ETV Bharat / bharat

NEET-UG 2024 কাউন্সেলিং প্ৰক্ৰিয়াত বিলম্ব : জুলাইৰ শেষত কাউন্সেলিং আৰম্ভ হোৱাৰ সম্ভাৱনা - NEET UG Counselling

NEET-UG Counselling: স্নাতক (NEET UG) ২০২৪ৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা-সহ-প্ৰৱেশ পৰীক্ষাৰ কাউন্সেলিং প্ৰক্ৰিয়া পৰৱৰ্তী জাননীলৈ পিছুৱাই দিয়া হৈছে । ৬ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া NEET-UG কাউন্সেলিঙৰ কাম পলম কৰিবলৈ উচ্চতম ন্যায়ালয়ে অস্বীকাৰ কৰাৰ পিছতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে ।

author img

By PTI

Published : Jul 6, 2024, 4:45 PM IST

NEET-UG Counselling
NEET-UG 2024 কাউন্সেলিং প্ৰক্ৰিয়াত বিলম্ব (ETV BHARAT ASSAM)

নিউজ ডেস্ক, ৬ জুলাই: NEET-UG ৰ কাউন্সেলিং পৰৱৰ্তী জাননীলৈ পিছুৱাই দিয়া হৈছে । আজিৰ পৰা অৰ্থাৎ ৬ জুলাইৰ পৰা কাউন্সেলিং আৰম্ভ হ’ব লাগিছিল । উচ্চতম ন্যায়ালয়ে NEET-UGৰ কাউন্সেলিং পিছুৱাই দিবলৈ অস্বীকাৰ কৰাৰ পাচতেই এই তথ্য পোহৰলৈ আহে ।

NEET পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল আৰু অন্যান্য অনিয়মৰ অভিযোগৰ পিচত এই সিদ্ধান্ত লোৱা হৈছে । ANIয়ে সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি NEET-UGৰ কাউন্সেলিং শনিবাৰে পৰৱৰ্তী জাননীলৈ নিদিয়ালৈ পিছুৱাই দিয়া হৈছে । বৰ্তমান কাউন্সেলিঙৰ নতুন তাৰিখ ঘোষণা কৰা হোৱা নাই ।

লগতে পঢ়ক: NEET-UG 2024 পুনৰ পৰীক্ষা স্থগিতৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় - UGC NET 2024

কেন্দ্ৰীয় চৰকাৰক সমালোচনা মল্লিকাৰ্জুন খাৰ্গেৰ

এই ঘোষণাৰ কিছু সময়ৰ পাচতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি ‘X’ত এটা পোষ্ট কৰি কয়, মোদী চৰকাৰে উচ্চতম ন্যায়ালয়ক জনাইছে যে NEET-UGত কোনো প্ৰশ্নকাকত ফাদিল হোৱা নাই । কংগ্ৰেছৰ সভাপতি খাৰ্গেই কয়, "লাখ লাখ যুৱক-যুৱতীক প্ৰকাশ্যে মিছা কথা কোৱা হৈছে । তেওঁলোকৰ ভৱিষ্যৎ ধ্বংস কৰা হৈছে ।"

কংগ্ৰেছ নেতাগৰাকীয়ে আঙুলিয়াই দিয়ে যে শিক্ষা মন্ত্ৰালয়ে “কেৱল কেইটামান ঠাইতহে অনিয়ম বা গাফিলতি হৈছে” বুলি কৈছে যদিও এইটো “বিভ্ৰান্তিকৰ” । বিজেপি-আৰ এছ এছে সমগ্ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি "শিক্ষা মাফিয়া"ক উৎসাহিত কৰিছে বুলিও তেওঁ দাবী কৰে । খাৰ্গে অভিযোগ কৰে যে এন চি ই আৰ টিৰ কিতাপেই হওক বা পৰীক্ষাৰ ফাদিল হওক, মোদী চৰকাৰে আমাৰ শিক্ষা ব্যৱস্থা ধ্বংস কৰিবলৈ ষড়যন্ত্ৰ কৰিছে ।

তেওঁ লগতে চৰকাৰক দাবী জনায় যে, 'NEET-UG' পুনৰ হ’ব লাগে । স্বচ্ছ পদ্ধতিৰে অনলাইন কৰিব লাগে ।

লগতে পঢ়ক: ২১ জুনত কংগ্ৰেছৰ দেশজোৰা NEET-UG কেলেংকাৰীৰ প্ৰতিবাদ কাৰ্যসূচী - Congress To Protest NEET UG Scam

খাৰ্গেই লগতে দাবী জনায় যে সকলো "প্ৰশ্নকাকত ফাদিল কেলেংকাৰী" উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত পুংখানুপুংখভাৱে তদন্ত কৰা উচিত আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত ।

তেওঁ লগতে কয় যে, মোদী চৰকাৰে নিজৰ কুকৰ্মৰ পৰা সাৰি যাব নোৱাৰে ।

জুলাই শেষত NEET-UG, 2024ৰ বাবে কাউন্সেলিং আৰম্ভ হোৱাৰ সম্ভাৱনা

চৰকাৰী সূত্ৰই জনোৱা মতে, চলিত মাহৰ শেষৰ ফালে NEET-UG, 2024ৰ বাবে কাউন্সেলিং আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । জুলাই মাহৰ প্ৰথম সপ্তাহত কাউন্সেলিং ছেচন আৰম্ভ হোৱাৰ সম্ভাৱনা আছিল । অৱশ্যে কাউন্সেলিং কৰ্তৃপক্ষই কোনো তাৰিখ বা সূচী অৱগত কৰা নাই ।

একাংশ চিকিৎসা মহাবিদ্যালয়লৈ অনুমতি পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে আৰু অতিৰিক্ত আসন সংযোজন হোৱাৰ সম্ভাৱনা আছে বুলি সূত্ৰসমূহে প্ৰকাশ কৰে । এক চৰকাৰী সূত্ৰই জনোৱা মতে, ‘প্ৰথম ৰাউণ্ডতে নতুন কলেজৰ আসন পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত কাউন্সেলিঙৰ তাৰিখ ঘোষণা কৰা হ'ব ।" চলিত মাহৰ শেষৰ ফালে কাউন্সেলিং প্ৰক্ৰিয়া আৰম্ভ হ’ব পাৰে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰে ।

লগতে পঢ়ক: নীট পৰীক্ষাৰ ফলাফল ঘোষণা : সাধাৰণ পৰীক্ষাৰ্থীৰ কাট অব ২৭ পইণ্টলৈ বৃদ্ধি - NTA RELEASED RESULT OF NEET UG 2024

পৰীক্ষা বাতিল কৰাটো সঠিক নহয়- NTA

NEET-UG 2024 পৰীক্ষা বাতিল কৰাৰ দাবী ক্ৰমাৎ বৃদ্ধি পোৱাৰ মাজতে ৫ জুলাইত কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই উচ্চতম ন্যায়ালয়ক জনাইছিল যে পৰীক্ষা বাতিল কৰাটো সঠিক নহ’ব আৰু ইয়াৰ ফলত সৎ প্ৰাৰ্থীসকল আক্ষৰিক অৰ্থত বিপদত পৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.