৰিছে ৷ কিশোৰৰ মতে এইবাৰ নিৰ্বাচনত বিজেপিয়ে কিমান আসন লাভ কৰিব জানিবলৈ পঢ়ক সম্পূৰ্ণ খবৰ...

LOK SABHA ELECTION 2024
নিৰ্বাচনী কৌশলবিদ প্ৰশান্ত কিশোৰ (etv bharat)

নিউজ ডেস্ক, ১ জুন: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটদানৰ পাছতে এক নতুন ভৱিষ্যদ্বাণী কৰিছে নিৰ্বাচনী কৌশলবিদ প্ৰশান্ত কিশোৰে । কিশোৰে বিজেপি নেতৃত্বাধীন এন ডি এৰ কাম-কাজৰ ওপৰত নিজৰ মূল্যায়ন পুনৰবাৰ দাঙি ধৰিছে । দৰাচলতে সপ্তম তথা শেষ পর্যায়ৰ ভোটদানৰ পাছত আজি সন্ধিয়া ৬:৩০ বজাৰ পৰা নিজা নিজা এগজিট প’ল প্ৰকাশ কৰিছে বিভিন্ন সমীক্ষাকাৰী সংস্থা আৰু সংবাদ মাধ্যমে ৷

এগজিট প’লৰ হিচাপ প্ৰকাশৰ কেইঘণ্টামান পূৰ্বে শনিবাৰে ‘দ্য প্ৰিন্ট’ৰ সৈতে হোৱা কথা-বতৰাত পি কে নামেৰে পৰিচিত প্ৰশান্ত কিশোৰে এইবাৰ বিজেপিয়ে নিজাববীয়াকৈ ৩০৩খন আসন লাভ কৰিব বুলি উল্লেখ কৰে । তেওঁ কয়, ৩০৩ বা তাতকৈ অধিক আসন লাভ কৰি বিজেপিয়ে একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ দখল কৰিব পাৰে । উল্লেখ্য যে, যোৱা লোকসভা নিৰ্বাচনত বিজেপিয়ে ৩০৩খন আসন পাইছিল । প্ৰশান্ত কিশোৰে লগতে কয় যে এইবাৰ দক্ষিণ আৰু পূবৰ ৰাজ্যত বিজেপিৰ ভোটৰ শতকৰা হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

ইয়াৰ পূৰ্বেও প্ৰশান্ত কিশোৰে দাবী কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে বিজেপি পুনৰ ক্ষমতালৈ আহিব । তেওঁ এক সাক্ষাৎকাৰত কৈছিল যে বিজেপিয়ে বৰ্তমানৰ ৩০০ আসনৰ শক্তি বজাই ৰাখিব পাৰে । তেওঁ কয় যে এই লোকসভা নিৰ্বাচনত উত্তৰ আৰু পশ্চিম ৰাজ্যত বিজেপিৰ আসনৰ কোনো বৃহৎ হ্ৰাস হোৱা নাই । অৱশ্যে প্ৰশান্ত কিশোৰে কৈছিল যে, বিজেপিয়ে ৪০০ আসন নাপাব কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ২০০ৰ তললৈ নামিব । এনে হ’বলৈ হ’লে বিজেপিয়ে উত্তৰ আৰু পশ্চিম ৰাজ্যৰ ১০০খন আসন হেৰুৱাব লাগিব । যিসকলে বিজেপিয়ে ২০০ আসন লাভ কৰিব নোৱাৰিব বুলি মন্তব্য কৰি আছে, তেওঁলোকে ক'ব লাগিব, বিজেপিয়ে এই ১০০খন আসন ক'ত হেৰুৱাইছে ?

লগতে পঢ়ক: কিয় নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে জনতাই ? - Lok Sabha Election 2024

লগতে পঢ়ক: পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে নগাঁৱৰ জনতাই ? - Lok Sabha Election 2024

Last Updated : Jun 1, 2024, 10:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.