ETV Bharat / bharat

ব্ৰিটেইনত নগা মানৱ লাওখোলা নিলামৰ বিৰোধিতা নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ

Naga ancestors skull: ইউনাইডেট কিংডমত নগা মানৱ কংকাল নিলাম কৰিবলৈ ওলোৱা কাৰ্যত খেদ প্ৰকাশ কৰিছে নেইফিউ ৰিঅ’ই ৷ বিদেশ মন্ত্ৰীৰ হস্তক্ষেপ দাবী ৷

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Naga ancestors skull
Nagaland CM and EAM of India (X handle)

নিউজ ডেস্ক, 8 অক্টোবৰ: নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ পত্ৰ প্ৰেৰণ কৰি ইউনাইটেড কিংডমত থকা ভাৰতীয় উচ্চায়ুক্তৰ সৈতে যোগাযোগৰ দ্বাৰা ‘ইউনাইটেড কিংডমত নিলাম হৈ থকা নগা মানৱ কংকাল’ৰ নিৰ্ধাৰিত নিলাম বন্ধ কৰাৰ আহ্বান জনাইছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে টেটছৱৰ্থত থকা শ্বোৱান ফাইন আৰ্টৰ দ্বাৰা নিলামৰ বাবে তালিকাভুক্ত কৰা হৈছে নগা মানুহৰ এটা লাওখোলা । ২০২৪ চনৰ ৯ অক্টোবৰত অনুষ্ঠিত হ’ব এই নিলাম ।

ব্ৰিটেইনৰ টেটছৱৰ্থৰ শ্বোৱান ফাইন আৰ্টে এদিনীয়া নিলামৰ আয়োজন কৰিছে য’ত নগা মানুহৰ লাওখোলা এটা ১৯ শতিকাৰ শিংযুক্ত নগা মানুহৰ লাওখোলা হিচাপে তালিকাভুক্ত কৰা হৈছে । এই লাওখোলাটোৰ মূল্য ৩৫০০ ৰ পৰা ৪০০০ ইউ কে পাউণ্ড আৰু ইয়াক বেলজিয়ামৰ এক্স ফ্ৰান্সিঅ’ছ কপেন্স সংগ্ৰহৰ পৰা পোৱা গৈছে বুলি উল্লেখ কৰা হৈছে ।

নগা পূৰ্বপুৰুষৰ লাওখোলাটো, "The Curious Collector's Sale" শীৰ্ষক নিলামৰ অংশ আৰু ইয়াক প্ৰাচীন গ্ৰন্থ, পাণ্ডুলিপি, চিত্ৰ, গহনা, চিৰামিক আৰু আচবাবৰ সৈতে তালিকাভুক্ত কৰা হৈছে । উল্লেখ্য যে Forum for Naga Reconciliation (FNR) এ এই অমানৱীয় আৰু হিংসাত্মক প্ৰথাক নিন্দা কৰিছিল য'ত থলুৱা পূৰ্বপুৰুষৰ মানৱ অৱশিষ্ট একবিংশ শতিকাতো সংগ্ৰাহকৰ সামগ্ৰী হৈয়েই আছে ।

এফ এন আৰৰ আহ্বায়ক ৱাটি আইয়েৰে কয় যে নগা গাঁৱৰ মানুহে ব্ৰিটিছৰ শাস্তিমূলক অভিযানক প্ৰতিহত কৰাৰ সময়তো ১৯ শতিকাত নগা গৃহভূমি দখল কৰা ব্ৰিটিছ ঔপনিৱেশিক প্ৰশাসক আৰু সৈনিকসকলে মানুহৰ সন্মতি অবিহনে নগা মানৱ অৱশিষ্টসমূহ নিজৰ কৰি লৈছিল ।

"এই মানৱ অৱশিষ্টসমূহ ব্ৰিটিছ ঔপনিৱেশিক শক্তিয়ে নগাসকলৰ ওপৰত চলোৱা হিংসাৰ প্ৰতীক । আমি ক্ষুণ্ণ আৰু গভীৰভাৱে ব্যথিত যে এজন নগা পূৰ্বপুৰুষৰ লাওখোলা নিলাম কৰা হৈছে । ৯ অক্টোবৰৰ নিলাম তৎক্ষণাত বন্ধ কৰি নগা জনগোষ্ঠীৰ আহ্বানক সন্মতি জনাওক ।" তেওঁ কয় ৷

এফ এন আৰে দুটা উদাহৰণো উল্লেখ কৰিছে য’ত পূৰ্বতে এনে নিলাম বন্ধ কৰা হৈছিল ৷ ইজিপ্তত মানুহৰ লাওখোলা বিক্ৰী আৰু স্কটলেণ্ডৰ এংগাছৰ কংকালৰ অৱশিষ্ট বিক্ৰী প্ৰত্যাহাৰ কৰাৰ উদাহৰণ দাঙি ধৰে তেওঁলোকে ।

আপত্তি আৰু তথ্যৰ পিছতে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই ব্ৰিটেইনত নিলাম বন্ধ কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সহায় বিচাৰি পত্ৰ লিখিছে । নগা পূৰ্বপুৰুষৰ লাওখোলা বিক্ৰীৰ প্ৰস্তাৱক নগা জনগোষ্ঠীৰ বাবে আৱেগিক আৰু পবিত্ৰ বিষয় বুলি অভিহিত কৰি ৰিঅ’ই জয়শংকৰক আহ্বান জনাই যে নিলাম বন্ধ কৰি নগাসকলৰ অধিকাৰ আৰু আৱেগ যাতে সুৰক্ষিত কৰা হয় ।

লগতে পঢ়ক: বান্দৰে বান্দৰ খেদি সুৰক্ষা দিব UPSCৰ মুখ্য কাৰ্যালয় ! প্ৰকাশ পাব নিবিদা - Union Public Service Commission

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.