ETV Bharat / bharat

মাওবাদী আৰু সেনা জোৱানৰ মাজত মুখামুখি সংঘৰ্ষ : এগৰাকী মাওবাদী বিদ্ৰোহীৰ মৃত্যু - Operation against Naxal - OPERATION AGAINST NAXAL

Encounter in Sukma: ছত্তীশগড়ৰ সুকমা জিলাত মাওবাদী আৰু সেনা জোৱানৰ মাজত মুখামুখি সংঘৰ্ষ । সংঘৰ্ষৰ ফলত মৃত্যু ঘটে এজন মাওবাদী বিদ্ৰোহীৰ । ঘটনাস্থলীৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু বিভিন্ন সামগ্ৰী উদ্ধাৰ ৷

Operation against Naxal
মাওবাদী আৰু সেনা জোৱানৰ মাজত মুখামুখি সংঘৰ্ষ: এগৰাকী মাওবাদী বিদ্ৰোহীৰ মৃত্যু (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 1:34 PM IST

নেশ্যনেল ডেস্ক, 20 জুলাই: ছত্তীশগড়ৰ মাওবাদী অধ্যুষিত সুকমা জিলাত মাওবাদী আৰু সেনা জোৱানৰ মাজত মুখামুখি সংঘৰ্ষ । এই সংঘৰ্ষৰ ফলত সেনা জোৱানৰ আক্ৰমণত মৃত্যু ঘটিছে এজন মাওবাদী বিদ্ৰোহীৰ । ঘটনাস্থলীৰ পৰা মাওবাদী বিদ্ৰোহীৰ মৃতদেহৰ লগতে অস্ত্ৰ-শস্ত্ৰ আৰু বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰা হৈছে ।

সুকমাৰ আৰক্ষী অধীক্ষক কিৰণ চাভানে জনোৱা মতে, জাগৰগুণ্ডা থানা এলেকাৰ টুমাৰগাটা অঞ্চলত মাওবাদী সংগঠনৰ জাগৰগুণ্ডা আঞ্চলিক সমিতিৰ সদস্যৰ উপস্থিতিৰ তথ্য নিৰ্ভৰযোগ্য সূত্ৰে লাভ কৰিছিল ৷ এই তথ্যৰ ভিত্তিত 19 জুলাইত ডি আৰ জিৰ দলটোক নক্সাল বিৰোধী অভিযানৰ বাবে প্ৰেৰণ কৰা হয় আৰু ইয়াৰ পাচতে 20 জুলাইৰ পুৱা ছিংগাভাৰম আৰু টুমাৰ্গাটাৰ পাহাৰীয়া অৰণ্যত মাওবাদী গোট আৰু সৈনিকৰ মাজত মুখামুখি সংঘৰ্ষ হয় ।

সংঘৰ্ষৰ পিছত অঞ্চলটোত তালাচী চলাওঁতে জোৱানসকলে ঘটনাস্থলীৰ পৰা এগৰাকী মাওবাদী বিদ্ৰোহীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বাতৰি লিখাৰ পৰলৈকে মাওবাদী বিদ্ৰোহীগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই ৷

তালাচী অভিযানৰ সময়ত জোৱানসকলে ঘটনাস্থলীৰ পৰা এটা লোডেড বন্দুক, বেতাঁৰ চেট, বিপুল পৰিমাণৰ বিস্ফোৰক সামগ্ৰী আৰু অন্যান্য বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰে । বৰ্তমান সংঘৰ্ষ হোৱা স্থানৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে অনুসন্ধান অভিযান চলি আছে । অভিযান সমাপ্ত হোৱাৰ পাচতহে নিহত মাওবাদী বিদ্ৰোহীজনক চিনাক্ত কৰি সম্পূৰ্ণ তথ্য প্ৰকাশ কৰা হ’ব বুলি সদৰী কৰিছে সুকুমাৰৰ আৰক্ষী অধীক্ষক কিৰণ চাভানে ।

উল্লেখ কৰা প্ৰয়োজন যে, ছত্তীশগড়ৰ বস্তাৰ সংমণ্ডলত প্ৰতিদিনে সংঘটিত হৈছে নক্সালবাদী ক্ৰিয়াকলাপ । শুকুৰবাৰৰ সংঘৰ্ষটোৰ পূৰ্বে বৃহস্পতিবাৰে বিজাপুৰত তালাচী অভিযানৰ পৰা উভতি অহাৰ সময়তে শ্বহীদ হৈছিল দুজন এছটিএফ জোৱান ।

লগতে পঢ়ক: নক্সালৰ আক্ৰমণ: সুকমাত আই ই ডি বিস্ফোৰণত ছহিদ দুজন জোৱান - Naxalite attack

চাইবাছাত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত কেইবাটাও মাওবাদী - Police Naxalite encounter

ছত্তীশগড়ত সেনাৰ এনকাউণ্টাৰত নিহত নক্সালবাদী - Naxalite encounter in Chhattisgarh

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.