ETV Bharat / bharat

প্ৰধানমন্ত্ৰী আৱাস যোজনা: এইবোৰ কাৰণত হ'ব পাৰে আপোনাৰ আবেদন নাকচ - PM Awas Yojana

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 4:59 PM IST

PM Awas Yojana: যদি আপুনি প্ৰধানমন্ত্ৰী আৱাস গ্ৰামীণ যোজনাৰ বাবে আবেদন কৰাৰ প্ৰস্তুতি চলাই আছে, তেন্তে ১০ টা চৰ্তৰ বিষয়ে জানি লওক । নহ'লে আপুনি যিকোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে । আবেদনো নাকচ হ'ব পাৰে ।

PM Awas Yojana
প্ৰধানমন্ত্ৰী আৱাস যোজনা (ETV Bharat)

নিউজ ডেস্ক,৬ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী আৱাস গ্ৰামীণ যোজনাৰ বাবে আবেদন কৰা সকলৰ সত্যতা পৰীক্ষা কৰিবলৈ সমীক্ষা আৰম্ভ হ'ব । যদি এই সমীক্ষাত অযোগ্য বুলি ধৰা পৰে, আবেদনখন তাৎক্ষণিকভাৱে নাকচ কৰা হ'ব । কিন্তু কিয় ? ইয়াৰ আঁৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হ'ল তথ্যৰ অভাৱ । বহু লোকে প্ৰধানমন্ত্ৰী আৱাস গ্ৰামীণৰ যোগ্যতাৰ বিষয়ে নাজানে আৰু আবেদন কৰে । যাৰ বাবে তেওঁলোকৰ প্ৰপত্ৰবোৰ নাকচ কৰা হয় । এই আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীয়ে ২.৫ লাখ টকালৈকে চৰকাৰী বিত্তীয় সাহায্য লাভ কৰে । যোগ্যতাৰ ১০ টা চৰ্তৰ বিষয়ে জানো আহক ।

মুখ্য উন্নয়ন বিষয়া অৰবিন্দ কুমাৰ মিশ্ৰই কৈছে যে গাঁও পঞ্চায়তৰ ৰাজহুৱা স্থানত যোগ্যতা আৰু অযোগ্যতাৰ চৰ্তৰ বিষয়ে দেৱালত লিখা উচিত । যাতে সাধাৰণ ৰাইজে ইয়াৰ বিষয়ে তথ্য লাভ কৰিব পাৰে । এই আঁচনিৰ বাবে যোগ্যতাৰ এইবোৰ মুখ্য চৰ্তসমূহ-

এই লোকসকল অযোগ্য (১০ টা চৰ্ত)

  • তিনিচকীয়া বাহন, চাৰিচকীয়া বাহন আদি থকা পৰিয়াল ।
  • তিনিচকীয়া বা চাৰিচকীয়া যন্ত্ৰচালিত কৃষি সজুলি থকা পৰিয়াল ।
  • ৫০,০০০ টকাৰ অধিক সীমাৰ কিষাণ ক্ৰেডিট কাৰ্ড থকা পৰিয়াল ।
  • চৰকাৰী কৰ্মচাৰী থকা পৰিয়াল ।
  • পৰিয়ালৰ কোনো সদস্যই যদি ১৫,০০০ টকাৰ অধিক উপাৰ্জন কৰে ।
  • ভাৰত চৰকাৰৰ পঞ্জীভুক্ত অনা-কৃষি উদ্যোগ থকা পৰিয়াল ।
  • আয়কৰ পৰিশোধ কৰা পৰিয়াল ।
  • পেছাদাৰী কৰ পৰিশোধ কৰা পৰিয়াল ।
  • ২.৫ একৰতকৈ অধিক জলসিঞ্চন ভূমিৰ মালিক ।
  • ৫ একৰ বা ততোধিক অ-জলসিঞ্চন ভূমিৰ মালিক ।

এই ৫ টা শ্ৰেণী যোগ্য

  • গৃহহীন পৰিয়াল
  • অসহায়, ভিক্ষাৰী পৰিয়াল
  • অঘৰী পৰিয়াল
  • আদিম জনজাতি গোট
  • আইনীভাৱে মুক্ত বন্ধনযুক্ত শ্ৰমিক

এইবোৰ যোগ্যতাৰ চৰ্তাৱলী : মানক অগ্ৰাধিকাৰ তালিকা অনুসৰি যাৰ চাদ আৰু দেৱাল কেঁচা লগতে এটা কোঠা কেঁচা । ১৬ৰ পৰা ৫৯ বছৰ বয়সৰ ভিতৰত পৰিয়ালত কোনো প্ৰাপ্তবয়স্ক সদস্য থাকিব নালাগে । ১৬ৰ পৰা ৫৯ বছৰ বয়সৰ ভিতৰত কোনো প্ৰাপ্তবয়স্ক সদস্য নথকা মহিলা মুৰব্বী পৰিয়াল । এজন বিশেষভাৱে সক্ষম আৰু আন কোনো প্ৰাপ্তবয়স্ক নোহোৱা পৰিয়াল । অনুসূচীত জাতি/জনজাতি পৰিয়াল যাৰ ২৫ বছৰৰ অধিক বয়সৰ কোনো শিক্ষিত সদস্য নাই । ভূমিহীন পৰিয়াল যাৰ উপাৰ্জনৰ মুখ্য উৎস হৈছে শ্ৰম ।

কঠোৰ হ'ব সমীক্ষা : গাঁও পঞ্চায়ত পৰ্যায়, উন্নয়ন খণ্ড আৰু জিলা পৰ্যায়ত লাভ কৰা গৃহ নিৰ্মাণৰ চাহিদা সম্পৰ্কীয় আবেদনসমূহ নিষ্পত্তি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব । বিৱৰণবোৰ আবেদনখনত লোৱা পদক্ষেপৰ সৈতে লিপিবদ্ধ কৰা হ'ব । অনলাইন সমীক্ষাৰ লগতে, অফলাইন সমীক্ষাৰে প্ৰ-পত্ৰবোৰো পূৰণ কৰা হ'ব, পিছত ইয়াক আন এটা দলে পুনৰীক্ষণ কৰিব পাৰে । অযোগ্য আবেদনসমূহ নাকচ কৰা হ'ব ।

উল্লেখ্য যে এই চৰ্তবোৰ উত্তৰ প্ৰদেশৰ বাবেহে গ্ৰহণযোগ্য । ৰাজ্যভেদে এই চৰ্ত বা নিয়মাৱলী কিছু পৃথক হয় ।

লগতে পঢ়ক :এ আইৰ বাবে আপোনাৰো চাকৰি বিপদত নেকি ? - International Labour Organization

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.