ETV Bharat / bharat

NEET UG বিতৰ্ক : তদন্তৰ ভাৰ অৰ্পণ চি বি আইক - NEET UG 2024

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 9:03 AM IST

NEET Result Row: দেশজুৰি অব্যাহত NEET-UG পৰীক্ষাক লৈ তীব্ৰ বিবাদ ৷ NEET-UG 2024 ৰ প্ৰশ্নকাকত ফাদিলৰ তদন্তৰ ভাৰ অৰ্পণ কৰা হৈছে চি বি আইক । পৰীক্ষাৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ বাবে ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কে ৰাধাকৃষ্ণনৰ নেতৃত্বত গঠিত হয় 7 জনীয়া সমিতি ৷

NEET UG 2024
NEET UG বিতৰ্ক : তদন্তৰ ভাৰ অৰ্পণ চি বি আইক । (ETV Bharat Assam)

নেশ্যনেল ডেস্ক, 23 জুন: চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা NEET-UG 2024 ত সংঘটিত হোৱা চৰ্চিত অনিয়মৰ বিতং তদন্তৰ ভাৰ অৰ্পণ কৰা হৈছে চি বি আইক ।

প্ৰতিযোগিতামূলক পৰীক্ষাত হোৱা চৰ্চিত অনিয়ম বিতৰ্ক অব্যাহত থকাৰ সময়তে এই সিদ্ধান্ত লোৱা হৈছে ৷ ইয়াৰ লগতে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ সঞ্চালক প্ৰধান সুবোধ সিঙকো অপসাৰণ কৰা হৈছে আৰু পৰীক্ষা পদ্ধতিত সংস্কাৰ অনাৰ বাবে ইছৰোৰ প্ৰাক্তন মূৰব্বী কে ৰাধাকৃষ্ণনৰ নেতৃত্বত গঠন কৰা হয় এখন সাতজনীয়া সমিতি ।

লগতে পঢ়ক: NEET-NET বিতৰ্কৰ মাজতে বলৱৎ প্ৰশ্নকাকত ফাদিল বিৰোধী আইন - Anti paper leak law for exams

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই 2024 চনৰ 5 মে’ত NEET(UG) পৰীক্ষা অ’এম আৰ (কলম আৰু কাগজ) পদ্ধতিত অনুষ্ঠিত কৰে । ইয়াৰ পিছতে পৰীক্ষাৰ ক্ষেত্ৰত অনিয়ম/প্ৰতাৰণা/নকল/অসৎ কাৰ্য সংঘটিত হোৱাৰ কিছুমান গোচৰ উত্থাপন হয় আৰু এইক্ষেত্ৰত কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপন হয় ।

পৰীক্ষা প্ৰক্ৰিয়া পৰিচালনাৰ ক্ষেত্ৰত স্বচ্ছতাৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে পৰ্যালোচনাৰ অন্তত বিষয়টো কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ক বিস্তৃত তদন্তৰ বাবে ন্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে পঢ়ক: NEET-UG 2024 পুনৰ পৰীক্ষা স্থগিতৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় - UGC NET 2024

ৰাজহুৱা পৰীক্ষাত অসৎ উপায় ৰোধ কৰাৰ বাবে আৰু ইয়াৰ সৈতে জড়িত বা আনুষংগিক বিষয়ৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰই ৰাজহুৱা পৰীক্ষা (অন্যায়ৰ উপায় প্ৰতিৰোধ) আইন, 2024 প্ৰণয়ন কৰিছে বুলি চৰকাৰে জানিবলৈ দিয়ে ।

ইয়াত লগতে কোৱা হৈছে যে, "পৰীক্ষাত পৱিত্ৰতা নিশ্চিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ ৰক্ষাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধ । ইয়াৰ লগত যিকোনো ব্যক্তি/সংগঠন জড়িত হোৱা প্ৰত্যক্ষ কৰিলে কঠোৰতম ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব ।"

NEET-UG পৰীক্ষা অনুষ্ঠিত কৰা নেশ্যনেল টেষ্টিং এজেন্সী চমুকৈ এন টি এ পৰীক্ষাত সংঘটিত হোৱা অনিয়মৰ অভিযোগত ভীষণ সমালোচনাৰ সন্মুখীন হৈছে । ইয়াৰ ফলত সমগ্ৰ দেশতে সৃষ্টি হয় প্ৰতিবাদৰ ৷ প্ৰতিবাদকাৰী আৰু ৰাজনৈতিক দলসমূহে এন টি এ ভংগ কৰাৰ দাবী উত্থাপন কৰে ।

উল্লেখ্য যে, 67 গৰাকী প্ৰাৰ্থীয়ে 720 ৰ ভিতৰত 720 নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱাত বিভিন্ন মহলত উদ্বেগ বৃদ্ধি পায় । শিক্ষা মন্ত্ৰণালয়ে পৰীক্ষা প্ৰক্ৰিয়াৰ ব্যৱস্থাৰ সংস্কাৰ, তথ্য সুৰক্ষা প্ৰট’কলৰ উন্নতি আৰু এন টি এৰ কাম-কাজৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াবলৈ বিশেষজ্ঞৰ এক উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা বুলি জানিবলৈ দিয়ে ।

ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কে ৰাধাকৃষ্ণনৰ নেতৃত্বত গঠিত 7 জনীয়া সমিতিখনে অহা দুমাহৰ ভিতৰত মন্ত্ৰণালয়ত প্ৰতিবেদন দাখিল কৰিব ।

লগতে পঢ়ক: পিছুৱাই দিয়া হ’ল NEET-PG পৰীক্ষা, শীঘ্ৰেই ঘোষণা হ’ব নতুন তাৰিখ - NEET PG examination

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.