ETV Bharat / bharat

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ দ্বিপাক্ষিক বৈঠক - G7 Summit

author img

By ANI

Published : Jun 14, 2024, 6:42 PM IST

Updated : Jun 14, 2024, 10:43 PM IST

PM Modi in G7 Summit: ইটালীত অনুষ্ঠিত জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ । সন্মিলনৰ সময়ত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় । ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাক আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিকো তেওঁ সাক্ষাৎ কৰিব ।

G7 Summit
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ দ্বিপাক্ষিক বৈঠক (ETV Bharat)

নেশ্যনেল ডেস্ক,১৪ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-৭ সন্মিলনৰ সময়ত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় । বিভিন্ন ক্ষেত্ৰত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ পদক্ষেপ সম্পৰ্কে এই বৈঠকত আলোচনা কৰা হয় । বৈঠকৰ সময়ত দুয়োগৰাকী নেতাক আলিংগন কৰা দেখা যায় ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক্সৰ এটা পোষ্টত লিখিছে যে দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, পাৰমাণৱিক, মহাকাশ, জলবায়ু আৰু শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে ।

মুখপাত্ৰগৰাকীয়ে কয় যে দুয়োগৰাকী নেতাই মুখ্য গোলকীয় আৰু আঞ্চলিক বিষয়বোৰৰ ওপৰত মত-বিনিময় কৰে । কৌশলগত অংশীদাৰিত্বক নতুন স্তৰলৈ লৈ যোৱা এই বৈঠকৰ উদ্দেশ্য আছিল বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা জি ৭ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৃহস্পতিবাৰে নিশা (স্থানীয় সময় অনুসৰি) ইটালীৰ আপুলিয়াত উপস্থিত হয় ৷ য'ত ভাৰতক প্ৰচাৰ দেশ হিচাপে আমন্ত্ৰণ জনোৱা হয় । ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে তেওঁৰ দ্বিপাক্ষিক বৈঠকৰ পিচত তেওঁ ঋষি সুনাক আৰু জি-৭ৰ নেতা জৰ্জিয়া মেলনিকে ধৰি বিশ্বৰ অন্যান্য নেতাসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব । ইটালীত উপস্থিত হোৱাৰ পিচতে বিমানবন্দৰত ইটালীস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত বাণী ৰাও আৰু অন্যান্য বিষয়াসকলে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় ৷

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বিবৃতিত কৈছিল যে একেৰাহে তৃতীয়বাৰৰ বাবে জি-৭ সন্মিলনৰ বাবে ইটালীত উপস্থিত থাকিবলৈ পাই তেওঁ আনন্দিত । তেওঁৰ পূৰ্বৰ ইটালী ভ্ৰমণ আৰু প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিৰ ভাৰত ভ্ৰমণৰ কথা স্মৰণ কৰে । এয়া ভাৰতৰ ১১ সংখ্যক আৰু জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ পঞ্চম অংশগ্ৰহণ ।

লগতে পঢ়ক :G7 সন্মিলনৰ বাবে ইটালীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, কেইবাখনো বৈঠকত অংশগ্ৰহণৰ সম্ভাৱনা - G7 Summit in Italy

Last Updated : Jun 14, 2024, 10:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.