ETV Bharat / bharat

এখন বাহনৰ পৰা ওলাইছে কোটি কোটি টকা; পিছে কি কাৰণ... - 7 Crore Cash Seized - 7 CRORE CASH SEIZED

7 CRORE CASH SEIZED: দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ হ’ল নগদ 7 কোটি টকা ৷ বাহনৰ চালকজনক উদ্ধাৰ কৰিবলৈ যোৱা স্থানীয় ৰাইজে ধনৰ বাণ্ডিল দেখি স্তম্ভিত হৈ পৰে ৷

ROAD ACCIDENT IN ANDHRA PRADESH
7 কোটি টকাৰ নগদ ধন উদ্ধাৰ (ETV BHARAT ANDHRA PRADESH DESK)
author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 5:22 PM IST

দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ 7 কোটি টকা (ETV BHARAT ANDHRA PRADESH DESK)

নিউজ ডেস্ক, 11 মে’ : এইবাৰ পথ দুৰ্ঘটনাত উদ্ধাৰ হৈছে 7 কোটি টকাৰ নগদ ধন ৷ ৰাষ্ট্ৰীয় ঘাইপথত গৈ থকা এখন ট্ৰাকে আগত গৈ থকা এখন টাটা এচ (TATA ACE) বাহনৰ সৈতে সংঘৰ্ষত লিপ্ত হয় ৷ ফলত টাটা এচ বাহনখন বাগৰি পৰে আৰু বাহনখনত থকা ধনৰ বাকচবোৰ পথত পৰি যায় ৷ বাহনৰ চালকজনক উদ্ধাৰ কৰিবলৈ যোৱা স্থানীয় ৰাইজে এই ধনৰ বাণ্ডিল দেখি স্তম্ভিত হৈ পৰে আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে ৷ অন্ধ্ৰ প্ৰদেশৰ পূব গোদাবৰী জিলাৰ নল্লাজৰ্লা মণ্ডলৰ অনন্তপল্লীত সংঘটিত হৈছে এই ঘটনা ৷

নোটবোৰ ৰাসায়নিক পাউদাৰৰ বেগত মেৰিয়াই থোৱা আছিল-

স্থানীয় ৰাইজৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ পৰা 7 টা বাকচত বিপুল পৰিমাণৰ ধন উদ্ধাৰ কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে এই ধন জব্দ কৰিছে ৷ আৰক্ষীয়ে জনোৱা মতে, উদ্ধাৰ হোৱা নগদ ধনখিনি ৰাসায়নিক পাউদাৰৰ বেগত মেৰিয়াই থোৱা আছিল ৷ এই দুৰ্ঘটনাত গাড়ী চালক বীৰভদ্ৰ ৰাও সামান্য আঘাতপ্ৰাপ্ত হয় ৷

মেচিনৰ দ্বাৰা নোটসমূহ গণনা কৰা হয়-

আৰক্ষীয়ে উদ্ধাৰ হোৱা নগদ ধনখিনি বীৰৱল্লী টোল প্লাজালৈ লৈ যায় ৷ বীৰৱল্লী টোল প্লাজাত ফ্লাইং স্কোৱাডৰ সহায়ত গণনা মেচিন ব্যৱহাৰ কৰি নগদ ধনখিনি গণনা কৰা হয় ৷ অৱশ্যে ঘটনা সন্দৰ্ভত সম্পূৰ্ণ তথ্য লাভ কৰিবলৈ অধিক সময় লাগিব বুলি আৰক্ষীয়ে জনাইছে ৷

আয়কৰ বিভাগক গতাই দিয়া হ’ল নগদ ধনসমূহ-

এই ঘটনা সন্দৰ্ভত ডি এছ পি ৰামা ৰাৱে কয় যে গাড়ীখনৰ পৰা উদ্ধাৰ হোৱা 7 টা বাকচত মুঠ 7 কোটি টকা উদ্ধাৰ কৰা হৈছে ৷ তেওঁ কয় যে হায়দৰাবাদৰ নাচাৰাম কেমিকেল ইণ্ডাষ্ট্ৰীৰ পৰা মাণ্ডাপেটৰ মাধৱী অইল মিললৈ ধনখিনি স্থানান্তৰ কৰা হৈছিল ৷ জব্দ কৰা নগদ ধনসমূহ বৰ্তমান আয়কৰ বিভাগক গতাই দিয়া হৈছে ৷

লগতে পঢ়ক : যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপি নেতা দেৱৰাজে গৌড়া - BJP Leader Devaraje Gowda

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.