নেশ্যনেল ডেস্ক, ১১ জুন : উত্তৰাখণ্ডৰ হৰিদ্বাৰত চাঞ্চল্যকৰ ঘটনা । এগৰাকী বাতৰি পৰিৱেশিকা আৰু তেওঁৰ ভগ্নীক অশালীন ব্যৱহাৰ একাংশ উদণ্ড যুৱকৰ । দুৰ্ব্যৱহাৰৰ বিৰোধিতা কৰাৰ বাবেই দুয়োগৰাকীৰ ওপৰত উৎপীড়ন চলোৱাৰ অভিযোগ উঠিছে ।
কেৱল এয়াই নহয় অভিযুক্তকেইটাই তেওঁলোকৰ কাপোৰ ফালি পেলোৱাৰো অভিযোগ কৰিছে ভুক্তভোগী বাতৰি পৰিৱেশিকাগৰাকীয়ে । আৰক্ষীয়ে ইতিমধ্যে সংবাদকৰ্মীগৰাকীৰ অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰিছে আৰু দুই অভিযুক্তক গ্ৰেপ্তাৰো কৰিছে ।
এই ঘটনাটো হৰিদ্বাৰ জিলাৰ বুগাৱালা আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলৰ বুলি জানিব পৰা হৈছে । তথ্য অনুসৰি যুৱতীগৰাকী ডেৰাডুনৰ এটা নিউজ চেনেলৰ বাতৰি পৰিৱেশিকা । দেওবাৰে নিশা তেওঁ ভগ্নীৰ সৈতে এখন বাহনেৰে ৰুৰকীলৈ গৈ আছিল ।
অভিযোগ অনুসৰি সেই সময়ছোৱাত দুই বাইক আৰোহী যুৱকে তেওঁলোকক অনুসৰণ কৰিছিল । দুয়োজন যুৱকে সুৰাপান কৰি আছিল । যুৱককেইজনে তেওঁলোকৰ মটৰ চাইকেলখন আমানতগড় গাঁৱৰ ওচৰৰ ঘাইপথত তেওঁলোকৰ বাহনৰ সন্মুখত ৰখাই দিছিল । যাৰ বাবে বাতৰি পৰিৱেশিকাগৰাকীয়ে তেওঁৰ বাহনখন ৰখাব লগা হৈছিল ।
এনে কাৰ্যৰ বিৰোধিতা কৰাৰ বাবেই যুৱককেইজনে দুই ভগ্নীক অশালীন ব্যৱহাৰ কৰে । অভিযোগ অনুসৰি যুৱককেইজনে দুয়োগৰাকী ভগ্নীক প্ৰহাৰ কৰাৰ লগতে তেওঁলোকৰ কাপোৰ ফালি পেলাইছিল । আনহাতে অভিযুক্তই যুৱতীগৰাকীৰ বাহনৰ খিৰিকীও ভাঙি পেলাইছিল । তাৰ পৰা ওলাই আহিয়ে বাতৰি পৰিৱেশিকাগৰাকীয়ে বুগাৱালা আৰক্ষী থানাৰ আৰক্ষী চেকপোষ্টত এই বিষয়টো সম্পৰ্কে অৱগত কৰে ।
তথ্য পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে । আনহাতে আনজন অভিযুক্ত ঘটনাস্থলীৰ পৰা পলায়ন কৰে কিন্তু সোমবাৰে সেইজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলক অৰ্জুন আৰু শিৱম বুলি চিনাক্ত কৰা হৈছে । বুগাৱালা আৰক্ষীৰ মতে অভিযুক্ত দুয়োজনক আদালতত হাজিৰ কৰোৱা হৈছে আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ।