ETV Bharat / bharat

ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ ৰাম সেতু দৰ্শন

PM Modi visits Ram Setu: পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ ৰাম সেতুৰ আৰিচল মুনাই পইণ্ট পৰিদৰ্শন কৰে । শ্ৰী কোঠাণ্ডাৰাম স্বামী মন্দিৰত পূজা আগবঢ়ায় । অযোধ্যাত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ ব্যাপক আয়োজন চলিছে ।

PM Modi visits Ram Setu
ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ ৰাম সেতু দৰ্শন
author img

By ANI

Published : Jan 21, 2024, 1:30 PM IST

Updated : Jan 22, 2024, 2:28 PM IST

নেশ্যনেল ডেস্ক,২১ জানুৱাৰী : অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে পুৱাই ৰাম সেতুৰ আৰিচল মুনাই পইণ্ট পৰিদৰ্শন কৰে । প্ৰধানমন্ত্ৰীয়ে গৰাকীয়ে পুৱা ৰাম সেতুৰ মূল বিন্দু বা পইণ্ট পৰিদৰ্শন কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰী কোঠাণ্ডাৰাম স্বামী মন্দিৰত পূজা কৰে । কোঠাণ্ডাৰাম নামটোৰ অৰ্থ হৈছে ধনুৰ সৈতে ৰাম । ই ধনুষকোডিত অৱস্থিত । কোৱা হয় যে ইয়াতেই ৰাৱণৰ ভাতৃ বিভীষণে প্ৰথমে ভগৱান ৰামক সাক্ষাৎ কৰিছিল আৰু তেওঁৰ আশ্ৰয় বিচাৰিছিল । কিছুমান শাস্ত্ৰৰ মতে এই স্থানত ভগৱান ৰামে বিভীষণৰ ৰাজ্যাভিষেক পৰিচালনা কৰিছিল । ইফালে পুৱাই প্ৰধানমন্ত্ৰীগৰাকীয়ে তিৰুচিৰাপল্লীৰ শ্ৰী ৰংনাথস্বামী মন্দিৰ আৰু দক্ষিণৰ ৰাজ্যখনৰ ৰামেশ্বৰমৰ শ্ৰী অৰুলমিগু ৰামনাথস্বস্বামী মন্দিৰ পৰিদৰ্শন কৰে ।

উল্লেখ যে অযোধ্যাৰ মন্দিৰত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা সোমবাৰে অনুষ্ঠিত হ'ব ৷ এই বিশাল অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত প্ৰায় ৮,০০০ ভিআইপি উপস্থিত থাকিব । যাৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষী বাহিনীয়ে চহৰখনত নিৰাপত্তা বৃদ্ধি কৰে ৷ লক্ষ্ণৌ জ'নৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান পীয়ুষ মৰ্ডিয়াই কোৱা মতে সৰয়ু নদীত নাৱৰ জৰিয়তে তহল দি থকা হৈছে আৰু আকাশী নিৰীক্ষণৰ বাবে ড্ৰোণ ব্যৱহাৰ কৰা হৈছে ।

ইফালে অযোধ্যাত কেইবাহাজাৰ আৰক্ষী মোতায়েন কৰা হৈছে । ইফালে ভগৱান ৰামৰ মূৰ্তিটো অযোধ্যাৰ মন্দিৰৰ গৰ্ভগৃহত স্থাপন কৰা হৈছে । ৰাম লালাৰ মূৰ্তিটো মহীশূৰৰ ভাস্কৰ্যশিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰিছে । মূৰ্তিটো ৫১ ইঞ্চি ওখ আৰু ইয়াৰ ওজন ১.৫ টন ।

লগতে পঢ়ক :নিচুকনি গীত শুনি নিদ্ৰাত পৰিব ভগৱান ৰাম লালা

Last Updated : Jan 22, 2024, 2:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.