ETV Bharat / bharat

দেশৰ প্ৰথম পাৰমাণৱিক সক্ষম বেলিষ্টিক মিছাইল ছাবমেৰিন 4 মুকলি নৌসেনাৰ

Navy Launched SSBN : এই ছাবমেৰিনে 3,500 কিলোমিটাৰ পৰিসৰলৈকে কে-4 পাৰমাণৱিক বেলিষ্টিক মিছাইল উৎক্ষেপণ কৰিবলৈ সক্ষম ।

Navy Launched SSBN
দেশৰ প্ৰথম পাৰমাণৱিক সক্ষম বেলিষ্টিক মিছাইল ছাবমেৰিন 4 মুকলি নৌসেনাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

নিউজ ডেস্ক : পাৰমাণৱিক শক্তি বৃদ্ধিৰ ক্ষেত্ৰত আন এক পদক্ষেপ ভাৰতৰ । প্ৰাপ্ত খবৰ অনুসৰি, ভাৰতীয় নৌসেনাই বিশাখাপট্টনমৰ উপকূলত দেশৰ প্ৰথমখন পাৰমাণৱিক সক্ষম বেলিষ্টিক মিছাইল ছাবমেৰিন ৪ (এছ এছ বি এন) আনুষ্ঠানিকভাৱে মুকলি কৰে ।

অনুমান কৰা মতে, এই উদ্বোধনী কাৰ্যসূচী বিশাখাপট্টনমৰ জাহাজ নিৰ্মাণ কেন্দ্ৰত অনুষ্ঠিত হৈছিল । তেলেংগানাৰ বিকাৰাবাদ জিলাৰ দামাগুণ্ডমত ভি এল এফ ৰাডাৰ ষ্টেচনৰ আধাৰশিলা স্থাপন কৰাৰ পিচদিনা এই অনুষ্ঠানটো অনুষ্ঠিত হোৱা বুলি বাতৰিত প্ৰকাশ ।

Navy Launched SSBN
বেলিষ্টিক মিছাইল ছাবমেৰিন 4 (ETV Bharat)

এছ এছ বি এন আৰিঘাট নামৰ এই ছাবমেৰিনখন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চলিত বছৰৰ আগষ্ট মাহত নৌসেনাক হস্তান্তৰ কৰিছিল । নৌসেনাৰ বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি, এই শৃংখলাৰ চতুৰ্থ ছাবমেৰিন আই এন এছ অৰিধামান অহা বছৰৰ ভিতৰত সাজু হ'ব । নাডুৱে প্ৰকাশ কৰা মতে, এই ছাবমেৰিনে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শত্ৰুৰ মোকাবিলাত উত্তম ভূমিকা পালন কৰিব ।

এই ছাবমেৰিনবোৰক সাধাৰণতে সুৰক্ষাৰ কাৰণত প্ৰাৰম্ভিক কোড নামেৰে উল্লেখ কৰা হয় । এই ক্ৰমত আই এন এছ চক্ৰক 'এছ1' বুলি নামকৰণ কৰা হৈছিল । অৰিহন্তক এছ2, অৰিঘাটক এছ3 আৰু অৰিধামানক এছ4 হিচাপে নামকৰণ কৰা হৈছে । নতুনকৈ মুকলি কৰা ছাবমেৰিনখনৰ কোড নাম এছ4* দিয়া হৈছে । অৱশ্যে সোনকালেই ইয়াৰ এক আনুষ্ঠানিক নাম দিয়া হ'ব । এই পাৰমাণৱিক ছাবমেৰিনখন প্ৰায় ৭৫ শতাংশ থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে ।

এই ছাবমেৰিনে 3,500 কিলোমিটাৰ পৰিসৰলৈকে কে-4 পাৰমাণৱিক বেলিষ্টিক মিছাইল উৎক্ষেপণ কৰিবলৈ সক্ষম । এই মিছাইলবোৰ উলম্বভাৱে উৎক্ষেপণ কৰিব পাৰি । অৱশ্যে এছ এছ বি এন শৃংখলাৰ প্ৰথম প্ৰজন্মৰ পাৰমাণৱিক ছাবমেৰিন আই এন এছ অৰিহন্তে 750 কিলোমিটাৰ পৰিসৰৰ কে-15 পাৰমাণৱিক মিছাইল উৎক্ষেপণ কৰিবলৈ সক্ষম । পৰৱৰ্তী সময়ত উন্নীত কৰা ছাবমেৰিনবোৰে কে-4 মিছাইল উৎক্ষেপণ কৰিবলৈ সক্ষম ।

লগতে পঢ়ক :ডানাৰ প্ৰভাৱ; দুদিনলৈ ভক্তৰ বাবে বন্ধ থাকিব জগন্নাথ মন্দিৰো
লগতে পঢ়ক :পাঁচ বছৰত অৰুণাচলৰ আন্তঃগাঁথনি অধিক উন্নয়নৰ লক্ষ্য মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.