ETV Bharat / bharat

জনজাতীয় মহিলাক আক্ৰমণ: মুখত ভৰাই দিলে মানুহৰ বিষ্ঠা - ODISHA TRIBAL WOMAN ASSAULT

ওড়িশাত আক্ৰমণৰ বলি জনজাতীয় মহিলা । শস্য নষ্ট কৰাৰ বাবে ট্ৰেক্টৰ চালকক বাধা দিয়াৰ বাবে নিৰ্মমভাৱে প্ৰহাৰ মহিলাক ।

Tribal Woman assault
জনজাতীয় মহিলাক আক্ৰমণ; মুখত সোমোৱাই দিলে মানুহৰ মল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 2:56 PM IST

বালাংগীৰ: ওড়িশাৰ বালাংগীৰ জিলাত চাঞ্চল্যকৰ ঘটনা । সাধাৰণ কথাতে এগৰাকী জনজাতীয় মহিলাক নিৰ্মমভাৱে প্ৰহাৰ ট্ৰেক্টৰ চালকৰ । অভিযোগ অনুসৰি কেৱল প্ৰহাৰ কৰাই নহয় মহিলাগৰাকীৰ মুখত বলপূৰ্বকভাৱে ভৰাই দিলে মানুহৰ বিষ্ঠা । মহিলাগৰাকীয়ে তেওঁৰ ভূমিৰ শস্য নষ্ট কৰাৰ বাবে ট্ৰেক্টৰ চালকক বাধা দিছিল ।

এই ঘটনাটো ১৬ নৱেম্বৰত জিলাখনৰ বাংগোমুণ্ডা আৰক্ষী থানাৰ অন্তৰ্গত জুৰাবন্ধা গাঁৱত সংঘটিত হৈছিল । এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে ২০ বছৰীয়া জনজাতীয় মহিলাগৰাকীয়ে তেওঁৰ কৃষিভূমিত ট্ৰেক্টৰৰ প্ৰৱেশত বিৰোধিতা কৰিছিল । তাৰ পিছত ট্ৰেক্টৰ চালকে মহিলাগৰাকীক নিৰ্মমভাৱে আক্ৰমণ কৰিছিল ।

জনজাতীয় মহিলাক আক্ৰমণ

অভিযোগ অনুসৰি অভিযুক্তজনে তেওঁক প্ৰহাৰ কৰিছিল আৰু বলপূৰ্বকভাৱে মানুহৰ বিষ্ঠা তেওঁৰ মুখত ভৰাই দিছিল । ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে বাংগোমুণ্ডা আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে । ভুক্তভোগী মহিলাগৰাকীৰ মতে, তেওঁ নিজৰ পথাৰত কাম কৰি আছিল । তেতিয়া অভয় বাগ নামৰ এজন অ-জনজাতীয় লোকে তেওঁৰ কৃষিভূমিৰ মাজেৰে ট্ৰেক্টৰ লৈ আহিছিল । যাৰ ফলত মহিলাগৰাকীৰ শস্যৰ বিস্তৰ ক্ষতি হৈছিল । মহিলাগৰাকীয়ে লোকজনক বাধা দিছিল ।

তাৰ পিছত জনজাতীয় মহিলাগৰাকী গাঁওখনৰে ওচৰৰ পুখুৰীৰ পৰা উভতি আহি থকা সময়ত অভিযুক্ত ট্ৰেক্টৰ চালকজনে তেওঁক আক্ৰমণ কৰে ।

আৰক্ষীয়ে অনুসূচীত জাতি আৰু জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত এখন এজাহাৰ দাখিল কৰিছে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে । অভিযুক্ত লোকজন সম্প্ৰতি পলাতক আৰু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছে ।

অভিযুক্তক বিচাৰি অভিযান

বালাংগীৰৰ আৰক্ষী অধীক্ষক খিলাৰী ঋষিকেশ দানিয়াণ্ডিঅ'ই উল্লেখ কৰা মতে তেওঁলোকে অভিযুক্ত চালকজনক কৰায়ত্ত কৰিবলৈ দুটা বিশেষ দল গঠন কৰিছে । লোকজনৰ সন্ধানত চুবুৰীয়া ৰাজ্যসমূহলৈ আৰক্ষীৰ দল প্ৰেৰণ কৰা হৈছে বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে ।

বিজেডিৰ সাংসদ নিৰঞ্জন বিছিয়ে ভুৱনেশ্বৰত এখন সংবাদমেলত অভিযোগ কৰে যে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলত জনজাতীয় লোকসকলৰ মাজত ক্ষোভ দেখা গৈছে ।

লগতে পঢ়ক :গোষ্ঠী হিংসাই স্পৰ্শ নকৰা মণিপুৰৰ তামেংলঙত আমূৰ ফেলকন উৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.