ETV Bharat / bharat

ৰাজনীতি নহয় আধ্যাত্মিকতাৰ প্ৰতিহে আগ্ৰহী বিহাৰৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ - Nitish Kumar Son Nishant

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 10:07 PM IST

Nitish Kumar son Nishant: বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত বজাৰ কৰিবলৈ আহিছিল পাটনাৰ এখন দোকানলৈ । পথত সাংবাদিকে পাই তেওঁক ৰাজনীতিত প্ৰৱেশ কৰিব নেকি বুলি সোধাত তেওঁ কয়, "মই আধ্যাত্মিকতাৰ পথত আগবাঢ়িছো ৷ হৰে ৰাম হৰে কৃষ্ণ মোবাইলত শুনো ৷ এটা স্পীকাৰ কিনিবলৈ আহিছো যাতে ভালকৈ শুনিব পাৰো ।"

Nitish Kumar Son Nishant
ৰাজনীতি নহয় আধ্যাত্মিকতাৰ প্ৰতিহে আগ্ৰহী বিহাৰৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ (ETV Bharat)

নিউজ ডেস্ক, ২৭ জুলাই: বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্ৰ নিশান্তৰ ৰাজনীতিত প্ৰৱেশক লৈ বহুদিন ধৰি জল্পনা-কল্পনাৰ চলি আছে । ৰাজনীতিবিদসকলে পৰিধান কৰা বগা কুৰ্তা-পায়জামাত প্ৰায়ে নিশান্তক দেখা যায় । নিশান্তক শুকুৰবাৰে পুনৰ বজাৰত ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় কৰা সময়ত একেধৰণৰ সাজত দেখা যায় ৷

ৰাজনীতিত প্ৰৱেশৰ সন্দৰ্ভত কি ক’লে নিশান্তে: ইয়াৰ পূৰ্বে তেওঁ শ্ৰীকৃষ্ণ নগৰত গছপুলি ৰোপণ কৰিছিল আৰু ইয়াৰ ফটোও ভাইৰেল হৈছিল । কোৱা হয় যে নিশান্ত পৰিৱেশৰ প্ৰতি অতি সচেতন । এখন ইলেক্ট্ৰনিক দোকানৰ পৰা বজাৰ কৰি ওলাই যোৱাৰ সময়ত সংবাদ মাধ্যমে মুখ্যমন্ত্ৰী নীতিশৰ পুত্ৰ নিশান্ত কুমাৰক ৰাজনীতিত প্ৰৱেশৰ বিষয়ে সোধাত তেওঁ আধ্যাত্মিকতাৰ পথত আগবাঢ়িছে বুলি কয় ।

"আধ্যাত্মিক কামৰ বাবে ওলাই আহিছো । মোবাইলত হৰে ৰাম হৰে কৃষ্ণ শুনিলে শব্দ কম হয় । গতিকে হৰে ৰাম হৰে কৃষ্ণৰ গীত শুনিবলৈ ভাল স্পীকাৰ কিনিবলৈ আহিছো । এতিয়া প্ৰভুৰ গীতবোৰ স্পীকাৰত ভালদৰে শুনিম ।" নিশান্ত, নীতিশ কুমাৰৰ পুত্ৰ ৷

লগতে পঢ়ক: লালুৰ বহুত ল'ৰা-ছোৱালী-নীতিশ কুমাৰ; ক্ষমা খোজাৰ দাবী আৰ জে ডিৰ - Lok Sabha Election 2024

ৰাজনীতিৰ পৰা দূৰত্ব বজাই ৰাখে নিশান্ত: যেতিয়া নিশান্তই স্পীকাৰ কিনিবলৈ বজাৰলৈ গৈছিল, তেতিয়া তেওঁৰ লগত নিৰাপত্তাৰক্ষীৰ এটা দলো উপস্থিত আছিল । মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰে প্ৰায়ে ৰাজনৈতিক কাৰ্যসূচীৰ পৰা আঁতৰি থাকে । কেতিয়াবা উৎসৱ উপলক্ষে, কেতিয়াবা পিতৃৰ জন্মদিন উপলক্ষে তেওঁক মুখ্যমন্ত্ৰীৰ বাসগৃহত দেখা যায় । নিশান্ত এজন শান্ত স্বভাৱৰ যুৱক আৰু তেওঁ ৰাজনীতিৰ প্ৰতি আগ্ৰহী নহয় বুলি বিগত সময়ত বহুবাৰ কৈছে ।

নীতিশে ৰাজনীতিত পুত্ৰক প্ৰচাৰ কৰা নাছিল: বছৰত এবাৰহে সংবাদ মাধ্যমত নিশান্তক দেখা যায় । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সমাজবাদ আৰু সামাজিক ন্যায়ৰ ৰাজনীতি কৰে, তাত পৰিয়ালবাদৰ কোনো স্থান নাই । নীতিশ কুমাৰেও আজিলৈকে কেতিয়াও নিজৰ পুত্ৰ নিশান্তক ৰাজনীতিত প্ৰচাৰ কৰা নাই । কিন্তু শেহতীয়াকৈ বাৰে বাৰে উত্থাপন হৈছে যে নিশান্ত কুমাৰে পিতৃ নীতিশৰ ৰাজনৈতিক দায়িত্ব ভালদৰে চম্ভালিব পাৰিব ।

নীতিশ কুমাৰৰ পৰিয়াল: বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে ৮ বাৰ শপত লোৱা নীতিশৰ পৰিয়ালটো অতি সৰু । তেওঁৰ পৰিয়ালৰ বেছিভাগ সদস্যই লাইমলাইটৰ পৰা দূৰত্বত থাকে । ৰাজনীতিতো তেওঁলোকৰ কোনো কাৰ্যকলাপ নাই । লালু পৰিয়ালৰ দৰে নীতিশ কুমাৰৰ একমাত্ৰ পুত্ৰ নিশান্ত কুমাৰ (৪৮ বছৰীয়া) কেতিয়াও বিতৰ্কৰ মাজলৈ অহা নাই । ৰাজনীতি ক্ষেত্ৰখনতো তেওঁ সক্ৰিয় নহয় । নিশান্তো নীতিশ কুমাৰৰ দৰে অভিযন্তা আৰু বি আই টি মেছৰাৰ পৰা স্নাতক ।

লগতে পঢ়ক: নীতিশ-নাইডু অবিহনে চৰকাৰ গঠন কৰিব পাৰিবনে বিজেপিয়ে ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.