ETV Bharat / bharat

NEET-UG প্ৰশ্নকাকত খেলিমেলিৰ অভিযোগৰ আবেদন পৰীক্ষা কৰিবলৈ সন্মত ছুপ্ৰিম কোৰ্ট - NEET UG Row

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 12:24 PM IST

Supreme Court on NEET UG : ন্যায়াধীশ চি টি ৰবিকুমাৰ আৰু ন্যায়াধীশ মনোজ মিশ্ৰক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে আবেদনকাৰীৰ অধিবক্তাৰ আবেদন পৰীক্ষা কৰিবলৈ সন্মত হৈছে । আবেদনত দাবী কৰা হৈছে যে NEET-UG পৰীক্ষা দিয়া তেওঁৰ মক্কেলৰ অ' এম আৰ শ্বীট সলনি কৰা হৈছিল । উল্লেখ্য, NEET-UG, ২০২৪ মে'ৰ ৫ তাৰিখে অনুষ্ঠিত হৈছিল আৰু পৰীক্ষাত অনিয়মৰ অভিযোগৰ পিছত কেন্দ্ৰই চি বি আই তদন্তৰ নিৰ্দেশ দিয়ে ।

Supreme Court on NEET UG
NEET-UG প্ৰশ্নকাকত খেলিমেলি সন্দৰ্ভত ছুপ্ৰিমক কোৰ্টত শুনানি (ETV Bharat File Photo)

নিউজ ডেস্ক, ২ জুলাই : উচ্চতম ন্যায়ালয়ে সোমবাৰে NEET-UG, 2024-ত অ' এম আৰ শ্বীট খেলিমেলি কৰাৰ অভিযোগত কৰা আবেদন দুসপ্তাহৰ পিচত পৰীক্ষা কৰিবলৈ সন্মত হৈছে । ন্যায়াধীশ চি টি ৰবিকুমাৰ আৰু ন্যায়াধীশ মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে আবেদনকাৰীৰ অধিবক্তাক কয় যে পৰীক্ষা (পুনৰ পৰীক্ষা) ২৩ জুনত শেষ হৈছে ।

আনহাতে, অধিবক্তাই দাবী কৰে যে চিকিৎসা প্ৰৱেশ পৰীক্ষা দিয়া তেওঁৰ মক্কেলৰ অ' এম আৰ শ্বীট সলনি কৰা হৈছিল । বিচাৰপীঠে অধিবক্তাক কয় যে তেওঁৰ মক্কেলে ২৩ জুনত অনুষ্ঠিত পুনৰ পৰীক্ষাত উপস্থিত হ'বলৈ অনুমতি বিচাৰিছিল । ইফালে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ অধিবক্তাই আদালতক দুসপ্তাহৰ পিচত শুনানিৰ বাবে আবেদনৰ তালিকা প্ৰস্তুত কৰিবলৈ অনুৰোধ জনায় ।

আদালতৰ সন্মুখত যুক্তি দিয়া হৈছিল যে অনিয়মৰ অভিযোগ উত্থাপন কৰা আৰু NEET-UG বাতিল কৰিবলৈ বিচৰা আন কেইবাখনো আবেদন শীৰ্ষ আদালতত বিচাৰাধীন হৈ আছে । আৰম্ভণিতে বিচাৰপীঠে কৈছিল যে আদালতে অহা সপ্তাহত শুনানিৰ বাবে আবেদনৰ তালিকা প্ৰস্তুত কৰিব । তাত হয়তো তেওঁৰ আবেদনো থাকিব পাৰে । তাৰ পিচত শীৰ্ষ ন্যায়ালয়ে বিষয়টো দুসপ্তাহৰ পিচত শুনানিৰ বাবে নিৰ্ধাৰণ কৰে ।

উল্লেখ্য, বিগত সপ্তাহত শীৰ্ষ ন্যায়ালয়ে এখন পৃথক আবেদনৰ শুনানিৰ সময়ত এন টি এক এইটো অৱগত কৰিবলৈ কৈছিল যে NEET-UG, 2024-ত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলক প্ৰদান কৰা অ' এম আৰ শ্বীট সম্পৰ্কীয় অভিযোগ উত্থাপন কৰাৰ কোনো সময়সীমা আছে নেকি ।

পৰীক্ষা সম্পৰ্কীয় আন অমীমাংসিত আবেদনসমূহ ৮ জুলাইত শুনানিৰ বাবে গ্ৰহণ কৰিব । ৫ মে'ত অনুষ্ঠিত NEET-UG, ২০২৪ প্ৰশ্নকাকত ফাদিলকে ধৰি বিভিন্ন অনিয়মৰ অভিযোগত বিতৰ্কৰ সৃষ্টি হৈছে । কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ চি বি আই তদন্তৰ নিৰ্দেশ দিছে আৰু এন টি এৰ সঞ্চালক প্ৰধানকো অপসাৰণ কৰিছে ।

লগতে পঢ়ক :NEET এটা বাণিজ্যিক পৰীক্ষা, কেৱল ধনী ছাত্ৰ-ছাত্ৰীৰ বাবে পতা হৈছে : সদনত ৰাহুল গান্ধীৰ উদাত্ত ভাষণ - 18th lok sabha 1st session
লগতে পঢ়ক :NEET-UG পৰীক্ষা বিতৰ্ক: শিক্ষা মন্ত্ৰণালয়ৰ উচ্চস্তৰীয় সমিতিৰ প্ৰথম বৈঠক - NEET UG Exam Row

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.