নতুন দিল্লী: নতুন দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে উত্তৰ-পূব মহোৎসৱৰ দ্বাদশ সংস্কৰণ । এই উৎসৱৰ উদ্দেশ্য হৈছে উত্তৰ-পূবৰ আঠোখন ৰাজ্যৰ মূল বিষয়সমূহ প্ৰদৰ্শন কৰা । ২০০ তকৈও অধিক সম্প্ৰদায়ক একত্ৰিত কৰি আয়োজিত এই উৎসৱটো বন্তি প্ৰজ্বলনৰে উদ্বোধন কৰা হয় । এই অনুষ্ঠানটোত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় ।
অনুষ্ঠানটোৰ আয়োজকসকলে এক বিবৃতিযোগে মহোৎসৱৰ কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰিছে । অনুষ্ঠানটোত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (বস্ত্ৰ, বৈদেশিক পৰিক্ৰমা)পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে অৰুণাচল প্ৰদেশৰ পৰ্যটন মন্ত্ৰী পাচাং দৰ্জী সোনাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্য়ক্তিৰ উপৰি নাগালেণ্ডৰ পৰ্যটন মন্ত্ৰী টেমজেন ইমনা আনং,কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ সচিব অৰুণিশ চাওলা আদি উপস্থিত থাকে ।
উত্তৰ-পূবৰ পৰ্যটনৰ সুযোগ সম্পৰ্কে আলোচনা কৰিবলৈ উৎসৱ উদ্যোগৰ নেতৃবৃন্দই বি২বি পৰ্যটন সভাতো মিলিত হয় । এছ'চিয়েশ্যন অৱ ডমেষ্টিক ট্যুৰ অপাৰেটৰ অৱ ইণ্ডিয়া (এ ডি টি অ' আই) আৰু ইণ্ডিয়ান এছ'চিয়েচন অৱ ট্যুৰ অপাৰেটৰ (আই এ টি অ')ৰ দৰে একাধিক সংগঠনৰ সদস্যসকলেও আলোচনাত অংশগ্ৰহণ কৰে । আয়োজকসকলে এই বিবৃতিটোত উল্লেখ কৰা অনুসৰি এই নেতাসকলে তেওঁলোকৰ দক্ষতা সম্পৰ্কে সুন্দৰভাৱে ব্য়াখ্য়া কৰে । এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলক এক মুখ্য পৰ্যটন স্থান হিচাপে চিহ্নিত কৰাৰ প্ৰৱল সম্ভাৱনা সৃষ্টি কৰা বুলি বিবৃতিটোত পুনৰ উল্লেখ কৰে ।
এই অনুষ্ঠানটোত পৰ্যটন সচিব আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মাপানি বৰাই কয়,"অসমৰ আন্তঃগাঁথনি আৰু সংযোগে নতুন উচ্চতাত উপনীত হৈছে । ফলত ইয়াক ভ্ৰমণকাৰীসকলৰ বাবে এক গন্তব্য স্থান হিচাপে গঢ়ি তুলিছে । ৰাজ্যখনে ঐতিহ্য আৰু মনোৰম সৌন্দৰ্যৰ পৰা আৰম্ভ কৰি আকৰ্ষণীয় নৈশ জীৱন আৰু বজাৰৰ অভিজ্ঞতালৈকে সকলো প্ৰদান কৰিছে । এই মাহৰ শেষৰ ফালে কাজিৰঙাত অনুষ্ঠিতব্য় আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ লগত উত্তৰ-পূবৰ সাংস্কৃতিক সম্পদ আৰু পৰ্যটনৰ সম্ভাৱনাক অধিক আলোকপাত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । "
অনুষ্ঠানটোৱে উত্তৰ-পূবৰ আঠোখন ৰাজ্যক প্ৰতিনিধিত্ব কৰা ৬০ খনতকৈও অধিক খাদ্যৰ বিপণি স্থাপন কৰিছে । দৰ্শকসকলে নাগালেণ্ডৰ পোৰা গাহৰিৰ মাংস,মিজোৰামৰ বাঁহগাজৰ তৰকাৰী,অসমৰ পিঠা আৰু খাচী শৈলীৰ গাহৰিৰ পাঁজৰৰ দৰে সুস্বাদু খাদ্যৰ জুতি ল'বলৈ সক্ষম হৈছে । দিল্লীস্থিত ষ্টলবোৰেও ইয়াত অংশগ্ৰহণ কৰিছে । স্থানীয় ফ্লেভাৰৰ লগত উত্তৰ-পূবৰ ৰন্ধনপ্ৰণালীৰ লগত সংযুক্ত কৰাত অন্য় সোৱাদ ল'বলৈ সক্ষম হৈছে দৰ্শকসলে । জনসাধাৰণে বিভিন্ন পৰম্পৰাগত নৃত্য বিশেষকৈ মাইবি নৃত্য,পুং চোলোম,কাৰ্তাল চোলোম,লেইমা জাগোই,ৰাসলীলা, ত্ৰীয়া আৰু বাঁহ নৃত্য উপভোগ কৰাৰ সুযোগ পায় ৷
এই মহোৎসৱত অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গেৰ লগতে অন্যান্য শিল্পী আৰ্যন কাটোচ,জেক অফ স্পেড'জেড,ৰকি গ্লক,শ্বেলডন,ৰিং ডাংছা, জাষ্ট কোৰাছ আৰু ডিজে লোকিয়ে অনুষ্ঠান পৰিৱেশন কৰে । ইয়াৰ সৈতে সংগতি ৰাখি আয়োজিত ফেশ্বন শ্ব'ত উত্তৰ-পূবৰ ১৬ গৰাকী প্ৰতিভাশালী ডিজাইনাৰৰ সংগ্ৰহ প্ৰদৰ্শন কৰা হয় ।
মহোৎসৱৰ আয়োজক শ্যামকানু মহন্তই এই উৎসৱটো কেনেকৈ উত্তৰ-পূব অঞ্চলৰ উৎসৱ সেয়াও উল্লেখ কৰে । তেওঁ কয়," এই বছৰ আমাৰ লক্ষ্য হৈছে সংযোগক অনুপ্ৰাণিত কৰা, সুযোগ সৃষ্টি কৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাৰাংশক উচ্চ শিখৰত আৰোহন কৰা ।" উল্লেখ্য় যে উত্তৰ-পূব মহোৎসৱ ১৭ নৱেম্বৰলৈকে চলিব । ইয়াত কলা,সংগীত,খাদ্য, ফেশ্বন আৰু ব্যৱসায়িক ক্ষেত্ৰ আদি অন্তৰ্ভুক্ত কৰা হৈছে ।