বদোদৰা : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেদ্ৰো ছেনচেজে সোমবাৰে বদোদৰাত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰে । ৰোড শ্ব'ৰ সময়ত হঠাতে দুয়োগৰাকী নেতা কিছু সময়ৰ বাবে জীপখন ৰখায় আৰু এমএছ বিশ্ববিদ্যালয়ৰ এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰী দিয়া গোচাইক সাক্ষাৎ কৰে । যিয়ে তেওঁৰ শিল্পকৰ্মৰ সৈতে পথটোত দুয়োগৰাকী নেতাৰ বাবে গভীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল ।
প্ৰধানমন্ত্ৰীদ্বয়লৈ বিশেষ উপহাৰ
দিয়া গোচাই এগৰাকী প্ৰতিভাশালী চিত্ৰশিল্পী । তেওঁ নিজ হাতেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেদ্ৰো ছেনচেজৰ ছবি অংকন কৰিছে আৰু ফ্ৰেমযুক্ত ছবি দুখন লৈ তেওঁ পথৰ সমীপতে ৰৈ আছিল । ৰোড শ্ব'ৰ কনভয় ওচৰ চাপি অহাৰ লগে লগে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে চিত্ৰশিল্পীগৰাকীৰ হাতত ছবিকেইখন দেখিছিল আৰু তাত ৰৈ দিয়াৰ সিদ্ধান্ত লয় । দুয়োগৰাকী নেতাই বিশেষভাৱে সক্ষম দিয়াক অভিবাদন জনোৱাৰ উদ্দেশ্যে জীপৰ পৰা নামি আহে ।
এক চৰকাৰী বিবৃতি অনুসৰি, "ৰোড শ্ব'ৰ দলটো পথটোৰে পাৰ হৈ গৈছিল আৰু দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ চকু সেই ছাত্ৰীগৰাকীৰ ওপৰত পৰিছিল । দিয়াই তেতিয়া প্ৰধানমন্ত্ৰী মোদী আৰু ছেনচেজক তেওঁলোকৰ ফটো দুখন উপহাৰ দিয়ে । দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে তেওঁৰ উপহাৰ আনন্দেৰে গ্ৰহণ কৰে আৰু শুভেচ্ছা জনায় । এই অনন্য মুহূৰ্তৰ সাক্ষী হয় বদোদৰাবাসী ।
ৰোড শ্ব'ৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেদ্ৰো ছেনচেজে যুটীয়াভাৱে বদোদৰাৰ টাটা এডভান্সড চিষ্টেমছ লিমিটেড কেন্দ্ৰ উদ্বোধন কৰে । য'ত চি-২৯৫ বিমান নিৰ্মাণ কৰা হ'ব । অনুষ্ঠানটোৰ সময়ত ছেনচেজে ভাৰত আৰু স্পেইনৰ মাজত সাংস্কৃতিক আৰু ঔদ্যোগিক সম্পৰ্কৰ ওপৰত আলোকপাত কৰে আৰু ১৯৬০ৰ দশকৰ শেষৰ ফালে প্ৰখ্যাত স্পেনিছ গীটাৰবাদক পাকো ডি লুচিয়া আৰু ভাৰতীয় সংগীতজ্ঞ ৰবি শংকৰৰ মাজত সহযোগিতাৰ কথা স্মৰণ কৰে ।
টাটা এডভান্সড চিষ্টেমছ লিমিটেড কেন্দ্ৰৰ লক্ষ্য
চি-২৯৫ কাৰ্যসূচীৰ অধীনত মুঠ ৫৬ খন বিমান অন্তৰ্ভুক্ত আছে । যাৰ ভিতৰত ১৬ খন পোনপটীয়াকৈ স্পেইনৰ এয়াৰবাছে যোগান ধৰিছে আৰু বাকী ৪০ খন বিমান ভাৰতত নিৰ্মাণ কৰা হ'ব । টাটা এডভান্সড চিষ্টেমছ লিমিটেডত এই বাকী ৪০ খন বিমান নিৰ্মাণ কৰা হ'ব ।
লগতে পঢ়ক :মোদী আৰু পেদ্ৰো ছেনচেজেৰ ৰোড শ্ব'; উদ্বোধন ঐতিহাসিক টিএএছএল