ETV Bharat / bharat

গুৰু পূৰ্ণিমা উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ - Guru Purnima 2024

author img

By ANI

Published : Jul 21, 2024, 5:36 PM IST

Guru Purnima 2024: গুৰু পূৰ্ণিমা উপলক্ষে দেশৰ বিভিন্ন ধৰ্মীয়স্থানত ভক্তসকলে ভিৰ কৰা দেখা গৈছে । পবিত্ৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও শুভেচ্ছা জনাইছে ।

Guru Purnima
গুৰু পূৰ্ণিমা উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ (ANI)

নেশ্যনেল ডেস্ক,২১ জুলাই : আজি গুৰু পূৰ্ণিমা । হিন্দু শাস্ত্ৰ মতে এই দিনটো পবিত্ৰ বুলি গণ্য কৰা হয় । দেশৰ বিভিন্ন প্ৰান্তত এই দিনটো পালন কৰা হৈছে । ইফালে গুৰু পূৰ্ণিমা উপলক্ষে প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন নেতাই দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে । এক্সৰ এটা পোষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক গুৰু পূৰ্ণিমানৰ শুভেচ্ছা জনাইছে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও সমাজ আৰু ৰাষ্ট্ৰীয় উন্নয়নত গুৰুসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শুভেচ্ছা জ্ঞাপন কৰে । শ্বাহে লিখিছে, "গুৰুসকল হৈছে যিকোনো সমাজ বা ৰাষ্ট্ৰৰ বিকাশৰ মুখ্য বাহক । বহু বছৰৰ তপস্যা, গৱেষণা আৰু অভিজ্ঞতাৰ পৰা প্ৰাপ্ত জ্ঞানৰ সৈতে তেওঁলোকে শিষ্যসকলক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যায় আৰু তেওঁলোকৰ মাজত চৰিত্ৰ গঠন আৰু দেশপ্ৰেমৰ বীজ ৰোপণ কৰে । গুৰু পূৰ্ণিমা উপলক্ষে মই এনে সকলো গুৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু সকলো দেশবাসীলৈ 'গুৰু পূৰ্ণিমা'ৰ শুভেচ্ছা জনাইছো ।" কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেও নিজৰ জীৱনত গুৰুসকলৰ বিশেষ তাৎপৰ্যৰ কথা উল্লেখ কৰি শুভেচ্ছা জ্ঞাপন কৰে ।

এক্সৰ পোষ্টত তেওঁ লিখিছে, "সকলো দেশবাসীলৈ গুৰু পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা । গুৰুসকলে আমাৰ জীৱনত এক বিশেষ গুৰুত্ব বহন কৰে । সকলো শিক্ষকক সন্মানজনক শুভেচ্ছা । এই দিনটো আমাৰ গুৰু, গাইড আৰু শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ এক শুভ ক্ষণ । আমি কামনা কৰো যে তেওঁলোকৰ নিৰ্দেশনাই সদায় আমাৰ পথক আলোকিত কৰে আৰু আমাক জীৱন যাপনৰ সঠিক মূল্যবোধ শিকায় ।"

লগতে পঢ়ক :আজি গুৰু পূৰ্ণিমা: গংগাত স্নান কৰিবলৈ বিভিন্ন ঘাটত ভক্তৰ ভিৰ - Guru Purnima 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.