ETV Bharat / bharat

দৃষ্টি আই ড্ৰপকে ধৰি পতঞ্জলিৰ ১৪ বিধ সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা - Patanjali Products Sale Stop

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 10:50 PM IST

Patanjali Products Sale Stop: পতঞ্জলিৰ ১৪ বিধ সামগ্ৰীৰ বিক্ৰী বন্ধ কৰি দিয়া হৈছে । চলিত বৰ্ষৰ এপ্ৰিল মাহত উত্তৰাখণ্ড ৰাজ্যিক অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষই পতঞ্জলিৰ দৃষ্টি আই ড্ৰপকে ধৰি ১৪টা সামগ্ৰীৰ উৎপাদন অনুজ্ঞাপত্ৰ বন্ধ কৰি দিছিল । পতঞ্জলি আয়ুৰ্বেদ লিমিটেডে উচ্চতম ন্যায়ালয়ত কয় যে এই সামগ্ৰীসমূহৰ বিজ্ঞাপনসমূহো প্ৰত্যাহাৰ কৰা হৈছে ।

Patanjali Products Sale Stop
দৃষ্টি আই ড্ৰপকে ধৰি পতঞ্জলিৰ ১৪ টা সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা (ETV BHARAT ASSAM)

নিউজ ডেস্ক, ৯ জুলাই: চলিত বৰ্ষৰ এপ্ৰিল মাহত উত্তৰাখণ্ড ৰাজ্যিক অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষই উৎপাদন অনুজ্ঞাপত্ৰ বন্ধ কৰি দিয়া দৃষ্টি আই ড্ৰপকে ধৰি ১৪টা সামগ্ৰীৰ বিক্ৰী বন্ধ কৰি দিছে পতঞ্জলি আয়ুৰ্বেদ লিমিটেডে । মঙলবাৰে উচ্চতম ন্যায়ালয়ত এই তথ্য প্ৰদান কৰে কোম্পানীটোৱে । এই ১৪টা সামগ্ৰীৰ সকলো বিজ্ঞাপন প্ৰত্যাহাৰ কৰিবলৈও মিডিয়া প্লেটফৰ্মসমূহক নিৰ্দেশ দিয়া হৈছে আৰু সমগ্ৰ দেশৰ ৫৬০৬ টা ফ্ৰেঞ্চাইজি ষ্ট’ৰক এই সামগ্ৰীসমূহ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি কোম্পানীটোৱে ন্যায়াধীশ হিমা কোহলী আৰু সন্দীপ মেহতাৰ বিচাৰপীঠৰ সন্মুখত দাখিল কৰা শপতনামাত প্ৰকাশ কৰিছে ৷

একে সময়তে শীর্ষ আদালতে পতঞ্জলি আয়ুৰ্বেদ লিমিটেডক দুসপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে, য’ত ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা বিজ্ঞাপনসমূহ আঁতৰাবলৈ কৰা অনুৰোধ গ্ৰহণ কৰা হৈছে আৰু ১৪টা সামগ্ৰীৰ বিজ্ঞাপন গ্ৰহণ কৰা হৈছে নে নাই সেই বিষয়ে উল্লেখ কৰা হ’ব ।

লগতে পঢ়ক: পতঞ্জলি ফুডছলৈ জিএছটি ইণ্টেলিজেঞ্চ বিভাগৰ জাননী - Patanjali Foods Show Cause Notice

পতঞ্জলি গোচৰৰ শুনানি সন্দৰ্ভত ভাৰতীয় চিকিৎসা সন্থা চমুকৈ আই এম এৰ অধ্যক্ষই কৰা বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে বুলিও উচ্চতম ন্যায়ালয়ক অৱগত কৰা হয় । যুক্তি দিয়া হৈছিল যে এই ক্ষমাপ্ৰাৰ্থনা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰি আই এম এৰ মাহেকীয়া আলোচনীত প্ৰকাশ কৰা হৈছিল আৰু ইয়াৰ ৱেবছাইটতো আপলোড কৰা হৈছিল । ৩০ জুলাইত এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে ।

পতঞ্জলিয়ে ক’ভিড টিকাকৰণ অভিযান আৰু আধুনিক চিকিৎসা পদ্ধতিৰ বিৰুদ্ধে ভুৱা অভিযান চলাইছে বুলি আই এম এয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল শীৰ্ষ আদালতে । এই গোচৰৰ শেষ শুনানিত উত্তৰাখণ্ড ৰাজ্যিক অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষই শীৰ্ষ আদালতক জনাইছিল যে পতঞ্জলি আয়ুৰ্বেদ লিমিটেড আৰু দিব্য ফাৰ্মাচীৰ ১৪টা সামগ্ৰীৰ উৎপাদন অনুজ্ঞাপত্ৰ ‘তাৎক্ষণিক কাৰ্যকৰিতাৰে স্থগিত ৰখা হৈছে ।

লগতে পঢ়ক: আদালতে পতঞ্জলিৰ বিষয়াক কিয় বিহিলে কাৰাদণ্ড ? - Patanjali Soan Papdi

১৪ মে’ত এই বিভ্ৰান্তিকৰ বিজ্ঞাপন গোচৰত বাবা ৰামদেৱ, তেওঁৰ সহযোগী বালকৃষ্ণ আৰু পতঞ্জলি আয়ুৰ্বেদ লিমিটেডক জাৰি কৰা অৱমাননা জাননীৰ ওপৰত উচ্চতম ন্যায়ালয়ে নিজৰ নিৰ্দেশ সংৰক্ষণ কৰি ৰাখিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.