ETV Bharat / bharat

চিকিৎসকৰ গুপ্তাংগ কাটিলে নাৰ্ছে - NURSE CUT DOCTOR PRIVATE PART

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 7:11 PM IST

Updated : Sep 12, 2024, 7:29 PM IST

Attempt to rape in Samastipur : ধৰ্ষণৰ অপচেষ্টা চলোৱা চিকিৎসকক উচিত শিক্ষা দিলে নাৰ্ছে । লম্পট চিকিৎসকৰ গুপ্তাংগ কাটিলে ভুক্তভোগী নাৰ্ছে । আৰক্ষীৰ জালত ধৰ্ষণৰ চেষ্টা চলোৱা চিকিৎসকসহ আন দুই সহকৰ্মী । ক'ত সংঘটিত হৈছে এই ঘটনা ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Attempt to rape in Samastipur
চিকিৎসকৰ গুপ্তাংগ কাটিলে নাৰ্চে (ETV Bharat)

নেশ্যনেল ডেস্ক,১২ ছেপ্টেম্বৰ: আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ দেশ তোলপাৰ লগাই থকাৰ সময়তে পুনৰ সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা । এইবাৰ নাৰ্ছক অপকৰ্ম কৰাৰ চেষ্টা কৰি বিপদত পৰিল চিকিৎসক । এইবাৰ ঘটনাৰ স্থান বিহাৰৰ সমষ্টিপুৰ জিলা । সমস্তিপুৰ জিলাত এগৰাকী নাৰ্ছক তেওঁৰ দুজন সহকৰ্মীৰ সৈতে এগৰাকী চিকিৎসকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হয় বুলি আৰক্ষীয়ে দেওবাৰে সদৰী কৰিছিল ।

অভিযুক্ত চিকিৎসকজন সুৰাৰ ৰাগীত মাতাল হৈ নিৰ্যাতন চলাবলৈ লওতেই ক্লিনিকত থকা ব্লেডেৰে চিকিৎসকজনৰ গোপন অংগ কাটি কোনোমতে জীৱন বচাই পলায়ন কৰে বুলি উল্লেখ কৰে ভুক্তভোগী নাৰ্ছগৰাকীয়ে ।

নাৰ্ছে চিকিৎসকৰ গুপ্তাংগ কাটিছিল:

সমষ্টিপুৰৰ মুছিঘাৰাৰী আৰক্ষী থানা এলেকাৰ ফিজিঅ'থেৰাপী নাৰ্চিং হোমৰ চিকিৎসকৰ ক্লিনিকত সংঘটিত হৈছে এই ঘটনা । ডি এছ পি সঞ্জয় কুমাৰ পাণ্ডেই ঘটনাটোৰ অভিযোগ উত্থাপন হোৱা বুলি সদৰী কৰে । তেওঁ কয় যে সুৰাপান কৰা চিকিৎসক আৰু তেওঁৰ দুজন সহকৰ্মীয়ে নাৰ্ছৰ ওপৰত ধৰ্ষণৰ চেষ্টা চলাইছিল । কিন্তু নাৰ্ছগৰাকীয়ে চিকিৎসকজনৰ নিৰ্যাতনৰ পৰা বাচিবলৈ ক্লিনিকত থকা ব্লেডেৰে চিকিৎসকজনৰ গুপ্তাংগ কাটি ক্লিনিকখনৰ পৰা পলায়ন কৰি ১১২ লৈ ফোন কৰিছিল ।

এই সন্দৰ্ভত সমষ্টিপুৰৰ ডি এছ পি সঞ্জয় কুমাৰে কয়,"ডায়েল ১১২ ৰ দলটোৱে নাৰ্ছগৰাকীক মুছিঘাৰাৰী আৰক্ষী চকীলৈ লৈ আহিছিল । ইয়াৰ পিছতে মুছিঘাৰাৰী আৰক্ষী থানাৰ আৰক্ষীৰ এটা দল ক্লিনিকত উপস্থিত হৈ অভিযুক্ত চিকিৎসকসহ আন দুই সহযোগীক আটক কৰে । বৰ্তমান চিকিৎসকজন আৰক্ষীৰ জিম্মাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।"

চি চি টিভি কেমেৰা বন্ধ কৰি জঁপিয়াই পৰিছিল তিনিও:

ভুক্তভোগী নাৰ্ছগৰাকীয়ে কয় যে ঘটনাটোৰ সময়ত, চিকিৎসকে ক্লিনিকৰ চি চি টিভি কেমেৰা বন্ধ কৰি লৈছিল । ক্লিনিকখন ভিতৰৰ পৰা বন্ধ কৰি তিনিওটা তেওঁৰ ওপৰত জঁপিয়াই পৰিছিল । তাইৰ জীৱন বচাবলৈ, তাই অভিযুক্তৰ গুপ্তাংগত ব্লেডেৰে কাটি ক্লিনিকৰ তলা খুলি পলাই গৈছিল । তাৰ পিছতে নাৰ্ছগৰাকীয়ে কৰ্ণফিল্ডলৈ গৈ ডায়েল ১১২ লৈ ফোন কৰিছিল ।

ভুক্তভোগীৰ অভিযোগৰ আধাৰত, মুছিঘাৰাৰী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে আৰক্ষীয়ে । ডি এছ পিয়ে কয় যে অভিযুক্ত চিকিৎসকজন তেঘৰাৰ বাসিন্দা আৰু আন দুই সহকৰ্মী সমষ্টিপুৰৰ বাসিন্দা । ইতিমধ্যে তিনিওকে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰখা হৈছে ।

লগতে পঢ়ক: ধৰ্ষণৰ গোচৰৰ ৰায়দান ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতৰ - Rape case in Dhemaji

অস্থিৰ ৰাজ্য, অচল স্বাস্থ্য সেৱা: বৃহস্পতিবাৰে ৰাজ্যৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰীয়ে - Unrest West Bengal

Last Updated : Sep 12, 2024, 7:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.