নতুন দিল্লী: ধনতেৰাছ বা ধনন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱসৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানত প্ৰায় ১২,৮৫০ কোটি টকাৰ স্বাস্থ্য খণ্ডৰ সৈতে সম্পৰ্কিত একাধিক প্ৰকল্পৰ শুভাৰম্ভ, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব । আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পিএম-জেএৱাই)ত এক গুৰুত্বপূৰ্ণ সংযোজন হিচাপে প্ৰধানমন্ত্ৰীয়ে ৭০ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকৰ বাবে স্বাস্থ্য কভাৰেজ সম্প্ৰসাৰণৰ শুভাৰম্ভ কৰিব ।
স্বাস্থ্য সেৱাৰ বিভিন্ন প্ৰকল্পৰ উদ্বোধন
প্ৰধানমন্ত্ৰীৰ কাৰ্যায়লৰ বিবৃতি অনুসৰি ই সকলো জ্যেষ্ঠ নাগৰিকক তেওঁলোকৰ উপাৰ্জন নিৰ্বিশেষে স্বাস্থ্য কভাৰেজ প্ৰদান কৰাত অধিক সহায় কৰিব । সমগ্ৰ দেশতে উন্নত মানৰ স্বাস্থ্যসেৱা প্ৰদান কৰাটো প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ প্ৰচেষ্টা হৈ আহিছে বুলি বিবৃতিত কোৱা হৈছে । স্বাস্থ্যসেৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰসাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে একাধিক স্বাস্থ্যসেৱা প্ৰতিষ্ঠানৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব ।
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ প্ৰথম সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধন কৰিব । ইয়াত অন্তৰ্ভুক্ত আছে পঞ্চকৰ্মা চিকিৎসালয়, ঔষধ নিৰ্মাণৰ বাবে আয়ুৰ্বেদিক ফাৰ্মাচী, এক ক্ৰীড়া ঔষধৰ ইউনিট, এক কেন্দ্ৰীয় পুথিভঁৰাল, এক তথ্য প্ৰযুক্তি আৰু ষ্টাৰ্ট-আপ ইনকিউবেচন কেন্দ্ৰ আৰু ৫০০ আসনৰ প্ৰেক্ষাগৃহ ।
তেওঁ মধ্যপ্ৰদেশৰ মান্দচৌৰ, নীমুচ আৰু চিওনীত ৩ খন চিকিৎসা মহাবিদ্যালয়ো উদ্বোধন কৰিব । লগতে তেওঁ হিমাচল প্ৰদেশৰ বিলাসপুৰ, পশ্চিমবংগৰ কল্যাণী, বিহাৰৰ পাটনা, উত্তৰ প্ৰদেশৰ গোৰখপুৰ, মধ্য প্ৰদেশৰ ভূপাল, অসমৰ গুৱাহাটী আৰু নতুন দিল্লীত থকা এইমছসমূহৰ সুবিধা আৰু সেৱা সম্প্ৰসাৰণৰ শুভাৰম্ভ কৰিব । য'ত জন ঔষধি কেন্দ্ৰও অন্তৰ্ভুক্ত থাকিব বুলি প্ৰকাশিত বিবৃতিত উল্লেখ কৰা হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে ছত্তীশগড়ৰ বিলাসপুৰত চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত এখন চুপাৰ স্পেচিয়েলিটি ব্লক আৰু ওড়িশাৰ বৰগড়ত এটা ক্ৰিটিকেল কেয়াৰ ব্লক উদ্বোধন কৰিব ।
তেওঁ মধ্য প্ৰদেশৰ শিৱপুৰী, ৰটলাম, খাণ্ডৱা, ৰাজগড় আৰু মান্দচৌৰৰ ৫ খন নাৰ্চিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ কথা আছে; আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছনৰ (পিএম-এবিএম) অধীনত হিমাচল প্ৰদেশ, কৰ্ণাটক, মণিপুৰ, তামিলনাডু আৰু ৰাজস্থানত ২১ টা ক্ৰিটিকেল কেয়াৰ ব্লক মুকলি কৰিব বুলি জানিব পৰা গৈছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে মধ্যপ্ৰদেশৰ ইন্দোৰত এখন ইএছআইচি চিকিৎসালয় উদ্বোধন কৰিব আৰু হাৰিয়ানাৰ ফৰিদাবাদ, কৰ্ণাটকৰ বোম্মাচন্দ্ৰা আৰু নৰসাপুৰ, উত্তৰ প্ৰদেশৰ মীৰাট আৰু অন্ধ্ৰপ্ৰদেশৰ আচচুতাপুৰমত ইএছআইচি চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব । এই প্ৰকল্পবোৰে প্ৰায় ৫৫ লাখ ইএছআই হিতাধিকাৰীৰ বাবে স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰিব ।
স্বাস্থ্য খণ্ডত ড্ৰোণ সেৱা
প্ৰধানমন্ত্ৰীয়ে ১১ টা টাৰ্চিয়াৰী হেল্থকেয়াৰ ইনষ্টিটিউচনত ড্ৰোণ সেৱা আৰম্ভ কৰিব । তাৰ ভিতৰত আছে উত্তৰাখণ্ডৰ এইমছ ঋষিকেশ, তেলেংগানাৰ এইমছ বিবিনগৰ, অসমৰ এইমছ গুৱাহাটী, মধ্য প্ৰদেশৰ এইমছ ভূপাল, ৰাজস্থানৰ এইমছ যোধপুৰ, বিহাৰৰ এইমছ পাটনা, হিমাচল প্ৰদেশৰ এইমছ বিলাসপুৰ, উত্তৰ প্ৰদেশৰ এইমছ ৰায়বৰেলী, ছত্তীশগড়ৰ এইমছ ৰায়পুৰ, অন্ধ্ৰ প্ৰদেশৰ এইমছ মঙ্গলাগিৰি আৰু মণিপুৰৰ ৰিমছ ইম্ফল ।
তেওঁ এইমছ ঋষিকেশৰ পৰা হেলিকপ্টাৰ জৰুৰীকালীন চিকিৎসা সেৱাও মুকলি কৰিব, যিয়ে দ্ৰুত চিকিৎসা সেৱা প্ৰদানত সহায় কৰিব । প্ৰধানমন্ত্ৰীয়ে ইউ-উইন পৰ্টেল মুকলি কৰিব । ই টিকাকৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে ডিজিটেল কৰি গৰ্ভৱতী মহিলা আৰু নৱজাতকসকলক উপকৃত কৰিব ।
ইফালে প্ৰধানমন্ত্ৰীয়ে দেশজুৰি "দেশৰ প্ৰকৃতি পৰীক্ষণ অভিযান" নামৰ এক অভিযানো আৰম্ভ কৰিব, যাৰ উদ্দেশ্য হৈছে নাগৰিকসকলৰ মাজত স্বাস্থ্য সজাগতা বৃদ্ধি কৰা ।
লগতে পঢ়ক :৩১ অক্টোবৰৰ পৰিৱৰ্তে এইবছৰ ২৯ অক্টোবৰত কিয় পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱসৰ 'একতাৰ বাবে দৌৰ’ ?