ETV Bharat / bharat

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত মণিপুৰত বোমা বিস্ফোৰণ - Lok sabha Election in manipur

Blast in manipur: অশান্ত পৰিস্থিতি অব্যাহত চুবুৰীয়া ৰাজ্য মণিপুৰত ৷ মাজনিশা শক্তিশালী বোমা বিস্ফোৰণত কঁপিল অশান্ত মণিপুৰ ৷ কোনো লোকৰ মৃত্যু হোৱা নাই যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন ৷ কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷

Powerful bomb explosion in National Highway 2 in Kangpokpi manipur
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে পুনৰ বোমা বিস্ফোৰণ চুবুৰীয়া ৰাজ্য মণিপুৰত
author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 12:21 PM IST

তেজপুৰ, 24 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ এটা দিন থকাৰ সময়তে বিস্ফোৰণত কঁপিল চুবুৰীয়া ৰাজ্য মণিপুৰ ৷ মণিপুৰৰ কাংপকপি জিলাত মাজনিশা সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা । বুধবাৰৰ মাজনিশা প্ৰায় 12.25 বজাত কাংপকপি জিলাৰ সাপাৰমেইনাৰ সমীপৰ 2 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এক শক্তিশালী বোমা বিস্ফোৰণ হয় ।

প্ৰাথমিক প্ৰতিবেদন অনুসৰি বিস্ফোৰণত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও ঘাইপথটোত তিনিটা বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ ফলত যান-বাহন চলাচলত সমস্যাৰ সন্মুখীন হৈছে যাতায়তকাৰীসকল ৷ ইফালে, ঘাইপথত গধুৰ যান-বাহনৰ চলাচলত বাধা আৰোপ কৰা হৈছে ।

Powerful bomb explosion in National Highway 2 in Kangpokpi manipur
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে পুনৰ বোমা বিস্ফোৰণ চুবুৰীয়া ৰাজ্য মণিপুৰত

আনফালে, স্থানীয় জনজাতীয় সংগঠনে এই আক্ৰমণক গৰিহণা দি বুধবাৰৰ পুৱাই জৰুৰী বৈঠকৰ আহ্বান জনায় ৷

আক্ষেপ জনিত বিষয় যে, মণিপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা ঘটনাই ইতিমধ্যে সম্পূৰ্ণ কৰিলে 11 মাহ ৷ তৎসত্বেও ৰাজ্যখনৰ বহুতো ঠাইত শান্তিপূৰ্ণ তথা স্বাভাৱিক পৰিস্থিতি ঘূৰি অহা নাই । ছেকমাই কানবা নুপি লুপৰ অধ্যক্ষ খোৱাইৰাকপাম অংবি কুলাবাটিয়ে স্থানীয় সংবাদ মাধ্যমৰ যোগেদি মঙলবাৰৰ পুৱা প্ৰায় 9 বজাত কুকি উগ্ৰপন্থীয়ে চেকমাইৰ ফালে আগবাঢ়ি গৈ হিড্ৰক আৰু লাফুৰকৰ মাজৰ সংযোগস্থলত নিজৰ বাংকাৰ স্থাপন কৰি গুলীচালনা আৰম্ভ কৰিছে বুলি সৰ্তকবাণী প্ৰকাশ কৰে ।

ইয়াৰ পাচতে অঞ্চলটোৰ পৰা বালি আৰু শিল সংগ্ৰহ কৰা দৈনিক মজুৰি কৰা লোকসকলৰ মাজত সংশয়ৰ সৃষ্টি হৈছে ৷ কাৰণ গুলীচালনা বৰ্তমানেও অব্যাহত আছে বুলিও জানিবলৈ দিয়ে ৷ কুকিসকলৰ পৰা বাৰাম্বাৰ এনে আক্ৰমণৰ ফলত ছেকমাই গাঁৱৰ লোকসকল সমস্যাত পৰিছে যদিও সংঘাত কমি যোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই ।

ইয়াৰ পাচতে ৰাজ্যখনত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷

লগতে পঢ়ক: মণিপুৰত বিস্ফোৰণৰ ঘটনাত নিহত ১, আহত ২

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.