ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদীৰ 'মন কি বাত'ত চৰাইদেউ মৈদামৰ প্ৰসংগ - Mann Ki Baat

author img

By ANI

Published : Jul 28, 2024, 3:37 PM IST

Mann Ki Baat : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে 'মন কি বাত' অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে । অনুষ্ঠানত তেওঁ শেহতীয়াকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদামৰ কথা উল্লেখ কৰে । দেশবাসীক এই মৈদাম ভ্ৰমণৰ আহ্বান ।

Mann Ki Baat
প্ৰধানমন্ত্ৰী মোদীৰ 'মন কি বাত'ত চৰাইদেউ মৈদামৰ প্ৰসংগ (ANI)

নেশ্যনেল ডেস্ক,২৮ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তেওঁৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান মন কি বাতৰ ১১২ সংখ্যক খণ্ডত অসমৰ আহোম ৰাজবংশৰ স্মৃতি বিজড়িত চৰাইদেউ মৈদামৰ ওপৰত আলোকপাত কৰে ।

চৰাইদেউ মৈদাম সন্দৰ্ভত প্ৰধানমন্ত্ৰী :

২০২৪ চনৰ ২১ ৰ পৰা ৩১ জুলাইলৈ নতুন দিল্লীত অনুষ্ঠিত হোৱা ৪৬ সংখ্যক বিশ্ব ঐতিহ্য সমিতিৰ বৈঠকত সাংস্কৃতিক সম্পত্তিৰ শ্ৰেণীৰ অধীনত আহোম ৰাজবংশৰ সমাধিস্থলী চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় । ইউনেস্কোৰ দ্বাৰা তালিকাভুক্ত এই চৰাইদেউ মৈদাম ভাৰতৰ ৪৩ নম্বৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ।

'মন কি বাত' অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অসমৰ চৰাইদেউ মৈদামক অন্তৰ্ভুক্ত কৰা হৈছে । এইটো ভাৰতৰ ৪৩ নম্বৰ স্থান হ'ব কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম স্থান । চৰাইদেউৰ অৰ্থ হৈছে 'পাহাৰৰ ওপৰত এখন জিলিকি থকা চহৰ'। এইখন আছিল আহোম ৰাজবংশৰ প্ৰথম ৰাজধানী । আহোম ৰাজবংশৰ লোকসকলে পৰম্পৰাগতভাৱে তেওঁলোকৰ পূৰ্বপুৰুষৰ মৃতদেহ আৰু তেওঁলোকৰ মূল্যৱান সামগ্ৰী মৈদামত ৰাখিছিল ।"

প্ৰধানমন্ত্ৰীয়ে কয়, "মৈদাম হৈছে এক পাহাৰৰ দৰে অংশ যাক ওপৰত মাটিৰে আবৃত কৰা হয় আৰু তলত এক বা একাধিক কোঠা থাকে । এয়া হৈছে স্বৰ্গীয় ৰজা আৰু আহোম সাম্ৰাজ্যৰ বিশিষ্ট লোকসকলৰ প্ৰতি সন্মানৰ প্ৰতীক ।" প্ৰধানমন্ত্ৰীয়ে কয়,"এগৰাকী পূৰ্বপুৰুষৰ প্ৰতি সন্মান দেখুওৱাৰ এই পদ্ধতি অতি অনন্য । এই স্থানত সামূহিক উপাসনাও কৰা হৈছিল । ১৩ শতিকাৰ পৰা আৰম্ভ কৰি এই সাম্ৰাজ্য ১৯ শতিকাৰ আৰম্ভণিলৈকে চলিছিল । ইমান দীঘলীয়া সময়ৰ বাবে এক সাম্ৰাজ্য চলাই যোৱা এক বৃহৎ সফলতা । সম্ভৱতঃ আহোম ৰাজত্বৰ নীতি আৰু বিশ্বাস ইমানেই শক্তিশালী আছিল যে ই এই ৰাজবংশক ইমান দিন বৰ্তি ৰাখিছিল ।"

চলিত বছৰৰ আৰম্ভণিতে চৰাইদেউ মৈদামত প্ৰতিমূৰ্তি উন্মোচন কৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "চলিত বৰ্ষৰ ৯ মাৰ্চত সাহস আৰু সাহসিকতাৰ প্ৰতীক অসমৰ বীৰ যোদ্ধা লাচিত বৰফুকনৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সৌভাগ্য হৈছিল । আপুনিও ভৱিষ্যতে আপোনাৰ ভ্ৰমণ পৰিকল্পনাত নিশ্চিতভাৱে এই স্থান অন্তৰ্ভুক্ত কৰা উচিত ।"

আন্তৰ্জাতিক মেথমেটিক্স অলিম্পিয়াড

প্ৰধানমন্ত্ৰীয়ে আন্তৰ্জাতিক মেথমেটিক্স অলিম্পিয়াডৰ অংশগ্ৰহণকাৰীসকলক প্ৰশংসা কৰে আৰু তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে । প্ৰধানমন্ত্ৰীয়ে কয়, "কিছুদিনৰ পূৰ্বে আন্তৰ্জাতিক মেথমেটিক্স অলিম্পিয়াড অনুষ্ঠিত হৈছিল । ১০০ খনতকৈও অধিক দেশৰ যুৱক-যুৱতীয়ে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু সামগ্ৰিক সংখ্যাত, আমাৰ দলটোৱে শীৰ্ষ ৫ নম্বৰ স্থানত উপনীত হোৱাত সফল হৈছে ।" তেওঁ যুৱ গণিতজ্ঞসকলক তেওঁলোকৰ পৰা অনুপ্ৰেৰণা ল'বলৈও আহ্বান জনায় ।

উল্লেখ্য যে মন কি বাত হৈছে প্ৰধানমন্ত্ৰী মোদীৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান । য'ত তেওঁ ভাৰতৰ নাগৰিকৰ সৈতে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়বোৰৰ ওপৰত আলোচনা কৰে । এই অনুষ্ঠানটো প্ৰতি মাহৰ শেষ দেওবাৰে সম্প্ৰচাৰ কৰা হয় । ২০১৪ চনৰ ৩ অক্টোবৰৰ পৰা আৰম্ভ কৰা 'মন কি বাত'ৰ লক্ষ্য হৈছে ভাৰতীয় সমাজৰ বিভিন্ন খণ্ডৰ সৈতে সংযোগ স্থাপন কৰা, মহিলা, বৃদ্ধ আৰু যুৱসকলক সামৰি লোৱা ।

লগতে পঢ়ক :বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰে উজলিল চৰাইদেউ মৈদাম - UNESCO world heritage site

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.