ETV Bharat / bharat

বিজাপুৰত আৰক্ষীৰ ভাতৃক অপহৰণ কৰি হত্যা নক্সালবাদীৰ

Naxalites killed Man In Bijapur : বিজাপুৰত নক্সালবাদীয়ে প্ৰথমে এজন যুৱকক অপহৰণ কৰে আৰু তাৰ পিচত তেওঁক হত্যা কৰি গাঁওখনৰ বাহিৰত পেলাই দিয়ে ।

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 2:46 PM IST

বিজাপুৰত আৰক্ষীৰ ভাতৃক অপহৰণ কৰি হত্যা নক্সালবাদীৰ
বিজাপুৰত আৰক্ষীৰ ভাতৃক অপহৰণ কৰি হত্যা নক্সালবাদীৰ

নিউজ ডেস্ক, ১১ মাৰ্চ : নক্সালবাদী অধ্যুষিত ৰাজ্য ছত্তীশগড়ত শেহতীয়াভাৱে অধিক বৃদ্ধি পাইছে নক্সালবাদীৰ আক্ৰমণৰ ঘটনা । বিশেষকৈ ৰাজ্যখনৰ বস্তাৰ বিভাগৰ বিজাপুৰ জিলাত নক্সালবাদীৰ বৰ্বৰতা নিৰন্তৰ বৃদ্ধি পাই আহিছে । শেহতীয়াকৈ দুগৰাকী বিজেপি নেতাক হত্যা কৰাৰ পিচত নক্সালবাদীয়ে আন এজন যুৱকক হত্যা কৰে । এই ঘটনাত প্ৰথমে নক্সালবাদীয়ে এজন যুৱকক তেওঁৰ ঘৰৰ পৰা উঠাই লৈ যায় আৰু তাৰ পিচত তেওঁক হত্যা কৰে ।

ঘটনাটো বিজাপুৰৰ কুত্ৰু আৰক্ষী থানা অঞ্চলত সংঘটিত হয় । শুকুৰবাৰে মাওবাদীয়ে পেথা গাঁৱৰ এজন ৩৫ বছৰীয়া যুৱকক অপহৰণ কৰে । যুৱকজনৰ নাম হৈছে কুচু হেমলা । আনহাতে, পৰিয়ালৰ সদস্যসকলে যুৱকজনৰ বিচাৰ-খোচাৰ কৰে যদিও যুৱকজনক ক'তো বিচাৰি পোৱা নাছিল । তাৰ দুদিন পিচত দেওবাৰে নিশা পটা কুত্ৰুৰ ওচৰৰ পথৰ কাষত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় । অতিৰিক্ত আৰক্ষী অধীক্ষক চন্দ্ৰকান্ত গৱৰ্ণই এই কথা নিশ্চিত কৰে ৷

উল্লেখ্য যে, মৃত যুৱকজনৰ দুয়োগৰাকী ভাতৃ আৰক্ষীত কৰ্মত । তেওঁলোক বস্তাৰৰ বিভিন্ন স্থানত দায়িত্ব পালন কৰি আছে । এইটোও কোৱা হৈছে যে নক্সালবাদীয়ে যুৱকজনক আৰক্ষীৰ ইনফৰ্মাৰ বুলি অভিযোগ কৰি তেওঁক অপহৰণ কৰে আৰু তাৰ পিচত হত্যা কৰে । চলিত মাৰ্চ মাহৰ প্ৰথম সপ্তাহটো বিজাপুৰত নক্সালবাদীয়ে দুজন বিজেপি নেতাক হত্যা কৰে ।

বিজেপি নেতা কৈলাস নাগক কোটমেটা অঞ্চলৰ পৰা অপহৰণ কৰে । তাৰ পিচত তেওঁক গুলীয়াই হত্যা কৰে । ইয়াৰ পূৰ্বে মাওবাদীয়ে বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা বিজেপি নেতা তিৰুপতি কাটলাক চোকা অস্ত্ৰৰে হত্যা কৰে ।

লগতে পঢ়ক : হিমাচলৰ ৬ কংগ্ৰেছ বিধায়কক অযোগ্য ঘোষণা; শীৰ্ষ আদালতত আবেদন দাখিল ৰাজ্য চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.